নগাঁৱত শোকাৱহ দুৰ্ঘটনা; বাহনৰ সৈতে বাইকৰ সংঘৰ্ষ, প্ৰাণ হেৰুৱালে তিনি যুৱকে | Tragic Road Accident in Nagaon’s Kanchanpur Claims Lives of Three Youths Assam news - Assam Tv9

নগাঁৱত শোকাৱহ দুৰ্ঘটনা; বাহনৰ সৈতে বাইকৰ সংঘৰ্ষ, প্ৰাণ হেৰুৱালে তিনি যুৱকে

Updated On: 

01 Dec 2025 | 12:03 PM

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় ৰূপহীহাট আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ তিনিটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

1 / 5এক ভয়ংকৰ পথ দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে নগাঁও জিলাৰ কাঞ্চনপুৰ অঞ্চল। যোৱা নিশা সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিবলগা হৈছে তিনিগৰাকীকৈ যুৱকে।

এক ভয়ংকৰ পথ দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে নগাঁও জিলাৰ কাঞ্চনপুৰ অঞ্চল। যোৱা নিশা সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটিবলগা হৈছে তিনিগৰাকীকৈ যুৱকে।

2 / 5

নগাঁও জিলাৰ ৰূপহীহাটত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত তিনিওজন যুৱকে থিতাতে প্ৰাণ হেৰুৱায়। নিহত যুৱক তিনিজন একেখন বাইকেৰে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে।

3 / 5

প্ৰকাশিত খবৰ অনুসৰি যুৱক তিনিজনে নগাঁৰ ৰূপহীৰ পৰা বালিগাঁও অভিমুখে যাত্ৰা কৰিছিল। পথত কোনো বাহনৰ সৈতে সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

4 / 5

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় ৰূপহীহাট আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ তিনিটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

5 / 5

আৰক্ষীয়ে ইতিমধ্যে নিহত যুৱককেইজনক চিনাক্ত কৰিছে। যুৱক তিনিজনৰ নাম ক্ৰমে ৰাজদুল, মেহেদী আলম আৰু ছাকিল আহমেদ বুলি জানিব পৰা গৈছে। তিনিওজন যুৱক কাঞ্চনপুৰ গাঁৱৰ বাসিন্দা আছিল। সম্প্ৰতি ঘটনাৰ সঠিক কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰূপহীহাট আৰক্ষীয়ে।

সাৱধান! কি কি ৰোগত আক্ৰান্ত ৰোগীয়ে বীট খোৱাটো অনুচিত জানক
ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
প্ৰয়োজনতকৈ অধিক খাদ্য খালে শৰীৰে কি কি ইংগিত দিয়ে, জানক...
৩০ দিন একেৰাহে জিৰা পানী খালে শৰীৰৰ কি কি পৰিবৰ্তন হ'ব?জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি