দেহৰ অতিৰিক্ত চৰ্বীক লৈ পৰিছে নেকি চিন্তাত? এইসমূহ যোগাসনে দিব সকাহ | To reduce bally fat weight lose follow these yoga asanas Assam news - Assam Tv9

দেহৰ অতিৰিক্ত চৰ্বীক লৈ পৰিছে নেকি চিন্তাত? এইসমূহ যোগাসনে দিব সকাহ

Published: 

28 Sep 2024 | 09:13 AM

দেহ আৰু মন সুস্থ কৰি ৰখাত যোগে কৰে যথেষ্ট সহায়। যোগৰ জৰিয়তে কিছুমান ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি নিজৰ দেহ। ৰোগ প্ৰতিৰোধৰ লগতে কিছুমান যোগাসনৰ দ্বাৰা পেট, উৰু আৰু কঁকালৰ চাৰিওফালে জমা হোৱা অতিৰিক্ত চৰ্বী হ্ৰাস কৰিব পাৰি। অতিৰিক্ত চৰ্বী হ্ৰাস কৰাৰ লগতে কেলৰি বাৰ্ণ কৰি এই যোগাসনসমূহে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

1 / 5বিৰভদ্ৰাসনে উৰু আৰু কঁকালৰ পেশীবোৰক শক্তিশালী কৰে আৰু পেটৰ চৰ্বী হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই যোগাসনে হজম শক্তি উন্নত কৰি তোলাৰ লগতে একাগ্ৰতাও বৃদ্ধি কৰে। এই যোগাসনেও শৰীৰক শক্তিশালী কৰে।

বিৰভদ্ৰাসনে উৰু আৰু কঁকালৰ পেশীবোৰক শক্তিশালী কৰে আৰু পেটৰ চৰ্বী হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই যোগাসনে হজম শক্তি উন্নত কৰি তোলাৰ লগতে একাগ্ৰতাও বৃদ্ধি কৰে। এই যোগাসনেও শৰীৰক শক্তিশালী কৰে।

2 / 5

উৎকতাসনৰ দ্বাৰা উৰু আৰু ভৰিৰ আঙুলিৰ পেশীবোৰ শক্তিশালী হৈ উঠে আৰু মেৰুদণ্ডৰ নমনীয়তা বৃদ্ধি পায়। এই যোগাসনে শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে, যাৰ ফলত আপুনি অধিক সতেজ আৰু সক্ৰিয় অনুভৱ কৰে। ইয়াৰ উপৰিও এই যোগ আসনৰ দ্বাৰা পেটৰ লগত জড়িত সমস্যাতো সকাহ লাভ কৰে।

3 / 5

কুম্ভকাসনে কেৱল দেহৰ ওজন হ্ৰাস কৰাত সহায় কৰাই নহয় পেশী শক্তিশালী কৰি তুলি অতিৰিক্ত চৰ্বী কমোৱাত সহায় কৰে আৰু লগতে শক্তি আৰু ভাৰসাম্য বৃদ্ধি কৰে। এই যোগাসন কৰিলে পিঠি, কান্ধ, গোৰোহাৰ লগতে ভৰিৰ পেশীবোৰো শক্তিশালী হয়। কুম্ভকাসনৰ দ্বাৰা দেহৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াও উন্নত হয়।

4 / 5

চৰ্বী হ্ৰাস কৰি ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আন এক ফলপ্ৰসূ যোগাসন হৈছে অধো মুখাসন। এই যোগাসন কৰিলে পেটৰ চৰ্বী হ্ৰাস কৰাৰ লগতে উৰু, ভৰি, কান্ধ, হাত, ডিঙি আৰু পিঠিৰ পেশীসমূহ শক্তিশালী কৰি তোলে। তদুপৰি এই যোগাসনে ভাগৰ আৰু মানসিক চাপ দূৰ কৰাতো সহায় কৰে।

5 / 5

নৌকাসনৰ দ্বাৰাও পেটৰ অতিৰিক্ত চৰ্বী হ্ৰাস কৰিব পাৰে। সমান্তৰালকৈ ইয়াৰ সহায়ত কঁকাল আৰু উৰুৰ পেশীও শক্তিশালী হয়। ইয়াৰ লগতে এই আসন হিপ ফ্লেক্স আৰু হেমষ্ট্ৰিঙৰ বাবেও ফলপ্ৰসূ ্হিচাপে বিবেচিত হয়। নৌকাসনে হাত, কান্ধ আৰু ভৰিৰ পেশীও শক্তিশালী কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...