Happy Birthday Jatin Bora: আজি অভিনেতা যতীন বৰাৰ ওপজা দিন, ৫৫ টা বসন্ত গৰকিলে অভিনেতাজনে | Today is the birthday of assamese popular actor Jatin Bora Assam news - Assam Tv9

Happy Birthday Jatin Bora: আজি অভিনেতা যতীন বৰাৰ ওপজা দিন, ৫৫ টা বসন্ত গৰকিলে অভিনেতাজনে

Updated On: 

25 Apr 2025 | 10:40 AM

১৯৭০ চনত আজিৰ দিনটোতে নগাঁও জিলাত জন্ম হৈছিল অভিনেতা যতীন বৰাৰ। আজিৰ দিনটোত ৫৫ বছৰ বয়সত ভৰি দিয়ে অভিনেতাগৰাকীয়ে ৷ সামাজিক মাধ্যমত অনুৰাগীয়ে জনাইছে শুভেচ্ছা।

1 / 5অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জন্মদিন। অভিনয়ৰ জৰিয়তে দৰ্শকৰ মনত সাঁচ বহুৱাইছে অভিনেতাজনে।

অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জন্মদিন। অভিনয়ৰ জৰিয়তে দৰ্শকৰ মনত সাঁচ বহুৱাইছে অভিনেতাজনে।

2 / 5

কেইখনমান জনপ্ৰিয় ছবিৰ ভিতৰত হৈছে, কন্যাদান, দাগ, নায়ক, কইনা মোৰ ধুনীয়া, মিঠা মিঠা লগনত, জুমন-সুমন, ৰত্নাকৰ আদিৰ জৰিয়তে সকলোৰে মন জয় কৰিছে।

3 / 5

যতীন বৰা সুদক্ষ অভিনেতাৰ লগতে এগৰাকী ভাল পৰিচালকো । শেহতীয়াকৈ তেওঁ পৰিচালনা কৰা দুখন ছবি ৰত্নাকৰ আৰু ৰাঘৱে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ।

4 / 5

তেওঁ ৰূপালী পৰ্দাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো অভিনয়ৰ কৰে । সুদীৰ্ঘ ৬ টা বছৰৰ অপেক্ষাৰ অন্তত ২০২৪-২৫ নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব অভিনেতা যতীন বৰাক।

5 / 5

তেওঁৰ এই বিশেষ দিনটোত সামাজিক মাধ্যমত অজস্ৰ অনুৰাগীয়ে জনাইছে শুভেচ্ছা। পৰিয়ালৰ সৈতে কেক কাটি জন্মদিন উদযাপন কৰিলে যতীন বৰাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...