সূৰ্য পোহৰে ফেটি লিভাৰৰ সমস্যা হ্ৰাস কৰে নেকি ? গৱেষণাই কি কয় ? | Sunlight May Reduce Risk of Liver Disease, Study Finds Assam news - Assam Tv9

সূৰ্য পোহৰে ফেটি লিভাৰৰ সমস্যা হ্ৰাস কৰে নেকি ? গৱেষণাই কি কয় ? জানক

manas-borah
Updated On: 

22 Apr 2025 21:41 PM

আপুনি জানেনে যে, সূৰ্যৰ পোহৰ লিভাৰ সমস্যাৰ বাবে উপকাৰী । ৰ’দৰ পৰা অহা ৰশ্মিয়ে শৰীৰত লিভাৰৰ সৈতে জড়িত ৰোগৰ সম্ভাৱনা কম কৰিব পাৰে। এই তথ্য পোহৰলৈ আহিছে নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এক গৱেষণাত। সবিশেষ জানক...

1 / 5সূৰ্যৰ পোহৰ বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ই ভিটামিন ডিৰ প্ৰধান উৎস । কিন্তু আপুনি জানেনে যে, সূৰ্য্যৰ পোহৰ লিভাৰ সমস্যাৰ বাবে উপকাৰী । ৰ’দৰ পৰা অহা ৰশ্মিয়ে শৰীৰত লিভাৰৰ সৈতে জড়িত ৰোগৰ সম্ভাৱনা কম কৰিব পাৰে। এই তথ্য পোহৰলৈ আহিছে নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এক গৱেষণাত।

সূৰ্যৰ পোহৰ বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ই ভিটামিন ডিৰ প্ৰধান উৎস । কিন্তু আপুনি জানেনে যে, সূৰ্য্যৰ পোহৰ লিভাৰ সমস্যাৰ বাবে উপকাৰী । ৰ’দৰ পৰা অহা ৰশ্মিয়ে শৰীৰত লিভাৰৰ সৈতে জড়িত ৰোগৰ সম্ভাৱনা কম কৰিব পাৰে। এই তথ্য পোহৰলৈ আহিছে নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এক গৱেষণাত।

2 / 5গৱেষণাৰ মতে, সূৰ্যৰ পোহৰে যকৃতৰ প্ৰদাহ হ্ৰাস কৰিব পাৰে। যাৰ বাবে ব্যক্তিজনৰ ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা কমি যায়। যদি ফেটি লিভাৰৰ নহয় তেন্তে ইয়াৰ লগত জড়িত আন কোনো ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। গৱেষণাৰ মতে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ পিছত ছালত ভিটামিন ডি আৰু নাইট্ৰিক অক্সাইড উৎপন্ন হয়।

গৱেষণাৰ মতে, সূৰ্যৰ পোহৰে যকৃতৰ প্ৰদাহ হ্ৰাস কৰিব পাৰে। যাৰ বাবে ব্যক্তিজনৰ ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা কমি যায়। যদি ফেটি লিভাৰৰ নহয় তেন্তে ইয়াৰ লগত জড়িত আন কোনো ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। গৱেষণাৰ মতে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ পিছত ছালত ভিটামিন ডি আৰু নাইট্ৰিক অক্সাইড উৎপন্ন হয়।

3 / 5সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে যকৃতৰ প্ৰদাহ হ্ৰাস পায় আৰু নন-এলকহলিক ফেটি লিভাৰৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত এতিয়াও অধিক পৰীক্ষা চলি আছে। পৰীক্ষাসমূহ এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু ভিটামিন ডিৰ সম্পূৰ্ণ উপকাৰিতাৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে যকৃতৰ প্ৰদাহ হ্ৰাস পায় আৰু নন-এলকহলিক ফেটি লিভাৰৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত এতিয়াও অধিক পৰীক্ষা চলি আছে। পৰীক্ষাসমূহ এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু ভিটামিন ডিৰ সম্পূৰ্ণ উপকাৰিতাৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

4 / 5

গৱেষণাৰ মতে, সূৰ্যৰ পোহৰে যকৃতৰ প্ৰদাহ কমায়। ইয়াৰ ফলত হেপাটচাইট এপ’প্টোছিছ আৰু লিভাৰ ফাইব্ৰ’ছিছ প্ৰতিৰোধ কৰাত সহায় কৰে। সূৰ্যৰ পোহৰেও মাইক্ৰ’বায়’ম শক্তিশালী কৰি এচিড গঠন প্ৰক্ৰিয়াটো শুধৰাই দিয়ে। সূৰ্যৰ পোহৰৰ লগতে নাইট্ৰিক অক্সাইডেও যকৃতৰ প্ৰদাহ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে যদিও এই গৱেষণাৰ ওপৰত এতিয়াও পৰীক্ষা চলি আছে।

5 / 5

জীৱ-জন্তুৰ ওপৰত কৰা গৱেষণাই স্পষ্ট কৰি দিছে যে, সূৰ্যৰ পোহৰে যকৃতৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। কিন্তু মানুহৰ ওপৰত এই গৱেষণা এতিয়াও হোৱা নাই। এই গৱেষণা কেৱল প্ৰাণীৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

ভগৱান গণেশৰ আছিল দুগৰাকী পত্নী, পিছে তেওঁৰ শহুৰেকৰ নাম কি আছিল জানেনে?
কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...