চাইনাছৰ সমস্যা আছে নেকি? ভুলতো নাখাব এইসমূহ খাদ্য, জানক চিকিৎসকৰ পৰা... | Sinus problem avoid these things know from doctor in details assamese Assam news - Assam Tv9

চাইনাছৰ সমস্যা আছে নেকি? ভুলতো নাখাব এইসমূহ খাদ্য, জানক চিকিৎসকৰ পৰা…

Published: 

03 Nov 2025 14:32 PM

Sinus Problem Solution: বৰ্তমান বতৰ সলনি হৈছে। এই সময়চোৱাত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বিশেষকৈ চাইনাছৰ সমস্যা বৃদ্ধি হয়। যদি আপোনাৰো এই সমস্যা আছে তেন্তে কিছুমান দিশৰ ওপৰত গুৰুত্ব দিয়া ভাল।

1 / 5বৰ্তমান সময়ত ছাইনাছাইটিছৰ সমস্যা এক সাধাৰণ হৈ পৰিছে। বিশেষকৈ শীতকালত এই সমস্যা বৃদ্ধি হোৱা দেখা যায়। ইয়াৰ ফলত নাক, কপাল, চকুৰ চাৰিওফালে বিষ আৰু চাপৰ অনুভৱ হয়। এই সমস্যা থাকিলে স্বাস্থ্যৰ বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন আৰু কিছুমান বস্তুৰ পৰা আঁতৰি থকা প্ৰয়োজন।

বৰ্তমান সময়ত ছাইনাছাইটিছৰ সমস্যা এক সাধাৰণ হৈ পৰিছে। বিশেষকৈ শীতকালত এই সমস্যা বৃদ্ধি হোৱা দেখা যায়। ইয়াৰ ফলত নাক, কপাল, চকুৰ চাৰিওফালে বিষ আৰু চাপৰ অনুভৱ হয়। এই সমস্যা থাকিলে স্বাস্থ্যৰ বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন আৰু কিছুমান বস্তুৰ পৰা আঁতৰি থকা প্ৰয়োজন।

2 / 5

নয়দাৰ মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ ই এন টি কনচালটেণ্ট ডাঃ সিদ্ধাৰ্থ এছ শ্ৰীবাস্তৱে কয় যে, কিছুমান খাদ্যই চাইনাছৰ সমস্যা আৰু অধিক বৃদ্ধি কৰিব পাৰে। এই সমস্যা থাকিলে পনিৰ, দৈ, মাখল, চানা, লাছি, গাখীৰ আদি খাব নালাগে। অৰ্থাৎ দুগ্ধজাত খাদ্যই সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰোপৰি ৰিফাইন কাৰ্বোহাইড্ৰেট বগা চাউল, চোডা বা পাস্তাই এই সমস্যা বৃদ্ধি কৰিব পাৰে।

3 / 5

ইয়াৰোপৰি এই সমস্যা থাকিলে ঠাণ্ডা পানী, ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰোপৰি এই অৱস্থাৰ লক্ষণসমূহ প্ৰতিৰোধ কৰাত সহায় কৰিবলৈ ভিটামিন চি সমৃদ্ধ খাদ্য যেনে অমিতা, ষ্ট্ৰবেৰী আদি খাব লাগে। ইয়াৰ লগতে খাদ্যত অমেগা ৩ ফেটি এচিডযুক্ত খাদ্য যেনে আখৰোট, মাছ আদি অন্তৰ্ভুক্ত কৰিব পাৰে।এইবোৰ প্ৰদাহ কমোৱাত সহায়ক।

4 / 5

যদি আপোনাৰ চাইনাছৰ সমস্যা আছে তেন্তে ব্ৰকলি, কবি, কচু, সেউজীয়া শাক-পাচলি আদি খাব পাৰে। এইবোৰ বস্তুত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে চাইনাছৰ সমস্যা বৃদ্ধি হোৱাত বাধা দিয়ে। ইয়াৰোপৰি গ্ৰীণ টি খাব পাৰে। গ্ৰীণ টিত এন্টিঅক্সিডেন্ট থাকে।

5 / 5

উল্লেখ্য যে, বতৰৰ পৰিৱৰ্তন বা অন্য কাৰণত চাইনাছৰ সমস্যা বৃদ্ধি পাব পাৰে। এই সময়চোৱাত খাদ্যৰ ওপৰত বিশেষ যত্ন দিব লাগে। ঠাণ্ডা পানী একেবাৰে পৰিহাৰ কৰিব লাগে। যদি দীৰ্ঘদিন ধৰি এই সমস্যা হৈ আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক