চৰ্দি-কাহৰ পৰা উপশম পাবলৈ পাকঘৰৰ এই মছলা অতি উপকাৰী... | Top Spices for Natural Relief from Colds and Cough Assam news - Assam Tv9

Spices for Cold Relief : চৰ্দি-কাহৰ পৰা উপশম পাবলৈ পাকঘৰৰ এই মছলা অতি উপকাৰী…

Updated On: 

11 Nov 2024 07:09 AM

পাকঘৰত ৰখা মছলাবোৰ সোৱাদ আৰু সুগন্ধিৰ লগতে ঔষধি গুণেৰে ভৰপূৰ । সেয়েহে ই বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিয়াত ফলপ্ৰসূ । গতিকে এনে মছলাৰ বিষয়ে জানক যিয়ে শীতকালত আপোনাক চৰ্দি, কাহ, ডিঙিৰ বিষৰ দৰে সমস্যাৰ পৰা উপশম দিব পাৰে ।

1 / 5এতিয়া বতৰ গৰমৰ পৰা ঠাণ্ডালৈ সলনি হ'বলৈ আৰম্ভ কৰিছে । এই সময়ছোৱাত ৰাতি ঠাণ্ডা আৰু দিনত গৰম অনুভৱ কৰা যায় । শীতকালত গৰম কাপোৰেৰে শৰীৰটো গৰম কৰি ৰখাই নহয়, ভিতৰৰ পৰা উষ্ণতা প্ৰদান কৰা বস্তু সেৱন কৰাৰ প্ৰয়োজন হয় । তেতিয়াহে আপুনি ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিব পাৰিব। শীতকালত আটাইতকৈ সাধাৰণ স্বাস্থ্যজনিত সমস্যা হ’ল চৰ্দি, মূৰৰ বিষ, জ্বৰ অনুভৱ, ডিঙিৰ বিষ আৰু কাহ। এই সমস্যাবোৰৰ পৰা সকাহ পাবলৈ ঘৰুৱা উপায় অতি ফলপ্ৰসূ ।

এতিয়া বতৰ গৰমৰ পৰা ঠাণ্ডালৈ সলনি হ'বলৈ আৰম্ভ কৰিছে । এই সময়ছোৱাত ৰাতি ঠাণ্ডা আৰু দিনত গৰম অনুভৱ কৰা যায় । শীতকালত গৰম কাপোৰেৰে শৰীৰটো গৰম কৰি ৰখাই নহয়, ভিতৰৰ পৰা উষ্ণতা প্ৰদান কৰা বস্তু সেৱন কৰাৰ প্ৰয়োজন হয় । তেতিয়াহে আপুনি ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিব পাৰিব। শীতকালত আটাইতকৈ সাধাৰণ স্বাস্থ্যজনিত সমস্যা হ’ল চৰ্দি, মূৰৰ বিষ, জ্বৰ অনুভৱ, ডিঙিৰ বিষ আৰু কাহ। এই সমস্যাবোৰৰ পৰা সকাহ পাবলৈ ঘৰুৱা উপায় অতি ফলপ্ৰসূ ।

2 / 5

পাকঘৰত ৰখা মছলাবোৰ সোৱাদ আৰু সুগন্ধিৰ লগতে ঔষধি গুণেৰে ভৰপূৰ । সেয়েহে ই বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিয়াত ফলপ্ৰসূ । গতিকে এনে মছলাৰ বিষয়ে জানক যিয়ে শীতকালত আপোনাক চৰ্দি, কাহ, ডিঙিৰ বিষৰ দৰে সমস্যাৰ পৰা উপশম দিব পাৰে ।

3 / 5

হালধিৰ গাখীৰ শীতকালত খাব পাৰে । ইয়াৰ আঁৰৰ কাৰণ হ’ল ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বিশেষজ্ঞৰ মতে হালধি গাখীৰ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাই নহয়, চৰ্দি আৰু কাহও প্ৰতিৰোধ কৰে। ইয়াৰ বাহিৰেও কাহ হ’লে কেৰাহীত হালধি লাহে লাহে ভাজি কুহুমীয়া পানীৰ লগত খালে কাহৰ পৰা উপশম পোৱা যায়।

4 / 5

চৰ্দি আৰু কাহৰ পৰা সকাহ দিয়াত জালুক অতি উপকাৰী । জালুক চাহত দি সেৱন কৰিব পাৰে। ইয়াৰ বাহিৰেও বিশেষজ্ঞসকলে কয় যে, হালধি গাখীৰত জালুক মিহলাই খাব লাগে। শিশুৱে জালুক খাবলৈ ভাল নাপায়, গতিকে জালুকৰ গুড়ি আৰু অলপ মৌ মিহলাই খাবলৈ দিব পাৰে।

5 / 5

ডিঙিৰ বিষ হ’লে এটা লং কিছু সময়ৰ বাবে মুখত ৰাখিব লাগে। ইয়াৰ ফলত কাহৰ পৰাও সকাহ পাব। ইয়াৰ বাহিৰেও তুলসী আৰু লং চৰ্দি আৰু কাহ দৰে ৰোগৰ বাবে অতি উপকাৰী । ঋতুজনিত ৰোগৰ বাবে আপুনি তুলসী আৰু লং খাব পাৰে ।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?