Toilet Day: শৌচাগাৰৰ বাবে বিয়া ভঙাৰ সিদ্ধান্ত, অক্ষয়-ভূমিৰ ছবিখনে সকলোকে কৰিলে আচৰিত! | Toilet Day: Akshay Kumar and Bhumi Pednekar Toilet Ek Prem Katha Films unknown fact Assam news - Assam Tv9

Toilet Day: শৌচাগাৰৰ বাবে বিয়া ভঙাৰ সিদ্ধান্ত, অক্ষয়-ভূমিৰ ছবিখনে সকলোকে কৰিলে আচৰিত!

Published: 

19 Nov 2025 | 04:37 PM

বাস্তৱ জীৱনৰ ওপৰত ভিত্তি কৰি বলীউডত বহু ছবি নিৰ্মাণ হৈছে। কিন্তু তাৰ ভিতৰত এখন ছবি অন্যতম। আজি বিশ্ব শৌচাগাৰ দিৱসত অক্ষয় কুমাৰ আৰু ভূমি পেডনেকাৰৰ ছবি টয়লেট এক প্ৰেম কথাৰ কিছু আমোদজনক তথ্য আপোনালোকক জনাম।

1 / 8বলীউডৰ অভিনেতা অক্ষয় কুমাৰে নিজৰ কেৰিয়াৰৰ কেইখনমান সফল ছবিত অভিনয় কৰিছে। এটা সময়ত খিলাড়ী কুমাৰে ছবিৰে নিজৰ ভাবমূৰ্তি দৰ্শকৰ আগত সলনি কৰিছিল। আজি আমি আপোনালোকক তেনে এখন ছবিৰ বিষয়ে ক'ম।

বলীউডৰ অভিনেতা অক্ষয় কুমাৰে নিজৰ কেৰিয়াৰৰ কেইখনমান সফল ছবিত অভিনয় কৰিছে। এটা সময়ত খিলাড়ী কুমাৰে ছবিৰে নিজৰ ভাবমূৰ্তি দৰ্শকৰ আগত সলনি কৰিছিল। আজি আমি আপোনালোকক তেনে এখন ছবিৰ বিষয়ে ক'ম।

2 / 8

আমি কথা পতা ছবিখনৰ নাম টয়লেট: এক প্ৰেম কথা। এই ছবিখনৰ নাম যিমানেই আচহুৱা নহওক কিয়, ইয়াৰ কাহিনী একেবাৰে সাধাৰণ। ছবিখনে বহু ধাৰণাক গভীৰভাৱে সলনি কৰি পেলালে।

3 / 8

২০১৭ চনত মুক্তি পোৱা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অক্ষয় কুমাৰ, ভূমি পেডনেকাৰ, দিব্যেন্দু শৰ্মা, সুধীৰ পাণ্ডে, অনুপম খেৰে। তেওঁলোকৰ প্ৰত্যেকেই এক উল্লেখযোগ্য অভিনয় আগবঢ়াইছিল।

4 / 8

ছবিখনৰ কাহিনী এনে এগৰাকী মহিলাৰ ওপৰত আধিৰিত, যিয়ে বিয়া হৈ এনে এখন ঘৰলৈ গুচি যায় য’ত সকলো আছে কিন্তু শৌচাগাৰৰ দৰে মৌলিক সুবিধাৰ অভাৱ। সত্য কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখন।

5 / 8

অনিতা নাৰেৰ সত্য কাহিনীৰ ওপৰত আধাৰিৰ এই কাহিনী নিৰ্মাণ কৰা হৈছিল। ২০১২ চনত অনিতা নাৰে স্বামীৰ ঘৰৰ পৰা ওলাই আহিছিল কাৰণ তাত শৌচাগাৰ নাছিল। এই কাহিনীটো ছবিখনত চিত্ৰিত কৰা হৈছিল।

6 / 8

ছবিখনৰ কনচেপ্ট জনসাধাৰণৰ বাবে সম্পূৰ্ণ নতুন আছিল। কেৱল গীতেই নহয়, অভিনয়, কাহিনী, সংলাপেও এই ছবিখনক সঁচাকৈয়ে এক নতুন আমেজ দিছিল দৰ্শকক।

7 / 8

এই ছবিখনে বক্স অফিচত শ্বাহৰুখ খান আৰু অনুষ্কা শৰ্মাৰ বিগ বাজেটৰ ছবি ‘জব হেৰী মেট চেজল’ৰ সৈতে মুখামুখি হৈছিল আৰু শ্বাহৰুখৰ ছবিখনক অতিক্ৰম কৰিছিল।

8 / 8

টয়লেট এক প্ৰেম কথাই বক্স অফিচত ৩০০ কোটিৰো অধিক উপাৰ্জন কৰাৰ বিপৰীতে শ্বাহৰুখৰ ছবিখনে ১৫৩ কোটি টকা সংগ্ৰহ কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...