সুন্দৰ কাহিনীৰ পিছতো বলীউডৰ এই ছবিকেইখন নহ'ল হিট, বক্স অফিচৰ উপাৰ্জন জানি হ'ব আচৰিত! | Top 5 biggest flop film of Bollywood, Know the movie name Assam news - Assam Tv9

সুন্দৰ কাহিনীৰ পিছতো বলীউডৰ এই ছবিকেইখন নহ’ল হিট, বক্স অফিচৰ উপাৰ্জন জানি হ’ব আচৰিত!

barasha-misra
Published: 

21 Mar 2025 15:48 PM

এনে বহু বলীউড চিনেমা আছে, যিবোৰ শ্বাহৰুখ খান, ৰণবীৰ কাপুৰৰ দৰে ডাঙৰ ছুপাৰষ্টাৰেও ডুব যোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। ছবিকেইখন বেছি বাজেটৰ আছিল যদিও, বক্স অফিচত আদায় কৰিব নোৱাৰিলে ধন। আজি জানক বলীউডৰ ৫ খন ডাঙৰ ফ্লপ ছবিৰ বিষয়ে।

1 / 7২০২৩ চনত মুক্তি পোৱা ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’ৰ সকলোতে চৰ্চা চলিছিল। তেওঁৰ ছবিখনে বিশ্বজুৰি ৯০০ কোটিতকৈ অধিক উপাৰ্জন কৰি ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছিল। অৱশ্যে কেইবছৰমান আগতে ৰণবীৰৰ দুখন ছবি বেয়াকৈ ফ্লপ হৈছিল।

২০২৩ চনত মুক্তি পোৱা ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’ৰ সকলোতে চৰ্চা চলিছিল। তেওঁৰ ছবিখনে বিশ্বজুৰি ৯০০ কোটিতকৈ অধিক উপাৰ্জন কৰি ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছিল। অৱশ্যে কেইবছৰমান আগতে ৰণবীৰৰ দুখন ছবি বেয়াকৈ ফ্লপ হৈছিল।

2 / 7আজি আপোনালোকক জনাম ৰণবীৰ কাপুৰৰ সেই দুখন ছবিকে ধৰি আন পাঁচখন বলীউড ছবিৰ কথা, যিবোৰে বক্স অফিচত ফ্লপ হ’ল। বিশেষ কথাটো হ’ল সেই ছবিবোৰত বলীউডৰ শীৰ্ষ অভিনেতাসকলক দেখা গৈছিল।

আজি আপোনালোকক জনাম ৰণবীৰ কাপুৰৰ সেই দুখন ছবিকে ধৰি আন পাঁচখন বলীউড ছবিৰ কথা, যিবোৰে বক্স অফিচত ফ্লপ হ’ল। বিশেষ কথাটো হ’ল সেই ছবিবোৰত বলীউডৰ শীৰ্ষ অভিনেতাসকলক দেখা গৈছিল।

3 / 7ৰণবীৰ কাপুৰৰ প্ৰথমখন ছবি আছিল ২০১৫ চনত মুক্তি পোৱা ‘বম্বে ভেলভেট’, যিখন ছবি পৰিচালনা কৰিছিল অনুৰাগ কাশ্যপে। অনুষ্কা শৰ্মাকো এই ছবিখনত দেখা গৈছিল। বক্স অফিচ ইণ্ডিয়াৰ তথ্য অনুসৰি এই ছবিখনৰ বাজেট আছিল ১১৮ কোটি টকা আৰু ছবিখনৰ মুঠ সংগ্ৰহ আছিল বিশ্বজুৰি ৪৩.১৩ কোটি টকা।

ৰণবীৰ কাপুৰৰ প্ৰথমখন ছবি আছিল ২০১৫ চনত মুক্তি পোৱা ‘বম্বে ভেলভেট’, যিখন ছবি পৰিচালনা কৰিছিল অনুৰাগ কাশ্যপে। অনুষ্কা শৰ্মাকো এই ছবিখনত দেখা গৈছিল। বক্স অফিচ ইণ্ডিয়াৰ তথ্য অনুসৰি এই ছবিখনৰ বাজেট আছিল ১১৮ কোটি টকা আৰু ছবিখনৰ মুঠ সংগ্ৰহ আছিল বিশ্বজুৰি ৪৩.১৩ কোটি টকা।

4 / 7

দ্বিতীয়খন ছবি হৈছে ২০১৭ চনত মুক্তি পোৱা ‘জগ্গা জাছুছ’। অনুৰাগ বসুৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৰনবীৰৰ বিপৰীতে দেখা গৈছিল কেটৰিনা কাইফক। ছবিখন নিৰ্মাণৰ বাবে নিৰ্মাতাসকলে ১৩১ কোটি টকা ব্যয় কৰিছিল আৰু বিশ্বজুৰি এই ছবিখনে ৮৬.৮৫ কোটি টকা উপাৰ্জন কৰিছিল।

5 / 7

এই তালিকাত আছে ২০১৮ চনত মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি ‘জিৰ’ৰ নাম আছে। কেটৰিনা কাইফ আৰু অনুষ্কা শৰ্মাও এই ছবিখনৰ অংশ আছিল। ছবিখনৰ বাজেট আছিল ২৭০ কোটি টকা আৰু ছবিখনে বিশ্বব্যাপী বক্স অফিচত ১৯১.৪৩ কোটি টকা সংগ্ৰহ কৰে। এই ছবিখনৰ বিফলতাৰ পিছত প্ৰায় চাৰি বছৰ ধৰি শ্বাহৰুখ কোনো ছবিত অভিনয় নকৰিলে আৰু তাৰ পিছত তেওঁ ‘পথান’ ছবিৰে কামবেক কৰে।

6 / 7

আমিৰ খানৰ দুখন ছবি এই তালিকাত অন্তৰ্ভুক্ত। ২০১৮ চনৰ প্ৰথমখন ছবি হৈছে ‘থগছ অৱ হিন্দুস্তান’। আমিৰৰ লগতে অমিতাভ বচ্চন, কেটৰিনা কাইফ আৰু ফাতিমা ছানা শ্বেইখো এই ছবিখনৰ অংশ আছিল। ছবিখনৰ বাজেট আছিল ৩১০ কোটি টকা আৰু বিশ্বজুৰি ইয়াৰ উপাৰ্জন মাত্ৰ ২৪৫.০৮ কোটি টকা। ছবিখনে খৰচো আদায় কৰিব নোৱাৰিলে।

7 / 7

ইয়াৰ পিছৰ নাম ‘লাল সিং চদ্ধা’, যিখন পৰিচালনা কৰিছিল অদ্বৈত চন্দনে। ইয়াত আমিৰৰ বিপৰীতে দেখা গ’ল কৰিনা কাপুৰক। ২৭৫ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনে বিশ্বব্যাপী বক্স অফিচত মাত্ৰ ১৩২ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। সকলো উপাৰ্জন আৰু বাজেটৰ পৰিসংখ্যা বক্স অফিচ ইণ্ডিয়াৰ পৰা লোৱা হৈছে।

কিডনী ষ্টোনৰ সৈতে যুঁজি আছে নেকি ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ঘৰুৱা উপায় জানক
কোষ্ঠকাঠিন্যৰ পৰা বমি বন্ধ কৰালৈকে, নহৰু খালে এইবোৰ সমস্যাৰ পৰা পাব উপশম...
ঘৰৰ এইসমূহ স্থানত নাৰাখিব পূৰ্বপুৰুষৰ ফটো! হ'ব অমংগল...
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ! সাৱধান হৈ থাকিব এই ৰাশিৰ লোক...