শৰীৰত হ্ৰাস পাইছে নেকি ভিটামিন চিৰ পৰিমাণ? কিদৰে জানিব পাৰিব এই বিষয়ে, চাওক | These symptoms indicate deficiency of vitamin c in body Assam news - Assam Tv9

শৰীৰত হ্ৰাস পাইছে নেকি ভিটামিন চিৰ পৰিমাণ? কিদৰে জানিব পাৰিব এই বিষয়ে, চাওক

Published: 

12 Jan 2025 | 09:06 PM

আমি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিবলৈ খাদ্যৰ প্ৰতি গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়। খাদ্যৰ জৰিয়তে আমাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ লাভ কৰে। এই উপাদানসমূহৰ মাজত ভিটামিন চি অন্যতম। পিছে আমাৰ দেহে সঠিক হাৰত এই মিটামিন লাভ কৰিছে নে নাই কৰা সেয়া কেনেকৈ জানিব, সেই বিষয়ে জানেনে? জানিবলৈ চাওক এই লেখা।

1 / 5স্বাস্থ্য যাতে সুস্থ, সবল আৰু নিৰোগী হৈ থাকে, তাৰ বাবে আমাৰ দেহে পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ উপাদানসমূহ লাভ কৰিব লাগিব। ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন আদি উপাদানসমূহ সঠিক হাৰত নাথাকিলে আমি নানা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হওঁ। এনে এক প্ৰয়োজনীয় উপাদান হৈছে ভিটামিন চি। ভিটামিন চিয়ে ঋতুভিত্তিক বিভিন্ন ৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে।

স্বাস্থ্য যাতে সুস্থ, সবল আৰু নিৰোগী হৈ থাকে, তাৰ বাবে আমাৰ দেহে পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ উপাদানসমূহ লাভ কৰিব লাগিব। ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন আদি উপাদানসমূহ সঠিক হাৰত নাথাকিলে আমি নানা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হওঁ। এনে এক প্ৰয়োজনীয় উপাদান হৈছে ভিটামিন চি। ভিটামিন চিয়ে ঋতুভিত্তিক বিভিন্ন ৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে।

2 / 5

এই অতি প্ৰয়োজনীয় ভিটামিন শৰীৰত হাড় গঠন, ৰক্তবাহী নলীৰ স্বাস্থ্য আৰু ঘাঁ নিৰাময়ৰ বাবেও গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও এই ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি থকাটো অত্যন্ত প্ৰয়োজনীয়। যদি শৰীৰত এই ভিটামিনৰ অভাৱ হয়, তেন্তে কিছু লক্ষণ দেখি বুজিব পাৰি।

3 / 5

ভিটামিন চিৰ অভাৱত ছালৰ বিভিন্ন ৰোগ যেনে ছাল জ্বলা পোৰা কৰা, খজুৱতি আদি হ’ব পাৰে। ভিটামিন চিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে কলাজেন উৎপাদনত মূল ভূমিকা পালন কৰে। সুস্থ ছালৰ বাবে কলাজেন অত্যন্ত গুৰুত্বপূৰ্ণ।

4 / 5

শাৰীৰিক পৰিশ্ৰম নকৰাকৈও যদি হঠাতে খুব ভাগৰুৱা অনুভৱ হয়, তেন্তে তেজত ভিটামিন চিৰ মাত্ৰা পৰীক্ষা কৰাটো ভাল। কাৰণ ভিটামিন চিয়ে শৰীৰত কাৰ্নিটাইন নামৰ অণু এটা উৎপন্ন কৰাত সহায় কৰে। ই শৰীৰৰ চৰ্বি শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে।

5 / 5

ভিটামিন চিৰ অভাৱত শৰীৰত থাইৰয়ড হৰম’নৰ নিঃসৰণ বৃদ্ধি পাব পাৰে। হঠাৎ হাইপাৰথাইৰয়ডিজমৰ লক্ষণসমূহ হ’ল দ্ৰুতভাৱে ওজন কমি যোৱা, ভোক কমি যোৱা, ধপধপনি। এনে লক্ষণে আপোনাক ভিটামিন চিৰ অভাৱৰো ইংগিত দিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...