ছাল হৈ পৰিব ধুনীয়া আৰু উজ্বল! মাত্ৰ সপ্তাহত ২বাৰ ব্যৱহাৰ কৰক এই বস্তু... | skin care routine how to apply lemon in face know in details Assam news - Assam Tv9

ছাল হৈ পৰিব ধুনীয়া আৰু উজ্বল! মাত্ৰ সপ্তাহত ২বাৰ ব্যৱহাৰ কৰক এই বস্তু…

Updated On: 

11 Jul 2025 06:52 AM

কিছুমান প্ৰাকৃতিক বস্তু-সামগ্ৰী ব্যৱহাৰ কৰিও ছাল ধুনীয়া কৰিব পাৰি। সেয়া হ'ল- নেমু। মুখৰ ৰং উন্নত আৰু পৰিষ্কাৰ কৰাত নেমুই যথেষ্ঠ সহায়ক কৰে। নেমুত চাইট্ৰিক এচিড, ভিটামিন চি আৰু ব্লিচিং গুণ থাকে। ইয়াৰ দ্বাৰা মুখখন কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি জানো আহক।

1 / 5নেমু সহজে পোৱা যায়, যাৰ বহু উপকাৰী গুণ আছে। কিন্তু ইয়াক সঠিকভাৱে ব্যৱহাৰ নকৰিলে ছালৰ ক্ষতিও হ'ব পাৰে। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু প্ৰাকৃতিক এচিড থাকে। এই উপাদানসমূহে ছালৰ দাগ আৰু ৰং পাতল কৰাত সহায় কৰে। ইয়াৰ লগতে নেমুয়ে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালখনক এক্সফোলিয়েট কৰি প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তোলে।

নেমু সহজে পোৱা যায়, যাৰ বহু উপকাৰী গুণ আছে। কিন্তু ইয়াক সঠিকভাৱে ব্যৱহাৰ নকৰিলে ছালৰ ক্ষতিও হ'ব পাৰে। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু প্ৰাকৃতিক এচিড থাকে। এই উপাদানসমূহে ছালৰ দাগ আৰু ৰং পাতল কৰাত সহায় কৰে। ইয়াৰ লগতে নেমুয়ে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালখনক এক্সফোলিয়েট কৰি প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তোলে।

2 / 5

যদি আপুনি নেমু ছালত ব্যৱহাৰ কৰিব বিচাৰে তেন্তে প্ৰথম নেমু ৰস অলপ পানীত মিহলাই লহওক। ইয়াত এলোভেৰা জেল বা মৌ মিহলাব পাৰে। প্ৰথমে ইয়াৰ পেষ্ট বনোৱা প্ৰয়োজনীয়। তাৰ পাছত মুখত লগাব পাৰে। যদি ২৪ ঘণ্টা ধৰি ছালত কোনো প্ৰতিক্ৰিয়া নহয় তেন্তে আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে।

3 / 5

নেমু অম্লীয় প্ৰকৃতিৰ বাবে ইয়াক পোনপটীয়াকৈ ছালত প্ৰয়োগ কৰিলে বিষ বা প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে। এনে অৱস্থাত নেমুৰ ৰসক সদায় পানী, এলোভেৰা জেল বা মৌৰ দৰে কোনো মৃদু উপাদান মিহলাই ব্যৱহাৰ কৰাটো প্ৰয়োজন। এনেকৈ লগাই কিছু সময় ৰাখি মুখখন পাছত ধুই দিব লাগে।

4 / 5

কিন্তু এই পেষ্ট লগোৱাৰ পাছত যদি বিষ বা ৰঙা পৰা অনুভৱ কৰে তেন্তে ইয়াৰ অৰ্থ হ’ল নেমু আপোনাৰ ছালৰ লগত খাপ খোৱা নাই। এনে অৱস্থাত ইয়াৰ ব্যৱহাৰ আপুনি পৰিহাৰ কৰিব লাগে। প্ৰতিদিনে নেমু লগোৱা ভাল নহয়। সপ্তাহত ২-৩ বাৰ আপুনি ছালত নেমু ব্যৱহাৰ কৰিব পাৰে।

5 / 5

নেমুৰ মিশ্ৰণ বনোৱাৰ পিছত মুখখন ভালদৰে চাফা কৰি লব। আঙুলি বা কটন পেডৰ সহায়ত গোটেই মুখত লগাব লাগে। ৫-১০ মিনিট ৰখাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব লাগে। ইয়াৰ পিছত মুখখন শুকুৱাই লোৱাৰ পিছত তাত মইশ্ব’ৰাইজাৰ লগাব লাগে। কাৰণ নেমু মুখখন শুকুৱাব পাৰে।

পূজা-পাঠ কৰা লোকসকলৰ জীৱনত বেছি সমস্যা কিয় আহে? ক'লে প্ৰেমানন্দ মহাৰাজে...
জীৱনলৈ বেয়া দিন আহিলে কি কি অশুভ সংকেতে দেখা দিয়ে?
অসমীয়া কেলেণ্ডাৰ মতে শাওণৰ সোমবাৰ কেতিয়া?
শিৱৰ প্ৰিয় ফুল কি জানেনে? অৰ্পন কৰক শাওণ মাহত, পাব সুফল...