শুভ ক্ষণৰ ভৱিষ্যদ্বাণী কৰে সপোনে! এইধৰণৰ সপোন দেখিছে যদি আপোনাৰ জীৱনলৈ আহিব সুখ.... | These types of dream indicates good luck in your life Assam news - Assam Tv9

শুভ ক্ষণৰ ভৱিষ্যদ্বাণী কৰে সপোনে! এইধৰণৰ সপোন দেখিছে যদি আপোনাৰ জীৱনলৈ আহিব সুখ….

Updated On: 

05 Dec 2024 | 09:47 PM

হিন্দু ধৰ্মত বহু প্ৰকাৰৰ শাস্ত্ৰৰ বিষয়ে উল্লেখ আছে। ইয়াৰে এটা হ’ল স্বপ্ন শাস্ত্ৰ। সাধাৰণতে এজন ব্যক্তিয়ে তেওঁৰ দৈনন্দিন কাম-কাজৰ সৈতে জড়িত বিষয়সমূহ সপোনত দেখা পায়। কিন্তু কেতিয়াবা এনে সপোনো দেখা পায়, যিবোৰে ভৱিষ্যতে হ’ব পৰা ভাল-বেয়া, শুভ-অশুভ ক্ষণ তথা অন্যান্য কথাৰো ইংগিত দিয়ে। এনে ধৰণৰ কিছুমান সপোন আৰু ইয়াৰ অৰ্থৰ বিষয়ে জানো আহক।

1 / 5সপোনত যদি বৰষুণ দেখা পায়, তেন্তে স্বপ্ন বিজ্ঞানৰ মতে ই এক অত্যন্ত শুভ সপোন। সপোনত বৰষুণ দেখাৰ অৰ্থ হ’ল আপুনি হয়তো সোনকালে কিবা এটা ভাল খবৰ লাভ কৰিব। লগতে সপোনত দেখা বৰষুণে আপোনাৰ জীৱনত কোনো ভাল কাৰ্য হোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰে।

সপোনত যদি বৰষুণ দেখা পায়, তেন্তে স্বপ্ন বিজ্ঞানৰ মতে ই এক অত্যন্ত শুভ সপোন। সপোনত বৰষুণ দেখাৰ অৰ্থ হ’ল আপুনি হয়তো সোনকালে কিবা এটা ভাল খবৰ লাভ কৰিব। লগতে সপোনত দেখা বৰষুণে আপোনাৰ জীৱনত কোনো ভাল কাৰ্য হোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰে।

2 / 5

সপোনত চন্দ্ৰ দেখাটোও স্বপ্ন শাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। সপোন বিজ্ঞানৰ মতে যদি আপুনি সপোনত চন্দ্ৰ দেখা পায় তেন্তে ইয়াৰ অৰ্থ হ’ল আপোনাৰ পৰিয়ালত চলি থকা কোনো সমস্যা শীঘ্ৰেই সমাধান হ’বলৈ গৈ আছে। কেৱল এয়াই নহয়, সপোনত চন্দ্ৰ দেখাৰ অৰ্থ হ’ল অতি সোনকালে আপোনাৰ ঘৰখন সুখেৰে ভৰি পৰিব।

3 / 5

যদি আপুনি সপোনত নিজকে চৰাইৰ দৰে উৰি থকা দেখিছে, তেন্তে স্বপ্ন শাস্ত্ৰৰ মতে শীঘ্ৰেই আপোনাৰ জীৱনলৈ ভাল সময় আহিব। লগতে সপোনত নিজকে চৰাইৰ দৰে উৰি থকা দেখিছে যদি আপোনাৰ জীৱনত চলি থকা সমস্যাবোৰৰো শীঘ্ৰেই ওৰ পৰিব।

4 / 5

যদি আপুনি সপোনত নিজকে নখ কাটি থকা দেখিছে, তেন্তে এয়াও অতি শুভ লক্ষণ। সপোনত নিজকে নখ কাটি থকা দেখাৰ অৰ্থ হ’ল আপুনি ঋণৰ পৰা মুক্ত হ’বলৈ গৈ আছে। লগতে ই আপোনাৰ আৰ্থিক পৰিস্থিতি ভাল হোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰে।

5 / 5

সপোনত যদি আপুনি নদী দেখা পাইছে, তেন্তে শীঘ্ৰেই আপুনি কোনো সুখবৰ লাভ কৰিব। একেদৰে সপোনত যদি আপুনি বাগিচা দেখা পাইছে, তেন্তে ইয়াৰ অৰ্থ হৈছে আপোনাৰ আৰ্থিক অৱস্থাৰ শীঘ্ৰেই উন্নতি হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...