02 Oct 2025 | 10:50 AM
ৰাজ্যত সংঘটিত হৈছে আন এক শোকাৱহ দুৰ্ঘটনা। মহা নৱমীৰ দিনা নিশা টীয়কত দুৰ্ঘটনাত পতিত ভগামুখ আৰক্ষীৰ বাহন।
পথৰ দাঁতিৰ দ' খাৱৈত বাগৰি পৰিল আৰক্ষীৰ বাহন। দুৰ্ঘটনাত নিহত হয় ভগামুখ থানাৰ OC সত্যন্দ্ৰ মালাকাৰ।
জানিব পৰা মতে, ভগামুখৰ দিশৰ পৰা পৰা বনাইৰ অভিমুখে আহি থকা অৱস্থাত মৰিজাঁজীত দুৰ্ঘটনাত পতিত হয় বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত ৫ জন আৰক্ষী আৰু এজন স্থানীয় লোক আছিল।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যন্দ্ৰ মালাকাৰ, উপ পৰিদৰ্শক মৰমী নাথ, স্থানীয় ব্যক্তি পৱন গগৈ, এজন কামণ্ড আৰু দুজন আৰক্ষী কনিষ্টবল। চিকিৎসালয়ত মৃত্যু হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যন্দ্ৰ মালাকাৰৰ।
দুৰ্ঘটনাত পতিত হোৱা আৰক্ষীৰ বাহনৰ গ্লাছ ভাঙি আহত লোককেইজনক ততাতৈয়াকৈ টীয়ক FRU লৈ প্ৰেৰণ কৰে স্থানীয় লোকে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যন্দ্ৰ মালাকাৰে নিজেই চালকৰ আসনত আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে। গুৰুতভাৱে আহত পৱন গগৈক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।