অবিশ্বাস্য প্ৰত্যাৱৰ্তনেৰে ৰোলাঁ গাৰোত চমক আলকাৰাজৰঃ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে জিনিলে খিতাপ | Spain's Carlos Alcaraz won French Open 2025 title, defeated Italy's Jannik Sinner in men's singles final Assam news - Assam Tv9

অবিশ্বাস্য প্ৰত্যাৱৰ্তনেৰে ৰোলাঁ গাৰোত চমক আলকাৰাজৰঃ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে জিনিলে খিতাপ

Published: 

09 Jun 2025 10:58 AM

ক্লে ক’ৰ্টৰ বাদশ্বাহ খ্যাত ৰাফেল নাডালৰ দেশৰ আন এগৰাকী তাৰকাই ৰোলাঁ গাৰোত দেখুৱাইছে চমক। শক্তিশালী প্ৰদৰ্শনেৰে অবিশ্বাস্য প্ৰত্যাৱৰ্তন ঘটাই ফ্ৰেঞ্চ অ’পেন ২০২৫ৰ খিতাপ দখল কৰিছে স্পেইনৰ কাৰ্লোছ আলকাৰাজে। পুৰুষৰ ফাইনেলত তেওঁ ইটালীৰ জানিক ছিনাৰক পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে খিতাপ জয় কৰে।

1 / 5দেওবাৰে নিশা ক্ৰীড়াবিশ্ব সাক্ষী হ’ল এক ৰোমাঞ্চকৰ ক্ষণৰ। ফ্ৰেঞ্চ অ’পেনৰ পুৰুষৰ একক শাখাৰ ফাইনেলত কালি এক শ্বাসৰুদ্ধকৰ যুঁজৰ অন্তত বিশ্বৰ দ্বিতীয় স্থানৰ টেনিছ খেলুৱৈ স্পেইনৰ কাৰ্লোছ আলকাৰাজে বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ জানিক ছিনাৰক ৪-৬, ৬-৭ (৪), ৬-৪, ৭-৬ (৩), ৭-৬ (২) ব্যৱধানত পৰাস্ত কৰি খিতাপ জয় কৰে।

দেওবাৰে নিশা ক্ৰীড়াবিশ্ব সাক্ষী হ’ল এক ৰোমাঞ্চকৰ ক্ষণৰ। ফ্ৰেঞ্চ অ’পেনৰ পুৰুষৰ একক শাখাৰ ফাইনেলত কালি এক শ্বাসৰুদ্ধকৰ যুঁজৰ অন্তত বিশ্বৰ দ্বিতীয় স্থানৰ টেনিছ খেলুৱৈ স্পেইনৰ কাৰ্লোছ আলকাৰাজে বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ জানিক ছিনাৰক ৪-৬, ৬-৭ (৪), ৬-৪, ৭-৬ (৩), ৭-৬ (২) ব্যৱধানত পৰাস্ত কৰি খিতাপ জয় কৰে।

2 / 5

দুয়োৰে মাজৰ এই যুঁজখন ফ্ৰেঞ্চ অ’পেনৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া ফাইনেল মেচ হিচাপে পৰিগণিত হয়। পাঁচটা ছেটৰ এই মেচখন ৫ ঘণ্টা ২৯ মিনিট সময় ধৰি চলিছিল। লক্ষণীয়ভাৱে দুটা ছেটত পিছ পৰি থকাৰ পিছতো আলকাৰেজে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰে আৰু অবিশ্বাস্য প্ৰত্যাৱৰ্তন ঘটাই খিতাপ অক্ষুণ্ণ ৰাখে।

3 / 5

প্ৰথম দুটা ছেট হেৰুওৱাৰ পিছত আলকাৰাজে দুৰন্ত প্ৰত্যাৱৰ্তন ঘটাই তৃতীয় আৰু চতুৰ্থ ছেট নিজৰ দখললৈ আনে। ইয়াৰ পিছত পঞ্চম ছেটত কঠিন যুঁজৰ অন্তত টাই ব্ৰেকাৰত ৭-৬ ব্যৱধানত ছিনাৰক পৰাভূত কৰে আৰু ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ফ্ৰেঞ্চ অ’পেনৰ খিতাপ জয় কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ ২০২৪ৰ সংস্কৰণতো খিতাপ জয় কৰিছিল আলকাৰাজে।

4 / 5

ইয়াৰ পূৰ্বে ছেমি ফাইনেলত ছিনাৰে টেনিছ কিংবদন্তি ছাৰ্বিয়াৰ ন’ভাক জ’কভিচক ৬-৪, ৭-৫, ৭-৬ (৩) ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ফ্ৰেঞ্চ অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে আলকাৰাজে ছেমি ফাইনেলত লৰেঞ্জো মুছেট্টিক পৰাস্ত কৰিছিল। আঘাতৰ বাবে মুৰেট্টিয়ে মেচখন আধাতে এৰি গৈছিল যদিও সেই সময়ত আলকাৰাজ ৪-৬, ৭-৬ (৩), ৬-০, ২-০ ব্যৱধানত আগবাঢ়ি আছিল।

5 / 5

উল্লেখ্য যে খিতাপ জয়ী আলকাৰাজে পুৰস্কাৰ হিচাপে ২ লাখ ৫৫ হাজাৰ ইউৰো (প্ৰায় ২৫ কোটি টকা)। লাভ কৰিছে। আনহাতে ৰাণাৰ্ছ আপ ছিনাৰে প্ৰায় ১২ কোটি টকা লাভ কৰে। সম্প্ৰতি বিশ্ব ৰেংকিঙৰ দ্বিতীয় স্থানৰ খেলুৱৈ আলকাৰাজে এই খিতাপৰ সৈতে কেৰিয়াৰৰ গ্ৰেণ্ড শ্লেমৰ সংখ্যা ৫টালৈ বৃদ্ধি কৰিছে। এইপৰ্যন্ত তেওঁ দুটা উইম্বলডন (২০২৩, ২০২৪), দুটা ফ্ৰেঞ্চ অ’পেন (২০২৪, ২০২৫) আৰু এটা ইউ এছ অ’পেন (২০২২) খিতাপ দখল কৰিছে।

বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, এইকেইজন ভাৰতীয় ক্ৰিকেটাৰৰ পত্নীও পেছাত চিকিৎসক
বেছিকৈ পূজা কৰা দুখৰ কাৰণ হ'ব পাৰে নেকি? জানক প্ৰেমানন্দ মহাৰাজৰ পৰা...