আইপিএল ২০২৫এ আনি দিলে সৌভাগ্যঃ ঠিকনা সলালে ৰিংকু সিঙে, পৰিয়ালৰ মুখত সুখৰ হাঁহি | Team India and KKR star Rinku Singhs new luxurious bungalow in Aligarh IPL 2025 Assam news - Assam Tv9

আইপিএল ২০২৫এ আনি দিলে সৌভাগ্যঃ ঠিকনা সলালে ৰিংকু সিঙে, পৰিয়ালৰ মুখত সুখৰ হাঁহি

Updated On: 

07 Nov 2024 | 03:01 PM

ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিক প্ৰদৰ্শনৰ পিছত আইপিএলৰ জৰিয়তে ক্ৰিকেট বিশ্বত এটি পৰিচিত নাম হৈ পৰিছিল ৰিংকু সিং। বিগত বৰ্ষলৈকে মাত্ৰ ৫৫ লাখ টকাত কলকাতাৰ বাবে খেলি থকা ৰিংকুৱে এইবাৰ লাভ কৰিছে বৃ্হৎ মূল্য। ১৩ কোটি টকাত ৰিংকুক ৰিটেইন কৰিছে কলকাতাই। এগৰাকী চিলিণ্ডাৰ বিতৰক পিতৃৰ কোটিপতি পুত্ৰ ৰিংকুৱে এতিয়া পৰিয়ালসহ এক নতুন ঠিকনা গ্ৰহণ কৰিছে।

1 / 5আলিগড়ৰ দুটা কোঠাৰ সেই সৰু কোৱাৰ্টাৰটোৰ ঠিকনা এতিয়া অতীত হ’ল। ২২ গজৰ জগতত লাভ কৰা অনন্য সাফল্যই ৰিংকু সিঙৰ বাবে গঢ়ি তুলিছে এক নতুন ঠিকনা। পিতৃ-মাতৃ আৰু পৰিয়ালৰ মুখত হাঁহি বিৰিঙাই এতিয়া আলিগড়ৰ এটা বিলাসী বাংলোলৈ স্থানান্তৰিত হৈছে ৰিংকু সিং।

আলিগড়ৰ দুটা কোঠাৰ সেই সৰু কোৱাৰ্টাৰটোৰ ঠিকনা এতিয়া অতীত হ’ল। ২২ গজৰ জগতত লাভ কৰা অনন্য সাফল্যই ৰিংকু সিঙৰ বাবে গঢ়ি তুলিছে এক নতুন ঠিকনা। পিতৃ-মাতৃ আৰু পৰিয়ালৰ মুখত হাঁহি বিৰিঙাই এতিয়া আলিগড়ৰ এটা বিলাসী বাংলোলৈ স্থানান্তৰিত হৈছে ৰিংকু সিং।

2 / 5

এক বহুদিনীয়া সপোন মনত পুহি ৰাখিছিল ৰিংকুৱে, নিজৰ টকাৰে ক্ৰয় কৰিব এটা নতুন ঘৰ। অৱশেষত এই সপোনে লাভ কৰিলে পূৰ্ণতা। কেইমাহমান পূৰ্বে ৰিংকু সিঙে আলিগড়ৰ অ’জন চিটিত এটা বিলাসী বাংলো ক্ৰয় কৰিছে বুলি চৰ্চা চলিছিল।

3 / 5

৩১ অক্টোবৰত কলকাতাই ১৩ কোটি টকাত ৰিংকুক ৰিটেইন কৰাৰ পিছত তেওঁৰ এই নতুন বাংলোৰ চৰ্চা পুনৰ আৰম্ভ হয়। আলিগড়ৰ অ’জন চিটিত ৰিংকু সিঙে ক্ৰয় কৰিছে এই নতুন বাংলো। তেওঁৰ ঘৰৰ ঠিকনা হৈছে কোঠী নং ৩৮, দ্য গোল্ডেন এষ্টেট।

4 / 5

তাৰকা ক্ৰিকেটাৰগৰাকীয়ে নিজৰ নতুন ঘৰত পৰিয়ালৰ সদস্যৰ সৈতে দীপাৱলী উদযাপন কৰা ছবি সামাজিক মাধ্যমত ব্যাপক ৰূপত বিয়পি পৰিছে। নিজৰ ইনষ্টাগ্ৰামত সেই ছবিসমূহ শ্বেয়াৰ কৰিছিল ৰিংকুৱে। ৰিংকু সিঙৰ ভগ্নী নেহা সিঙৰ ইনষ্টাগ্ৰামতো দেখা গৈছে নতুন বাংলোটোৰ আভাস।

5 / 5

সহজ-সৰল ৰিংকুৰ এই সাফল্যত সুখী তেওঁৰ অনুৰাগীসকল। ৰিংকুৰ ইনষ্টাগ্ৰাম প্পষ্টৰ কমেণ্ট চেকচনত দেখিবলৈ পোৱা গৈছে তাৰকাগৰাকীৰ প্ৰতি অনুৰাগীৰ আদৰ। ইফালে পুত্ৰৰ সফলতাৰ যাত্ৰাই এতিয়া মুখত হাঁহি বিৰিঙাইছে ৰিংকুৰ পিতৃ-মাতৃৰো।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...