কেনে আছে সুনীতা? ৪৫ দিনৰ বাবে ৰিহাবত প্ৰেৰণ... | sunita williams butch wilmore know health update Assam news - Assam Tv9

কেনে আছে সুনীতা? ৪৫ দিনৰ বাবে ৰিহাবত প্ৰেৰণ…

Published: 

23 Mar 2025 | 08:05 PM

প্ৰায় ৯ মাহ মহাকাশত কটোৱাৰ পাছত পৃথিৱীত উপস্থিত হৈছিল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম'ৰ। কিন্তু মহাকাশৰ পৰা অহাৰ পাছৰে পৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিছে উইলিয়ামছৰ দেহত।

1 / 5২৮৬ দিন মহাকাশত থকাৰ পাছত কিছুদিন পূৰ্বে পৃথিৱীলৈ ঘূৰি আহিছিল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ।  পৃথিৱীলৈ ঘূৰি অহাৰ পাছতে তেওঁলোকে যথেষ্ঠ শাৰীৰিক মানিসক সমস্যাৰ সন্মুখীন হৈছিল। মহাকাশত মাধ্যাকৰ্ষণ শক্তি নাই, যাৰ বাবে দীৰ্ঘদিন মহাকাশত থকাৰ পাছত পৃথিৱীত খাপ খোৱাৰ ক্ষেত্ৰত  সমস্যাৰ সন্মুখীন হৈছে।

২৮৬ দিন মহাকাশত থকাৰ পাছত কিছুদিন পূৰ্বে পৃথিৱীলৈ ঘূৰি আহিছিল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ। পৃথিৱীলৈ ঘূৰি অহাৰ পাছতে তেওঁলোকে যথেষ্ঠ শাৰীৰিক মানিসক সমস্যাৰ সন্মুখীন হৈছিল। মহাকাশত মাধ্যাকৰ্ষণ শক্তি নাই, যাৰ বাবে দীৰ্ঘদিন মহাকাশত থকাৰ পাছত পৃথিৱীত খাপ খোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে।

2 / 5

তথ্য অনুসৰি, দুই মহাকাশচাৰীক ৪৫ দিনৰ ৰিহাব চেষ্টাৰত প্ৰেৰণ কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে, এই ৰিহাবে তেওঁলোকক পৃথিৱীৰ ক্ষেত্ৰত পুনৰ খাপ খোৱাত সহায় কৰিব। ইয়াৰোপৰি তেওঁলোকক মনোবৈজ্ঞানিকৰ সৈতেও কথা পাতিবলৈ পৰামৰ্শ দিয়া হৈছে।

3 / 5

দুই মহাকাশচাৰী পৃথিৱীলৈ ঘূৰি অহাৰ পাছত তেওঁলোকক দুৰ্বল দেখা গৈছিল। ইয়াৰোপৰি তেওঁলোকৰ চুলি সৰা, চুলি বগা হোৱা আদি সমস্যাই দেখা দিছিল।

4 / 5

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মহাকাশত থকাৰ ফলত মহাকাশচাৰীসকলৰ এনে হোৱা স্বাভাৱিক। মহাকাষত মাধ্যাকৰ্ষণ শক্তি নাই। ইয়াৰোপৰি বিভিন্ন কাৰণত মহাকাশচাৰীসকলৰ বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

5 / 5

ইয়াৰোপৰি সুনীতা উইলিয়ামছৰ হাড়, মাংসপেশী দুৰ্বল হোৱাৰ লগতে হৃদৰোগ, কৰ্কট ৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে। মহাকাশত অধিক সময় কটালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়, যাৰ ফলত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...