আলফা(স্বা) সন্দৰ্ভত পোষ্ট দি আটক জাতীয় দলৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়া... | social media post on Ulfa i detained pranab jyoti chetia assam Assam news - Assam Tv9

আলফা(স্বা) সন্দৰ্ভত পোষ্ট দি আটক জাতীয় দলৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়া…

Published: 

31 Jul 2025 14:26 PM

আলফা(স্বা)ৰ হৈ পোষ্ট দি আটক এজন যুৱক। গুৱাহাটীৰ পৰা আটক হোৱা যুৱকজন শিৱসাগৰৰ ডিমৌৰ প্ৰণৱজ্যোতি চেতিয়া বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

1 / 5জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি চেতিয়াক আটক। বৃহস্পতিবাৰে পুৱতি নিশা হাতীগাওঁ আৰক্ষীয়ে আটক কৰে প্ৰণৱক। ছাৰ্ভেৰ ঘৰৰ পৰাই আটক কৰা হয় প্ৰণৱ জ্যোতি চেতিয়াক।

জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি চেতিয়াক আটক। বৃহস্পতিবাৰে পুৱতি নিশা হাতীগাওঁ আৰক্ষীয়ে আটক কৰে প্ৰণৱক। ছাৰ্ভেৰ ঘৰৰ পৰাই আটক কৰা হয় প্ৰণৱ জ্যোতি চেতিয়াক।

2 / 5

আলফাৰ লিংকমেন সন্দৰ্ভত আটক কৰা হৈছে প্ৰণৱক। সম্প্ৰতি হাতীগাঁও থানাৰ পৰা ক্ৰাইম ব্ৰান্সলৈ লৈ যোৱা হৈছে প্ৰণৱক।

3 / 5

জানিব পৰা মতে, সামাজিক মাধ্যমত আলফাৰ সমৰ্থন পোষ্ট দিছিল প্ৰণৱে। ০২/২৫ গোচৰত ধৰি আনি ক্ৰাইম বান্সলৈ নিয়া হৈছে অভিযুক্তগৰাকীক। আৰক্ষীৰ জিম্মালৈ আনি তেওঁক সোধা পোচা কৰা হব।

4 / 5

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বেও আলফা (স্বা)ৰ সমৰ্থনত পোষ্ট দি বহু যুৱক গ্ৰেপ্তাৰ হৈছে। ইফালে অসম আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

5 / 5

ঘটনা সন্দৰ্ভত DCP মৃণাল ডেকাই কয় যে, শিৱসাগৰ ডিমৌৰ প্ৰণৱ জ্যোতি চেতিয়াই আলফা(স্বা) সন্দৰ্ভত ফেচবুকত এটা পোষ্ট দিছিল।এই পোষ্টটো তেওঁ নিজেই দিছিল। এই সন্দৰ্ভক ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু আছে। গতিকে আৰক্ষীৰ জিম্মাত লোৱাৰ পাছতহে জানিব পৰা যাব যে তেওঁৰ আলফা (স্বা)ৰ লগত লিংক আছে নে নাই।

ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত
বৃক্কৰ সমস্যা থাকিলে কৰ্দৈ খাব পাৰিনে? কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক
সম্পৰ্কত সদায় ভালপোৱা অটুট থাকিব, মাথোঁ পালন কৰক এই নিয়ম!
কেঁচা পিঁয়াজৰ উপকাৰী গুণসমূহ জানেনে? জানক সকলো...