টি-২০ বিশ্বকাপৰ বাবে আমেৰিকাৰ ভিজা পোৱা নাই তাৰকা ক্ৰিকেটাৰেঃ সহায় কৰিব নেকি প্ৰধানমন্ত্ৰীয়ে Assam news - Assam Tv9

টি-২০ বিশ্বকাপৰ বাবে আমেৰিকাৰ ভিজা পোৱা নাই তাৰকা ক্ৰিকেটাৰেঃ সহায় কৰিব নেকি প্ৰধানমন্ত্ৰীয়ে

Updated On: 

24 May 2024 21:53 PM

টি-২০ বিশ্বকাপলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। অহা ২ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। সাজু হৈছে সকলো দল। কিন্তু বিশ্বকাপৰ প্ৰাকক্ষণত এক ডাঙৰ বিপদত পৰিছে এগৰাকী তাৰকা খেলুৱৈ। বিশ্বকাপৰ বাবে আমেৰিকাই এই খেলুৱৈজনক নিজৰ দেশত প্ৰৱেশ কৰিবলৈ দিবলৈ অস্বীকাৰ কৰিছে। অৰ্থাৎ এই খেলুৱৈজনে লাভ কৰা নাই আমেৰিকাৰ ভিজা।

1 / 5নেপালৰ তাৰকা লেগ স্পিনাৰ সন্দীপ লমিচানে আন এক বিপদৰ সন্মুখীন হৈছে। এই খেলুৱৈগৰাকীৰ বাবে এতিয়া আমেৰিকাত প্ৰৱেশ কৰাটো কঠিন হৈ পৰিছে।

নেপালৰ তাৰকা লেগ স্পিনাৰ সন্দীপ লমিচানে আন এক বিপদৰ সন্মুখীন হৈছে। এই খেলুৱৈগৰাকীৰ বাবে এতিয়া আমেৰিকাত প্ৰৱেশ কৰাটো কঠিন হৈ পৰিছে।

2 / 5

নেপালৰ আমেৰিকান দূতাবাসে সন্দীপ লমিচানেক ভিজা দিবলৈ অস্বীকাৰ কৰিছে। লামিচানেই নিজৰ এক্স হেণ্ডল যোগে এই কথা সদৰী কৰিছে।

3 / 5

উল্লেখ্য যে লামিচানেই ২০১৯ বৰ্ষতো আমেৰিকাৰ ভিজা লাভ কৰা নাছিল। সেই সময়ত খেলুৱৈগৰাকীয়ে নেপালৰ প্ৰধানমন্ত্ৰীৰ পৰা সহায় বিচাৰিছিল।

4 / 5

সন্দীপ লামিচানেৰ বিৰুদ্ধে নাবালিকা ছোৱালীয়ে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল যদিও শেহতীয়াকৈ এই খেলুৱৈগৰাকীক কাঠমাণ্ডু উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰিছে।

5 / 5

বিশ্বৰ কেইবাখনো আগশাৰীৰ ক্ৰিকেট লীগত খেলাৰ অভিজ্ঞতাৰে পুষ্ট লামিচানেই নেপালৰ অধিনায়কৰ দায়িত্বও বহন কৰিছিল যদিও ধৰ্ষণৰ অভিযোগৰ পিছতে তেওঁ পদচ্যুত হৈছিল।

দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...
খাদ্যৰ সৈতে অতিৰিক্ত কেঁচা নিমখ খালে কি হ’ব পাৰে জানেনে? জানিলে আজিয়েই বাদ দিব এনে অভ্যাস
কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...