27 Sep 2025 21:27 PM
এক আচৰিত ঘটনা। এটা বাকচৰ পৰা উদ্ধাৰ হৈছে লাখে লাখে টকা। হাতেৰে টকা গণি শেষ কৰিব নোৱাৰি অৱশেষত ব্যৱহাৰ কৰিবলগীয়া হৈছে মেচিন । এই দৃশ্য শিমলুগুৰিৰ আৰক্ষী থানাৰ। টকা গণি গণি শেষ কৰি ভাগৰি পৰিছে আৰক্ষী।
জানিব পৰা মতে শুকুৰবাৰে পুৱা শিমলুগুৰি নগৰৰ বজাৰ তিনিআলিৰ বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা নোহোৱা হৈছিল ৪০ লাখ টকা। পৰৰ্ৱতী সময়ত ব্যৱসায়ী বিকাশ কুমাৰে এই বিষয়ে অভিযোগ দাখিল কৰিছিল শিমলুগুৰি আৰক্ষী থানাত।
ব্যৱসায়ীজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ কৰ্মচাৰী বিক্ৰান্ত যশৱাল আৰু এজন অচিনাকি ব্যক্তিয়ে চোৰ কৰি নিছিল ৪০ লাখ টকা । অভিযোগৰ ভিত্তিত শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱা , উপ পৰিদৰ্শক বেদান্ত বুঢ়াগোঁহাই, SDPO তুষাৰ দেশাই অভিযান চলায়৷
তাৰ পিছতে আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা ৷ আৰক্ষীয়ে গাড়ী চালক শিমলুগুৰিৰ অভয়পুৰীয়াৰ বিতু গগৈক আটক কৰাৰ পিছতেই ৪০ লাখ টকাৰ চুৰি ঘটনা পোহৰলৈ আহে৷ ব্যৱসায়ীজনৰ কৰ্মচাৰী বিক্ৰান্ত য়চৱাল আৰু অচিনাকি ব্যক্তিগৰাকীয়ে ৪০ লাখ টকা চুৰ কৰি তাৰে ১৪ লাখ ৭৩ হাজাৰ টকা চালক বিতু গগৈক দি গৈছিল। বিতু গগৈয়ে সেই টকাখিনি ঘৰৰ ওচৰৰে এখন হাবিত লুকুৱাই ৰাখিছিল ।
আৰক্ষীয়ে ইতিমধ্যেই এই ১৪লাখ ৭৩হাজাৰ টকা উদ্ধাৰ কৰিছে যদিও বাকীথকা টকাখিনি বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ কাৰণ ইতিমধ্যে পলায়ন কৰিছে কৰ্মচাৰী বিক্ৰান্ত যশৱাল আৰু অচিনাক্ত লোকজনে৷ দুই অভিযুক্তক বিচাৰি বৰ্তমানেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান ৷