শিৱসাগৰৰ পৰা কেদাৰনাথলৈ চাইকেলেৰে যাত্ৰা অসমৰ তিনি যুৱকৰ | Three Assamese Youth Embark on a Thrilling Cycling Expedition from Sivasagar to Kedarnath Assam news - Assam Tv9

শিৱসাগৰৰ শিৱ মন্দিৰৰ পৰা কেদাৰনাথ মন্দিৰলৈ চাইকেলেৰে যাত্ৰা অসমৰ তিনি যুৱকৰ

Published: 

19 May 2025 17:00 PM

শিৱসাগৰ শিৱ মন্দিৰৰ পৰা কেদাৰনাথলৈকে চাইকেলেৰে যাত্ৰা কৰিছে অসমৰ তিনি যুৱকে । নিচামুক্ত অসমৰ গঢ়াৰ সংকল্পৰে যাত্ৰা আৰম্ভ কৰে যুৱককেইজনে। লগতে তেওঁলোকে এই যাত্ৰাৰ জৰিয়তে সমন্বয়ৰ বাৰ্তা দিব বিচাৰে বুলিও উল্লেখ কৰিছে ।

1 / 5এই দুঃসাহসিক যাত্ৰা । অসমৰ শিৱসাগৰৰ পৰা কেদাৰনাথ মন্দিৰলৈ চাইকেলেৰে যাত্ৰা কৰিছে অসমৰ তিনিজন যুৱকে । শিৱসাগৰৰ শিৱ মন্দিৰত সেৱা জনাই সোমবাৰে পুৱা কেদাৰনাথ অভিমুখে ৰাওনা হয় যুৱক তিনিজন ।

এই দুঃসাহসিক যাত্ৰা । অসমৰ শিৱসাগৰৰ পৰা কেদাৰনাথ মন্দিৰলৈ চাইকেলেৰে যাত্ৰা কৰিছে অসমৰ তিনিজন যুৱকে । শিৱসাগৰৰ শিৱ মন্দিৰত সেৱা জনাই সোমবাৰে পুৱা কেদাৰনাথ অভিমুখে ৰাওনা হয় যুৱক তিনিজন ।

2 / 5

উল্লেখ্য যে, পৱিত্ৰ কেদাৰনাথ মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে । ইয়াৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলেও কেদাৰনাথ দৰ্শনৰ বাবে যাত্ৰা আৰম্ভ কৰিছে । অসমৰ এই তিনিজন যুৱকে দুঃসাহসিক যাত্ৰা কৰি কেদাৰনাথ দৰ্শনৰ বাবে ৰাওনা হৈছে।

3 / 5

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত সেৱা জনাই তিনি যুৱকে যাত্ৰা আৰম্ভ কৰিছে কেদাৰনাথৰ অভিমুখে। তেওঁলোকৰ নাম হৈছে- শিৱসাগৰৰ হাঁহচৰাৰ ভাৰ্গৱ গগৈ, লক্ষীমপুৰৰ বচাগাঁৱৰ কুসুম্বৰ দাস আৰু ডিব্ৰুগড়ৰ মোহিন পাহাৰীয়া ।

4 / 5

সোমবাৰে পুৱা এই তিনি যুৱকে পৱিত্ৰ কেদাৰনাথ ধাম অভিমুখে ৰাওনা হৈছে । চাইকেলেৰে ৰাওনা হোৱা এই তিনি যুৱকে কেদাৰনাথৰ লগতে অযোধ্যাৰ ৰাম মন্দিৰকে ধৰি কেইবাটাও ধৰ্মীয় স্থান দৰ্শন কৰিব।

5 / 5

এখন নিচামুক্ত অসমৰ গঢ়াৰ সংকল্পৰে যাত্ৰা আৰম্ভ কৰে যুৱককেইজনে। লগতে তেওঁলোকে এই যাত্ৰাৰ জৰিয়তে সমন্বয়ৰ বাৰ্তা দিব বিচাৰে বুলিও উল্লেখ কৰিছে । প্ৰায় ডেৰমাহ জোৰা এই যাত্ৰা সুকলমে সম্পূর্ণ কৰিবৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে কেদাৰনাথ অভিমুখী যুৱককেইজনে।

হ'ব সৰ্বনাশ! কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিব এইসমূহ কথা...
বিজয়া দশমীত কৰক এনে কাম, সুখ-সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ ঘৰখন
আওকাণ নকৰিব হৃদযন্ত্ৰ বিকল হোৱাৰ এনে লক্ষণ, সাৱধান হওক...
অত্যন্ত ভাল ঘৰত এই ৫ জীৱৰ প্ৰৱেশ! জানক কি কি...