ৰাজ্যত অব্যাহত বন্যজন্তুৰ অংগৰ চোৰাং বেহা! আৰক্ষী, বন বিভাগৰ জালত ৩ সৰবৰাহকাৰী | smugglers arrested in nagaon assam Animal Parts Seized Assam news - Assam Tv9

ৰাজ্যত অব্যাহত বন্যজন্তুৰ অংগৰ চোৰাং বেহা! আৰক্ষী, বন বিভাগৰ জালত ৩ সৰবৰাহকাৰী

Published: 

30 Jan 2025 | 04:18 PM

ৰাজ্যত অবাধে চলিছে বন্যজন্তুৰ অংগৰ অবাধ চোৰাং বেহা। বন্যজন্তু তথা পক্ষীৰ শৰীৰৰ অংগ সৰবৰাহৰ চক্ৰই চলাই আহিছে দুষ্টচক্ৰই । গোপন সূত্ৰৰ পম খেদি কাজিৰঙা আৰু নগাঁও বন বিভাগে কঠিয়াতলী আৰক্ষীৰ সহযোগত জব্দ কৰিছে হাতীৰ দাঁত, বাঘৰ দাঁতৰ লগতে বহুতো জন্তু দেহৰ অংগ ৷

1 / 5নগাঁৱৰ ঘূৰঘূৰিত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বন্যজন্তুৰ অংগ ৷ নিশা বিভিন্ন জন্তুৰ অংগ, হাড় আদি বিক্ৰীৰ বাবে লৈ গৈ থকা অৱস্থাতে নগাঁও আৰক্ষী আৰু কাজিৰঙা বন বিভাগৰ অভিযানত ধৰা পৰে এটা দুষ্টচক্ৰ ।

নগাঁৱৰ ঘূৰঘূৰিত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বন্যজন্তুৰ অংগ ৷ নিশা বিভিন্ন জন্তুৰ অংগ, হাড় আদি বিক্ৰীৰ বাবে লৈ গৈ থকা অৱস্থাতে নগাঁও আৰক্ষী আৰু কাজিৰঙা বন বিভাগৰ অভিযানত ধৰা পৰে এটা দুষ্টচক্ৰ ।

2 / 5

৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথত আৰক্ষী আৰু বন বিভাগে জব্দ কৰে সামগ্ৰীসমূহ ৷ চক্ৰটোৰ পৰা জব্দ কৰা হয় বাঘ, হাতী আদি বন্যজন্তুৰ ছাল আৰু দাঁতৰ লগতে অন্যান্য অংগ। লগতে আটক কৰে তিনিজনকৈ লোকক ।

3 / 5

দুখন বাইকত আনিছিল বন্যজন্তুৰ অংগসমূহ ৷ সামগ্ৰীখিনি বিক্ৰী কৰাৰ যো-জা চলাওঁতেই তিনিজন লোকক আটক কৰে আৰক্ষীয়ে ৷

4 / 5

আটকাধীন লোক কেইজন কাৰ্বি আংলঙৰ অমৰ হাঞ্চে, প্ৰবীণ চাংমাই আৰু নগাঁৱৰ মহিন্দ্ৰ বৰগ্ৰাং । আটক কৰা লোক তিনিজনৰ পৰা আৰক্ষী আৰু বন বিভাগৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাঘৰ ছাল, দাঁতৰ উপৰিও হাতীৰ দাঁত ।

5 / 5

ইয়াৰ উপৰিও বন্যজন্তুৰ অংগ সৰবৰাহ চক্ৰটোৱে ব্যৱহাৰ কৰা বাইক দুখনৰ লগতে তিনিটাকৈ মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পৰা ৩ জনীয়া দলটোৱে বাঘ, হাতী আদি বন্যজন্তুৰ ছাল আৰু দাঁতৰ লগতে অন্যান্য অংগ বিক্ৰীৰ বাবে যো-জা চলোৱাৰ এক খবৰ গোপন খবৰ লাভ কৰিছিল কাজিৰঙা বন বিভাগে। ইয়াৰ পাছতে অভিযান চলাই আটক কৰা হয় দলটোক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...