মহিলা বিশ্বকাপৰ ফাইনেলত ডাঙৰ অভিলেখ ভংগ স্মৃতি মান্ধনাৰ | Smriti Mandhana has the most runs in a single edition of ICC Womens ODI World Cup for India Assam news - Assam Tv9

মহিলা বিশ্বকাপৰ ফাইনেলত ডাঙৰ অভিলেখ ভংগ স্মৃতি মান্ধনাৰ

Updated On: 

02 Nov 2025 19:06 PM

ICC মহিলা বিশ্বকাপ ২০২৫ৰ ফাইনেলত স্মৃতি মান্ধনাই ৫৮টা বলত ৪৫ ৰান সংগ্ৰহ কৰে। অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলেও তেওঁ এক উল্লেখযোগ্য অভিলেখ গঢ়িলে।

1 / 5স্মৃতি মান্ধনা: মহিলা বিশ্বকাপৰ ফাইনেলত এক উল্লেখযোগ্য অভিলেখ গঢ়িলে স্মৃতি মান্ধনাই। এই খেলখনত মান্ধনাই ৪৫ ৰান সংগ্ৰহ কৰি মহিলা বিশ্বকাপৰ একক সংস্কৰণত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। (ফটো-পিটিআই)

স্মৃতি মান্ধনা: মহিলা বিশ্বকাপৰ ফাইনেলত এক উল্লেখযোগ্য অভিলেখ গঢ়িলে স্মৃতি মান্ধনাই। এই খেলখনত মান্ধনাই ৪৫ ৰান সংগ্ৰহ কৰি মহিলা বিশ্বকাপৰ একক সংস্কৰণত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। (ফটো-পিটিআই)

2 / 5

২০১৭ চনৰ বিশ্বকাপত ৪০৯ ৰান সংগ্ৰহ কৰা প্ৰাক্তন অধিনায়ক মিতালী ৰাজক অতিক্ৰম কৰিলে স্মৃতি মান্ধনাই। এই প্ৰতিযোগিতাত মান্ধনাই ৪৩৪ ৰান সংগ্ৰহ কৰি এতিয়া অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। (ফটো-পিটিআই)

3 / 5

২০২৫ চনৰ বিশ্বকাপত স্মৃতি মান্ধনাই মুঠ ৯টা ছয় আৰু ৫০টা চাৰিৰে ৰান সংগ্ৰহ কৰি এই ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ গড় আছিল ৫৪.২৫। এটা শতক আৰু তিনিটা অৰ্ধশতক অৰ্জন কৰিছিল মান্ধনাই। (ফটো-পিটিআই)

4 / 5

কিন্তু ফাইনেলত ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে স্মৃতি মান্ধনাই। ৪৫ ৰান সংগ্ৰহ কৰিয়ে উভটিল স্মৃতি । ক্ল’ ট্ৰায়নৰ বলত কাট শ্বটৰ চেষ্টা চলাওঁতে উইকেট কিপাৰ চিনালাও জাফতাই ধৰে কেচ। (ফটো-পিটিআই)

5 / 5

ফাইনেলত শেফালী বাৰ্মাৰ সৈতে ১০৪ ৰানৰ অংশীদাৰিত্ব কৰিছিল স্মৃতি মান্ধনাই। এই অংশীদাৰিত্বই শ্বেফালিৰ সৈতেও মুঠ ১০০০ ৰান আনিছিল। ফাইনেলত শ্বেফালীয়ে পঞ্চাশ প্লাছ স্ক’ৰ কৰে। (ফটো-পিটিআই)

পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক
ভিটামিন Cৰ অভাৱৰ ফলত শৰীৰত দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...