আলফা(স্বা) সন্দৰ্ভত পোষ্ট দি আটক জাতীয় দলৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়া... | social media post on Ulfa i detained pranab jyoti chetia assam Assam news - Assam Tv9

আলফা(স্বা) সন্দৰ্ভত পোষ্ট দি আটক জাতীয় দলৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়া…

Published: 

31 Jul 2025 | 02:26 PM

আলফা(স্বা)ৰ হৈ পোষ্ট দি আটক এজন যুৱক। গুৱাহাটীৰ পৰা আটক হোৱা যুৱকজন শিৱসাগৰৰ ডিমৌৰ প্ৰণৱজ্যোতি চেতিয়া বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

1 / 5জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি চেতিয়াক আটক। বৃহস্পতিবাৰে পুৱতি নিশা হাতীগাওঁ আৰক্ষীয়ে আটক কৰে প্ৰণৱক। ছাৰ্ভেৰ ঘৰৰ পৰাই আটক কৰা হয় প্ৰণৱ জ্যোতি চেতিয়াক।

জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি চেতিয়াক আটক। বৃহস্পতিবাৰে পুৱতি নিশা হাতীগাওঁ আৰক্ষীয়ে আটক কৰে প্ৰণৱক। ছাৰ্ভেৰ ঘৰৰ পৰাই আটক কৰা হয় প্ৰণৱ জ্যোতি চেতিয়াক।

2 / 5

আলফাৰ লিংকমেন সন্দৰ্ভত আটক কৰা হৈছে প্ৰণৱক। সম্প্ৰতি হাতীগাঁও থানাৰ পৰা ক্ৰাইম ব্ৰান্সলৈ লৈ যোৱা হৈছে প্ৰণৱক।

3 / 5

জানিব পৰা মতে, সামাজিক মাধ্যমত আলফাৰ সমৰ্থন পোষ্ট দিছিল প্ৰণৱে। ০২/২৫ গোচৰত ধৰি আনি ক্ৰাইম বান্সলৈ নিয়া হৈছে অভিযুক্তগৰাকীক। আৰক্ষীৰ জিম্মালৈ আনি তেওঁক সোধা পোচা কৰা হব।

4 / 5

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বেও আলফা (স্বা)ৰ সমৰ্থনত পোষ্ট দি বহু যুৱক গ্ৰেপ্তাৰ হৈছে। ইফালে অসম আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

5 / 5

ঘটনা সন্দৰ্ভত DCP মৃণাল ডেকাই কয় যে, শিৱসাগৰ ডিমৌৰ প্ৰণৱ জ্যোতি চেতিয়াই আলফা(স্বা) সন্দৰ্ভত ফেচবুকত এটা পোষ্ট দিছিল।এই পোষ্টটো তেওঁ নিজেই দিছিল। এই সন্দৰ্ভক ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু আছে। গতিকে আৰক্ষীৰ জিম্মাত লোৱাৰ পাছতহে জানিব পৰা যাব যে তেওঁৰ আলফা (স্বা)ৰ লগত লিংক আছে নে নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...