Period Pain Relief: মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ খাওক এইবিধ চাহ! | To get rid of unbearable menstrual pain, just drink this tea! Assam news - Assam Tv9

Period Pain Relief: মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ খাওক এইবিধ চাহ!

Published: 

20 Jul 2025 22:52 PM

বহুতে মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে। ফলত এই সময়ছোৱাত বহুতে পেটৰ বিষৰ ঔষধো সেৱন কৰে। যিটো শৰীৰৰ বাবে ক্ষতিকাৰক। গতিকে দুই এটা প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰিলে মাহেকীয়াৰ সময়ত বিষৰ পৰা সকাহ পাব।

1 / 5মহিলাসকলে মাহৰ কেইটামান দিন কিছু মানসিক চাপত কটায়। সেই সময়টো হৈছে মাহেকীয়া আৰম্ভ হোৱাৰ সময়। আচলতে বহুতে মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে। ইয়াৰ পৰা সকাহ পাবলৈ তেওঁলোকে ঔষধ খায়। কিন্তু একাপ চাহেও এই বিষ কমা পাৰে। (Pic Credit- Getty Images)

মহিলাসকলে মাহৰ কেইটামান দিন কিছু মানসিক চাপত কটায়। সেই সময়টো হৈছে মাহেকীয়া আৰম্ভ হোৱাৰ সময়। আচলতে বহুতে মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে। ইয়াৰ পৰা সকাহ পাবলৈ তেওঁলোকে ঔষধ খায়। কিন্তু একাপ চাহেও এই বিষ কমা পাৰে। (Pic Credit- Getty Images)

2 / 5

মাহেকীয়াৰ বিষ কম কৰিবলৈ বেছি ঔষধ খোৱাটো ভাল নহয়। বৰঞ্চ কিছুমান প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰি বিষৰ পৰা মুক্তি পোৱাটো সম্ভৱ। সেই চাহ কেশৰেৰে তৈয়াৰ কৰা হয়। কেশৰত বিষ নিবাৰণকাৰী গুণ থাকে, গতিকে কেশৰ চাহ খালে মাহেকীয়াৰ সময়ত বিষ কম হয়। (Pic Credit- Getty Images)

3 / 5

কেশৰত এন্টিঅক্সিডেন্ট ফ্লেভনয়ড থাকে। যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়। সেয়ে কব পাৰি যে কেশৰ চাহ খোৱাটো হৃদযন্ত্ৰৰ বাবে উপকাৰী। (Pic Credit- Getty Images)

4 / 5

তদুপৰি কেশৰে ওজন কমোৱাত খুব সহায় কৰে। কেশৰ চাহ কেনেকৈ বনাব? প্ৰথমে ১ কাপ পানী উতলাই লওক। তাত ৪-৫ টা কেশৰ সূতা দিব। প্ৰথমে কম জুইত পানী উতলিবলৈ দিব। প্ৰায় পাঁচ মিনিটৰ পিছত পানীৰ ৰং সলনি হোৱা দেখিব। তাৰ লগতে এটা সুন্দৰ সুগন্ধি ওলাব। (Pic Credit- Getty Images)

5 / 5

চাহত এচামুচ মৌ, আধা চামুচ নেমুৰ ৰস আৰু ডালচেনিৰ গুৰি দিব। তাৰ পিছত ভালদৰে সেৱন কৰক। গৰম কেশৰ চাহ খালে ভাল। (Pic Credit- Getty Images)

ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে নেকি? আজিয়েই কৰক এই কাম...
খালী পেটত বিষৰ দৰৱ খালে কি হয় জানেনে? জানক বিশেষজ্ঞৰ পৰা...
নিশা ভালদৰে টোপনি নাহে নেকি? টোপনিৰ অভাৱত কি কি সমস্যা হ'ব পাৰে?
ৰাহু-কেতুৰ নক্ষত্ৰ পৰিবৰ্তন! ৫০ দিন সাৱধান হৈ থাকিব লাগিব এই ৰাশিৰ লোক...