দুবাৰকৈ জয় কৰিছিল টি-২০ বিশ্বকাপ; কোন এই সফলতম অধিনায়ক, জানেনে আপুনি? | T20 World Cup: Meet the Legendary Captain Who Lifted the Trophy Twice Assam news - Assam Tv9

দুবাৰকৈ জয় কৰিছিল টি-২০ বিশ্বকাপ; কোন এই সফলতম অধিনায়ক, জানেনে আপুনি?

Updated On: 

30 Jan 2026 | 05:48 PM

আগন্তুক টি-২০ বিশ্বকাপক লৈ চৰ্চা অব্যাহত। সমান্তৰালকৈ চলিছে এই প্ৰতিযোগিতাৰ ইতিহাসৰ আলোচনা। তেনে এক বিশেষ আলোচ্য বিষয় হৈছে প্ৰতিযোগিতাৰ সফলতম অধিনায়ক। এই অধিনায়কজনে দুবাৰকৈ জয় কৰিছিল টি-২০ বিশ্বকাপ। জানো আহক এই বিষয়ে।

1 / 5অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। এয়া হ’ব ক্ৰিকেটৰ এই চমু ফৰ্মেটটোৰ দশম সংস্কৰণ। পূৰ্বৰ ৯টা সংস্কৰণত ৮টা ভিন্ন অধিনায়কে বিশ্বকাপ খিতাপ লাভ কৰিছে। কেৱল মাত্ৰ এগৰাকী অধিনায়কে দুবাৰকৈ এই অনন্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। এয়া হ’ব ক্ৰিকেটৰ এই চমু ফৰ্মেটটোৰ দশম সংস্কৰণ। পূৰ্বৰ ৯টা সংস্কৰণত ৮টা ভিন্ন অধিনায়কে বিশ্বকাপ খিতাপ লাভ কৰিছে। কেৱল মাত্ৰ এগৰাকী অধিনায়কে দুবাৰকৈ এই অনন্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

2 / 5

২০০৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণ। এই উদ্বোধনী সংস্কৰণত খিতাপ জয় কৰি ইতিহাস ৰচিছিল ভাৰতীয় ক্ৰিকেট দলে। এনে সাফল্যৰে এই আইচিচি খিতাপ দখল কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হৈছিল ভাৰতীয় দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী।

3 / 5

টি-২০ বিশ্বকাপৰ দ্বিতীয় সংস্কৰণত পাকিস্তানে জয়লাভ কৰে। ২০০৯ চনত ইউনিছ খানৰ অধিনায়কত্বত পাকিস্তানে শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ইয়াৰ পিছত ২০১০ চনত পল কলিংউডৰ নেতৃত্বত ইংলেণ্ডে আৰু ২০১৪ চনত লাসিথ মালিংগাৰ নেতৃত্বত শ্ৰীলংকাই টি-২০ বিশ্বকাপ জয় কৰে।

4 / 5

প্ৰতিযোগিতাৰ আটাইতকৈ সফল অধিনায়ক হিচাপে দুবাৰকৈ আইচিচি টি-২০ বিশ্বকাপ জয় কৰিছিল ৱেষ্ট ইণ্ডিজৰ ডাৰেন চামিয়ে। ২০১২ চনত প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰাৰ পিছত ২০১৬ চনতো ৱেষ্ট ইণ্ডিজে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰি ইতিহাস ৰচনা কৰিছিল।

5 / 5

ইফালে প্ৰতিযোগিতাৰ শেহতীয়া ২০২৪ চনৰ সংস্কৰণত ৰোহিত শৰ্মাৰ নেতৃত্বত টি-২০ বিশ্বকাপৰ খিতাপ তুলি লয় ভাৰতীয় দলে। ৰোহিতৰ পূৰ্বে ২০২২ চনত জোছ বাটলাৰৰ নেতৃত্বত ইংলেণ্ডে আৰু ২০২১ চনত এৰন ফিঞ্চৰ নেতৃত্বত অষ্ট্ৰেলিয়াই টি-২০ বিশ্বকাপ জয় কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...