Teachers' Day: শিক্ষক দিৱসৰ পূৰ্বে জানো আহক ভাৰত ৰত্ন ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে কিছু নজনা কথা | Teacher’s Day 2025: What are the interesting facts about Dr Radhakrishnan? Assam news - Assam Tv9

Teachers’ Day: শিক্ষক দিৱসৰ পূৰ্বে জানো আহক ভাৰত ৰত্ন ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে কিছু নজনা কথা

Updated On: 

04 Sep 2025 09:32 AM

ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ সমগ্ৰ জীৱনৰ কাহিনী যথেষ্ঠ অনুপ্ৰেৰণাদায়ক। এই মহান ব্যক্তিজনৰ জন্মদিন উপলক্ষে দেশৰ সকলো শিক্ষানুষ্ঠানতে শিক্ষক দিৱস উদযাপন কৰা হয়।

1 / 6প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ দিনটো দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয়।

প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ দিনটো দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয়।

2 / 6

এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লেখকসকলৰ ভিতৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতৰত্ন ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ সমগ্ৰ জীৱন অনুপ্ৰেৰণাদায়ক। উদাৰ নৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি তেওঁ আস্থাশীল আছিল।

3 / 6

১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ (আগৰ মাদ্ৰাজৰ) তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে[3]। তেওঁ দেউতাকৰ নাম আছিল সৰ্বেপল্লী বীৰাস্বামী (বীৰ চমাইয়া) আৰু মাতৃৰ নাম সীতামা আছিল। তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল। ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল।

4 / 6

কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণণৰ ‘থেচিচ’(Thesis) ‘The Ethics of the Vedanta and its Material Presuppositon’, দৰ্শনক তেওঁৰ প্ৰথম গ্ৰন্থ হিচাপে ১৯০৮ চনত প্ৰকাশ পায়। সেই সময়ত ৰাধাকৃষ্ণণৰ মাত্ৰ ২০ বছৰ বয়স।

5 / 6

ৰাজনীতিৰ ক্ষেত্ৰত নেহৰুৰ সতীৰ্থ ৰাধাকৃষ্ণণে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদমৰ্য্যাদা আৰু সম্পূৰ্ণ ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰদূত হিছাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েত ৰাছিয়াত থকা সময়ছোৱাত কাশ্মীৰ সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত সপক্ষে ছোভিয়েত সমৰ্থন আদায় কৰিছিল।

6 / 6

১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে। ১৯৬৭ চনৰ গণৰাজ্য দিৱসত ৰাধাকৃষ্ণণে জাতিটোক সম্বোধন কৰি স্পষ্ট কৰি দিছিল যে তেওঁ আৰু কোনো অধিৱেশনৰ বাবে ৰাষ্ট্ৰপতি হ’ব নিবিচাৰে আৰু ৰাষ্ট্ৰপতি হিচাপে এয়া তেওঁৰ শেষ ভাষণ। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ১৯৭৫ চনৰ ১৭ এপ্ৰিলত তেওঁৰ মৃত্যু হয়। শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয়।

ম্যাদ উকলি যোৱা কণ্ডম ব্যৱহাৰৰ ফলত কি হ'ব পাৰে? জানক
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধিৰ লক্ষণবোৰ কি কি? ই কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে?
আপোনাৰ মনলৈও বেয়া চিন্তা আহি থাকে নেকি, মুক্তি পাবলৈ কি কৰিব? প্ৰেমানন্দ মহাৰাজে বুজালে...
সঘনাই হোৱা কঁকালৰ বিষ কি কি ৰোগৰ লক্ষণ হ'ব পাৰে?