28 Oct 2024 19:18 PM
চৰ্চালৈ আহিছে বলীউডৰ অভিনেত্ৰী সোণাক্ষী। সোণাক্ষী সিনহাই ছ’চিয়েল মিডিয়াত কিছু ফটো শ্বেয়াৰ কৰিছে। ইয়াৰ পিছতে আৰম্ভ হৈছে অভিনেত্ৰীগৰাকীক লৈ চৰ্চা।
এতিয়া এই নতুন ফটোবোৰত অনুৰাগীৰ বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। একাংশ লোকে মন্তব্য কৰি সোণাক্ষীক গৰ্ভৱতী হোৱাৰ বাবে অভিনন্দন জনাইছে।
২০২৪ চনত বিবাহৰ সিদ্ধান্ত লৈছিল বলীউডৰ অভিনেত্ৰী সোণাক্ষী সিনহাই। তেওঁৰ এই সিদ্ধান্ত বহু কাৰণত চৰ্চা চলিছিল। ইয়াৰ দুটা কাৰণ আছিল। প্ৰথম কাৰণ আছিল যে তেওঁৰ পৰিয়ালৰ লোকক এই সম্পৰ্কত বৰ বেছি সুখী যেন নালাগিল আৰু দ্বিতীয়তে পৰিয়ালৰ বিৰুদ্ধে এই সিদ্ধান্ত লৈছিল অভিনেত্ৰীগৰাকীয়ে।
বৰ্তমান সময়ত সোণাক্ষী সিনহাই নিজৰ সিদ্ধান্তত অতি সুখী হৈ স্বামী জাহিৰ ইকবালৰ সৈতে ব্যক্তিগত জীৱন উপভোগ কৰি আছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ কিছুমান ফটো ভাইৰেল হৈ পৰিছে য’ত বিভিন্নজনে তেওঁ গৰ্ভৱতী হোৱাৰ কথা উল্লেখ কৰিছে।
সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালে ইনষ্টাগ্ৰামত কিছু ছবি শ্বেয়াৰ কৰিছে। এই ছবিবোৰ যেন দীপাৱলী উদযাপনৰ। ফটোবোৰৰ লগতে কেপচনত লিখিছে – Guess the pookie