Skin Care Tips: শীতকালৰ নিশা এইদৰে লওক ছালৰ যত্ন, দিনটো জিলিকি থাকিব মুখ... | Skincare Tips: Follow this night skincare routine to get glow every morning in winter Assam news - Assam Tv9

Skin Care Tips: শীতকালৰ নিশা এইদৰে লওক ছালৰ যত্ন, দিনটো জিলিকি থাকিব মুখ…

Published: 

28 Oct 2025 16:16 PM

শীতকালত আপোনাৰ ছালখন অত্যন্ত শুকান হ’ব পাৰে। লগতে খজুৱতি আৰু উজ্জ্বলতা হ্ৰাস পোৱা সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাতি ছালৰ যত্নৰ সঠিক ৰুটিন মানি চলাটো অতি গুৰুত্বপূৰ্ণ। কি কৰিব লাগে জানো আহক।

1 / 5ডাবল ক্লিনিং: প্ৰতিটো ঋতুতে শোৱাৰ আগতে মুখখন ডাবল ক্লিনিং কৰাটো অতি প্ৰয়োজনীয়। কিয়নো দিনটোৰ মেকআপ, প্ৰদূষণ আৰু মলিয়ে ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে। শীতকালীন নিশাৰ ছালৰ যত্নৰ বাবে নিশ্চয়কৈ এনেকুৱা ফেচ ৱাছ আৰু ক্লিনজাৰ বাছি লওক যিয়ে আপোনাৰ ছালৰ প্ৰাকৃতিক তেল বজাই ৰাখে।

ডাবল ক্লিনিং: প্ৰতিটো ঋতুতে শোৱাৰ আগতে মুখখন ডাবল ক্লিনিং কৰাটো অতি প্ৰয়োজনীয়। কিয়নো দিনটোৰ মেকআপ, প্ৰদূষণ আৰু মলিয়ে ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে। শীতকালীন নিশাৰ ছালৰ যত্নৰ বাবে নিশ্চয়কৈ এনেকুৱা ফেচ ৱাছ আৰু ক্লিনজাৰ বাছি লওক যিয়ে আপোনাৰ ছালৰ প্ৰাকৃতিক তেল বজাই ৰাখে।

2 / 5

ছালৰ টোনিং: মুখখন পৰিষ্কাৰ কৰাৰ পিছত টোনাৰ প্ৰয়োগ কৰক, কিয়নো ই আপোনাৰ ছালৰ পি এইচ বজাই ৰখাত সহায় কৰে। টোনাৰ বনাবলৈ আপুনি গোলাপ জল, গ্লিচাৰিন, আৰু এলোভেৰা জেল আদি প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰিব পাৰে। কপাহেৰে মুখত লগাওক।

3 / 5

ছিৰাম প্ৰয়োগ কৰক: টোনাৰ আপোনাৰ ছালত শোষিত হ’লে আপোনাৰ ছালৰ প্ৰকাৰৰ লগত খাপ খোৱা ছিৰাম প্ৰয়োগ কৰক। ইয়াৰ বাবে ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক, যাৰ ফলত আপোনাক ভাল ফলাফল পোৱা যাব।

4 / 5

গধুৰ মইশ্ব’ৰাইজাৰ: শীতকালত আপোনাৰ ছালত অতিৰিক্ত আৰ্দ্ৰতাৰ প্ৰয়োজন হয়। কিন্তু দিনত গধুৰ মইশ্ব’ৰাইজাৰে আপোনাৰ মুখখন তেলীয়া যেন দেখাব পাৰে। সেয়েহে ৰাতি গধুৰ মইশ্ব’ৰাইজাৰ লগাব লাগে। নতুবা হাইড্ৰেটিং মাস্ক লগাব পাৰে। আলমণ্ড অইল, কেষ্টাৰ অইল, অলিভ অইল আদিও আপোনাৰ ছালখন মইশ্ব’ৰাইজ কৰাৰ বাবে উৎকৃষ্ট।

5 / 5

এই ফেচ পেক প্ৰয়োগ কৰক: শীতকালত নিস্তেজতা আঁতৰাবলৈ, ছাল পৰিষ্কাৰ কৰিবলৈ লগতে ছাল কোমল, জিলিকনি অব্যাহত ৰাখিবলৈ ৰাতি দৈৰ সৈতে এচিকুট বা দুটা হলুদ মিহলাই তৈয়াৰ কৰা ফেচ পেক প্ৰয়োগ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ ৰংও উন্নত হয়।

চুলি চিঙি চিঙি যায় নেকি? কেনেকৈ দূৰ কৰিব সমস্যা জানক
অষ্ট্ৰেলিয়াৰ বিপক্ষে টি-২০ শৃংখলাত নিশ্চিত ভাৰতৰ জয়! এই কাৰণে আপোনাকো কৰিব ‘আত্মবিশ্বাসী’
শীতকালত উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
দেহ-মন সুস্থ ৰাখিবলৈ কিমান খাদ্য খাব লাগে? প্ৰেমানন্দ মহাৰাজৰ মতে...