কেনে আছে সুনীতা? ৪৫ দিনৰ বাবে ৰিহাবত প্ৰেৰণ... | sunita williams butch wilmore know health update Assam news - Assam Tv9

কেনে আছে সুনীতা? ৪৫ দিনৰ বাবে ৰিহাবত প্ৰেৰণ…

Published: 

23 Mar 2025 20:05 PM

প্ৰায় ৯ মাহ মহাকাশত কটোৱাৰ পাছত পৃথিৱীত উপস্থিত হৈছিল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম'ৰ। কিন্তু মহাকাশৰ পৰা অহাৰ পাছৰে পৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিছে উইলিয়ামছৰ দেহত।

1 / 5২৮৬ দিন মহাকাশত থকাৰ পাছত কিছুদিন পূৰ্বে পৃথিৱীলৈ ঘূৰি আহিছিল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ।  পৃথিৱীলৈ ঘূৰি অহাৰ পাছতে তেওঁলোকে যথেষ্ঠ শাৰীৰিক মানিসক সমস্যাৰ সন্মুখীন হৈছিল। মহাকাশত মাধ্যাকৰ্ষণ শক্তি নাই, যাৰ বাবে দীৰ্ঘদিন মহাকাশত থকাৰ পাছত পৃথিৱীত খাপ খোৱাৰ ক্ষেত্ৰত  সমস্যাৰ সন্মুখীন হৈছে।

২৮৬ দিন মহাকাশত থকাৰ পাছত কিছুদিন পূৰ্বে পৃথিৱীলৈ ঘূৰি আহিছিল নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ। পৃথিৱীলৈ ঘূৰি অহাৰ পাছতে তেওঁলোকে যথেষ্ঠ শাৰীৰিক মানিসক সমস্যাৰ সন্মুখীন হৈছিল। মহাকাশত মাধ্যাকৰ্ষণ শক্তি নাই, যাৰ বাবে দীৰ্ঘদিন মহাকাশত থকাৰ পাছত পৃথিৱীত খাপ খোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে।

2 / 5

তথ্য অনুসৰি, দুই মহাকাশচাৰীক ৪৫ দিনৰ ৰিহাব চেষ্টাৰত প্ৰেৰণ কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে, এই ৰিহাবে তেওঁলোকক পৃথিৱীৰ ক্ষেত্ৰত পুনৰ খাপ খোৱাত সহায় কৰিব। ইয়াৰোপৰি তেওঁলোকক মনোবৈজ্ঞানিকৰ সৈতেও কথা পাতিবলৈ পৰামৰ্শ দিয়া হৈছে।

3 / 5

দুই মহাকাশচাৰী পৃথিৱীলৈ ঘূৰি অহাৰ পাছত তেওঁলোকক দুৰ্বল দেখা গৈছিল। ইয়াৰোপৰি তেওঁলোকৰ চুলি সৰা, চুলি বগা হোৱা আদি সমস্যাই দেখা দিছিল।

4 / 5

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মহাকাশত থকাৰ ফলত মহাকাশচাৰীসকলৰ এনে হোৱা স্বাভাৱিক। মহাকাষত মাধ্যাকৰ্ষণ শক্তি নাই। ইয়াৰোপৰি বিভিন্ন কাৰণত মহাকাশচাৰীসকলৰ বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে।

5 / 5

ইয়াৰোপৰি সুনীতা উইলিয়ামছৰ হাড়, মাংসপেশী দুৰ্বল হোৱাৰ লগতে হৃদৰোগ, কৰ্কট ৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে। মহাকাশত অধিক সময় কটালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়, যাৰ ফলত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
মানিবেগত ৰাখিব এই কেইবিধ বস্তু, ধনৰ অভাৱ নহয় কেতিয়াও!
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...