মানুহে মানুহৰ বাবে... নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে একেলগে গালে সুধাকণ্ঠৰ কালজয়ী গীতটি | Students sung song of Dr Bhupen Hazarika in Nurul Amin Stadium at Nagoan Assam news - Assam Tv9

মানুহে মানুহৰ বাবে… নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে একেলগে গালে সুধাকণ্ঠৰ কালজয়ী গীতটি

Updated On: 

10 Sep 2025 18:53 PM

আজি নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে গালে ‘মানুহে মানুহৰ বাবে’। নুৰুল আমিন ষ্টেডিয়ামত সুধাকণ্ঠৰ কালজয়ী গীতটি পৰিৱেশন কৰে।

1 / 6বুধবাৰৰ দিনটো নগাঁওবাসীৰ বাবে হৈ পৰিল ঐতিহাসিক। আজিৰ নগাঁওবাসীয়ে সাক্ষী হৈ ৰ'ল এক বিৰল মুহূৰ্তৰ।

বুধবাৰৰ দিনটো নগাঁওবাসীৰ বাবে হৈ পৰিল ঐতিহাসিক। আজিৰ নগাঁওবাসীয়ে সাক্ষী হৈ ৰ'ল এক বিৰল মুহূৰ্তৰ।

2 / 6

নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে গালে ‘মানুহে মানুহৰ বাবে’। নুৰুল আমিন ষ্টেডিয়ামত ভূপেনদাৰ কালজয়ী গীতটি পৰিৱেশন।

3 / 6

জনতাৰ শিল্পী, ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ ভাগ চিৰযুগমীয়া কৰি ৰখাৰ বাবে, নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰ তথা নুৰুল আমিন ষ্টেডিয়ামত জিলাখনৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষাৰ্থীয়ে সমবেতভাৱে পৰিৱেশন কৰিলে গীত।

4 / 6

ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ কলকতাতস্থিত কাৰ্যালয়ৰ প্ৰতিনিধিৰ উপস্থিতিত পৰিবেশন কৰা গীতটিয়ে ইতিমধ্যেই " INDIA BOOK OF RECORDS"ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত উৎফুল্লিত হৈ পৰে নগাঁওবাসী ৰাইজ।

5 / 6

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তত্বাৱধানত পৰিকল্পনা কৰা অনুষ্ঠানটিত জিলাখনত অধিকাংশ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈ মহান সুধাকণ্ঠৰ স্মৃতি চিৰযুগমীয়া কৰাত এক নৱতম পদক্ষেপ হিচাপে পৰিগণিত কৰিছে।

6 / 6

অনুষ্ঠানটোত বিধায়ক ৰূপক শৰ্মাকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা প্ৰতিগৰাকী ব্যক্তিকে নগাঁও জিলা প্ৰশাসনে কৃতজ্ঞতা জ্ঞাপন কৰে।

ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত
বৃক্কৰ সমস্যা থাকিলে কৰ্দৈ খাব পাৰিনে? কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক
সম্পৰ্কত সদায় ভালপোৱা অটুট থাকিব, মাথোঁ পালন কৰক এই নিয়ম!
কেঁচা পিঁয়াজৰ উপকাৰী গুণসমূহ জানেনে? জানক সকলো...