মানুহে মানুহৰ বাবে... নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে একেলগে গালে সুধাকণ্ঠৰ কালজয়ী গীতটি | Students sung song of Dr Bhupen Hazarika in Nurul Amin Stadium at Nagoan Assam news - Assam Tv9

মানুহে মানুহৰ বাবে… নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে একেলগে গালে সুধাকণ্ঠৰ কালজয়ী গীতটি

Updated On: 

10 Sep 2025 | 06:53 PM

আজি নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে গালে ‘মানুহে মানুহৰ বাবে’। নুৰুল আমিন ষ্টেডিয়ামত সুধাকণ্ঠৰ কালজয়ী গীতটি পৰিৱেশন কৰে।

1 / 6বুধবাৰৰ দিনটো নগাঁওবাসীৰ বাবে হৈ পৰিল ঐতিহাসিক। আজিৰ নগাঁওবাসীয়ে সাক্ষী হৈ ৰ'ল এক বিৰল মুহূৰ্তৰ।

বুধবাৰৰ দিনটো নগাঁওবাসীৰ বাবে হৈ পৰিল ঐতিহাসিক। আজিৰ নগাঁওবাসীয়ে সাক্ষী হৈ ৰ'ল এক বিৰল মুহূৰ্তৰ।

2 / 6

নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে গালে ‘মানুহে মানুহৰ বাবে’। নুৰুল আমিন ষ্টেডিয়ামত ভূপেনদাৰ কালজয়ী গীতটি পৰিৱেশন।

3 / 6

জনতাৰ শিল্পী, ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ ভাগ চিৰযুগমীয়া কৰি ৰখাৰ বাবে, নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰ তথা নুৰুল আমিন ষ্টেডিয়ামত জিলাখনৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষাৰ্থীয়ে সমবেতভাৱে পৰিৱেশন কৰিলে গীত।

4 / 6

ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ কলকতাতস্থিত কাৰ্যালয়ৰ প্ৰতিনিধিৰ উপস্থিতিত পৰিবেশন কৰা গীতটিয়ে ইতিমধ্যেই " INDIA BOOK OF RECORDS"ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত উৎফুল্লিত হৈ পৰে নগাঁওবাসী ৰাইজ।

5 / 6

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তত্বাৱধানত পৰিকল্পনা কৰা অনুষ্ঠানটিত জিলাখনত অধিকাংশ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈ মহান সুধাকণ্ঠৰ স্মৃতি চিৰযুগমীয়া কৰাত এক নৱতম পদক্ষেপ হিচাপে পৰিগণিত কৰিছে।

6 / 6

অনুষ্ঠানটোত বিধায়ক ৰূপক শৰ্মাকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা প্ৰতিগৰাকী ব্যক্তিকে নগাঁও জিলা প্ৰশাসনে কৃতজ্ঞতা জ্ঞাপন কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...