টি-২০ বিশ্বকাপৰ বাবে আমেৰিকাৰ ভিজা পোৱা নাই তাৰকা ক্ৰিকেটাৰেঃ সহায় কৰিব নেকি প্ৰধানমন্ত্ৰীয়ে Assam news - Assam Tv9

টি-২০ বিশ্বকাপৰ বাবে আমেৰিকাৰ ভিজা পোৱা নাই তাৰকা ক্ৰিকেটাৰেঃ সহায় কৰিব নেকি প্ৰধানমন্ত্ৰীয়ে

Updated On: 

24 May 2024 | 09:53 PM

টি-২০ বিশ্বকাপলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। অহা ২ জুনৰ পৰা আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। সাজু হৈছে সকলো দল। কিন্তু বিশ্বকাপৰ প্ৰাকক্ষণত এক ডাঙৰ বিপদত পৰিছে এগৰাকী তাৰকা খেলুৱৈ। বিশ্বকাপৰ বাবে আমেৰিকাই এই খেলুৱৈজনক নিজৰ দেশত প্ৰৱেশ কৰিবলৈ দিবলৈ অস্বীকাৰ কৰিছে। অৰ্থাৎ এই খেলুৱৈজনে লাভ কৰা নাই আমেৰিকাৰ ভিজা।

1 / 5নেপালৰ তাৰকা লেগ স্পিনাৰ সন্দীপ লমিচানে আন এক বিপদৰ সন্মুখীন হৈছে। এই খেলুৱৈগৰাকীৰ বাবে এতিয়া আমেৰিকাত প্ৰৱেশ কৰাটো কঠিন হৈ পৰিছে।

নেপালৰ তাৰকা লেগ স্পিনাৰ সন্দীপ লমিচানে আন এক বিপদৰ সন্মুখীন হৈছে। এই খেলুৱৈগৰাকীৰ বাবে এতিয়া আমেৰিকাত প্ৰৱেশ কৰাটো কঠিন হৈ পৰিছে।

2 / 5

নেপালৰ আমেৰিকান দূতাবাসে সন্দীপ লমিচানেক ভিজা দিবলৈ অস্বীকাৰ কৰিছে। লামিচানেই নিজৰ এক্স হেণ্ডল যোগে এই কথা সদৰী কৰিছে।

3 / 5

উল্লেখ্য যে লামিচানেই ২০১৯ বৰ্ষতো আমেৰিকাৰ ভিজা লাভ কৰা নাছিল। সেই সময়ত খেলুৱৈগৰাকীয়ে নেপালৰ প্ৰধানমন্ত্ৰীৰ পৰা সহায় বিচাৰিছিল।

4 / 5

সন্দীপ লামিচানেৰ বিৰুদ্ধে নাবালিকা ছোৱালীয়ে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল যদিও শেহতীয়াকৈ এই খেলুৱৈগৰাকীক কাঠমাণ্ডু উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰিছে।

5 / 5

বিশ্বৰ কেইবাখনো আগশাৰীৰ ক্ৰিকেট লীগত খেলাৰ অভিজ্ঞতাৰে পুষ্ট লামিচানেই নেপালৰ অধিনায়কৰ দায়িত্বও বহন কৰিছিল যদিও ধৰ্ষণৰ অভিযোগৰ পিছতে তেওঁ পদচ্যুত হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...