Teacher’s Day 2025 Gift Ideas: শিক্ষক দিৱস উপলক্ষে প্ৰিয় শিক্ষকজনক কেনেধৰণৰ উপহাৰ দিব জানক | Teacher’s Day 2025 Gift Ideas: Know how to give a gift to your favorite teacher on Teacher's Day Assam news - Assam Tv9

Teacher’s Day 2025 Gift Ideas: শিক্ষক দিৱস উপলক্ষে প্ৰিয় শিক্ষকজনক কেনেধৰণৰ উপহাৰ দিব জানক

Published: 

03 Sep 2025 12:45 PM

Budget Friendly Gifts: পিতৃ-মাতৃৰ পিছত শিশুক এজন সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষকৰ অৱদান যথেষ্ঠ। তেওঁলোকক সন্মান জনোৱাৰ বাবে শিক্ষাৰ্থীসকলে আনন্দেৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। কিন্তু এই দিনটোত আপুনি আপোনাৰ প্ৰিয় শিক্ষকক কি উপহাৰ দিব? এই টিপছবোৰ জানো আহক।

1 / 5ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল ৫ ছেপ্টেম্বৰত। এই দিনটোৰ আন এক বিশেষ তাৎপৰ্য আছে। অৰ্থাৎ এই দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস পালন কৰা হয়। এই দিনটোত সকলোৱে প্ৰিয় শিক্ষকক উপহাৰ দিব বিচাৰে, আপুনি ভাবিছেনে আপোনাৰ শিক্ষকক কি দিব?

ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল ৫ ছেপ্টেম্বৰত। এই দিনটোৰ আন এক বিশেষ তাৎপৰ্য আছে। অৰ্থাৎ এই দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস পালন কৰা হয়। এই দিনটোত সকলোৱে প্ৰিয় শিক্ষকক উপহাৰ দিব বিচাৰে, আপুনি ভাবিছেনে আপোনাৰ শিক্ষকক কি দিব?

2 / 5

হাতেৰে লিখা চিঠি বা কাৰ্ড - আজিৰ ডিজিটেল যুগত হাতে লিখা চিঠি পোৱাটো বিৰল। প্ৰিয় শিক্ষকৰ প্ৰতি কৃতজ্ঞতা, স্মৃতি আৰু মৰমৰ বিষয়ে লিখিলে তেওঁলোকৰ মানত সাঁচ বহুৱাব পাৰিব। লগতে এটা ধুনীয়া শুভেচ্ছা বাৰ্তা কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰে। এয়া ব্যক্তিগত আৰু হৃদয়স্পৰ্শী উপহাৰ হ’ব।

3 / 5

অফিচৰ টেবুল বা অধ্যয়নত ব্যৱহাৰৰ বাবে এটা সুন্দৰ টেবুল সজ্জা, পেন ষ্টেণ্ড বা Indoor Plant দিব পাৰে। এই উপহাৰ পালে তেওঁলোক যথেষ্ঠ আনন্দিত হ'ব।

4 / 5

আজিকালি বিভিন্ন অনলাইন আৰু অফলাইন ষ্ট'ৰত কাষ্টমাইজড উপহাৰ উপলব্ধ। শিক্ষকৰ নাম বা প্ৰেৰণাদায়ক উক্তি এটা ছপা কৰিলে ই এক অতি ব্যক্তিগত আৰু অনন্য উপহাৰ হৈ পৰিব।

5 / 5

শিক্ষকসকলক প্ৰায়ে মাৰ্কাৰ, বৰ্ড পেন, ফাইল, আদিৰ প্ৰয়োজন হয়। এটা ভাল ষ্টেচনাৰী চেট তেওঁলোকৰ বাবে উপযোগী হ’ব। এনে ব্যৱহাৰিক উপহাৰৰ সদায় শলাগ ল'ব।

এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? জানক
যিবোৰ সমস্যা প্ৰায়ে গুৰুত্ব দিয়া নহয়! মহিলাসকলৰ বৃক্কৰ সংক্ৰমণৰ লক্ষণসমূহ জানি লওক
হঠাৎ জিভাৰে সোৱাদ নোপোৱা হৈছে নেকি? আওকাণ নকৰিব এই লক্ষণ
এই ৪ ৰাশিৰ জীৱনলৈ নাহে দৰিদ্ৰতা, সদায় ধনেৰে ভৰি থাকে পকেট!