উচ্ছেদৰ মাজতে হোজাইত উত্তপ্ত পৰিস্থিতি, আৰক্ষীলৈ শিলগুটি নিক্ষেপ,পাছত লাঠীচালনা... | tension in hojai assam evection detain many see in details Assam news - Assam Tv9

উচ্ছেদৰ মাজতে হোজাইত উত্তপ্ত পৰিস্থিতি, আৰক্ষীলৈ শিলগুটি নিক্ষেপ,পাছত লাঠীচালনা…

Published: 

20 Aug 2025 15:56 PM

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান। ইয়াৰ মাজতে আজি হোজাইত পৌৰসভাই প্ৰশাসনৰ সহযোগত চলাই উচ্ছেদ। কিন্তু ইয়াৰ মাজতে উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

1 / 5পুনৰ হোজাইত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে আদৰ্শ বজাৰৰ ভূমিত  পৌৰসভাই চলাই এই উচ্ছেদ অভিযান। কিন্তু ইয়াৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

পুনৰ হোজাইত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে আদৰ্শ বজাৰৰ ভূমিত পৌৰসভাই চলাই এই উচ্ছেদ অভিযান। কিন্তু ইয়াৰ মাজতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

2 / 5

বেদখলকাৰীসকলে প্ৰশাসনক বাধা দিয়াৰ চেষ্টা কৰে। পৰিস্থিতি ইমানেই বেয়া হৈ যায় যে আৰক্ষী,নিৰাপত্তাৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয়।

3 / 5

জানিব পৰা মতে,পৌৰসভাৰ ভূমি দখল কৰি দীৰ্ঘসময় ধৰি বাস কৰি আছিল একাংশ। এনেকৈ অবৈধভাৱে থকা ৭/৮ পৰিয়ালক স্থানন্তৰ কৰিবলৈ ৪৮ ঘন্টাৰ সময় বান্ধি দিছিল হোজাই পৌৰসভাই। এই সন্দৰ্ভত জাৰি কৰিছিল জাননী।

4 / 5

কিন্তু, জাননী লাভ কৰাৰ পাছতো বেদখলকাৰীয়ে মাটি এৰি দিয়া নাছিল। তাৰ পাছতে বুধবাৰে পৌৰসভাই প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায়।

5 / 5

কিন্তু এই উচ্ছেদত বাধা আৰোপ কৰে বেদখলকাৰীসকলে। আনকি আৰক্ষীয়ে শিলগুটি নিক্ষেপ কৰে। যাৰ ফলত আঘাতপ্ৰাপ্ত হয় আৰক্ষী জোৱান। ইয়াৰ পাছত আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়। ইয়াৰোপৰি কেইবাজনক আটক কৰে।

গণেশ চতুৰ্থীত কেনেকৈ সন্তুষ্ট কৰিব গণপতি বাপ্পাক?
পাকঘৰত ব্যৱহাৰ কৰা এইসমূহ বস্তু হ'ব পাৰে কৰ্কট ৰোগৰ কাৰণ, জানক...
আপোনাৰ হাতলৈ অহা নাই নেকি আশানুৰূপ ধন? তেন্তে আজিয়েই কৰক এই কাম!
৩০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ...