বিদায় মোৰ সোণ... ভাতৃৰ মৃত্যুত আৱেগিক পোষ্ট কণ্ঠশিল্পী জুবলীৰ | Singer Zubilee Share an emotional post on her brother's death Assam news - Assam Tv9

বিদায় মোৰ সোণ… ভাতৃৰ মৃত্যুত আৱেগিক পোষ্ট কণ্ঠশিল্পী জুবলীৰ

Updated On: 

19 Apr 2025 | 09:30 PM

কেতিয়াবা কিছুমান সম্পৰ্ক তেজৰ নহ'লেও আপোন হৈ পৰে। জীৱনত প্ৰতিদিনে বহু মানুহ লগ পাও, কিন্তু তাৰ মাজৰ কোনোবা আপোনাৰ ভাল লগা ব্যক্তি হৈ পৰিব পাৰে। আজি কণ্ঠশিল্পী জুবলীৰ ভাতৃ তেজয় বৰুৱাৰ মৃত্যুত পুনৰ এই কথা সকলোৱে অনুভৱ কৰিছে।

1 / 5অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী। নিজক সুকীয়া সংগীতশৈলীৰে সফলতা লাভ কৰিছে জুবলীয়ে। কিন্তু আজি শোকত ভাগি পৰিছে জুবলী।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী। নিজক সুকীয়া সংগীতশৈলীৰে সফলতা লাভ কৰিছে জুবলীয়ে। কিন্তু আজি শোকত ভাগি পৰিছে জুবলী।

2 / 5

আনৰ আগত হাঁহি-ফূৰ্তি কৰি থাকিলেও মানুহ সুখী নহয়। বহু সমস্যাৰ মাজেৰে নিজকে সংগীতৰ যাত্ৰাত আগুৱাই নিছে জুবলীয়ে। তেজৰ সম্পৰ্ক নহ'লেও ভাতৃ তেজয় বৰুৱা। লখিমপুৰৰ শিখ সম্প্ৰদায়ত জন্ম গ্ৰহণ যুৱকজনৰ প্ৰকৃত নাম তাজিন্দৰ সিং।

3 / 5

সামাজিক মাধ্যমত এটা পোষ্ট দি জুবলীয়ে লিখেছে- আজি মন গৈছে কথা এটা ক’বলৈ...আজি মোৰ এজন ভাইটিৰ লগত চিনাকী কৰি দিবলৈ, নাম তাৰ তেজয় বৰুৱা। মৰমত মাতো মানু বুলি। এটিযেন হাঁহিৰ ভঁড়াল সি। সৰু কথা এটাতে ইমান হাঁহিব পাৰে। আমাৰ হাঁহি আছিল সি, আমাৰ জীৱনৰ এটা দৃঢ় অংশ আছিল সি। মই তাৰ হেনো BEST বায়েক। সকলো কথা কয়, তাৰ জীৱনৰ প্ৰায়বোৰ গুৰুত্তপূ্ৰ্ণ সিদ্ধান্ত মোক সুধিহে যেন লয়। নেজানো তাৰ বাবে কি কৰিলো, কিন্তু তাৰ মতে বহুত কৰিছো।

4 / 5

দীঘলীয়া পোষ্টটোত জুবলীয়ে কয়, ইমান আপোনভাৱ, ইমান মৰম। বিশ্বাস আছিল সি মোক চাব, সি কথাও দিছিল কিন্তু সি কথা ৰাখিব নোৱাৰিলে। সি এৰি গ’ল আমাক। সি যোৱা ডেৰ মাহে যুঁজ দি ভাগৰি পৰিল। ৩৬ বছৰ হৈছিল, আৰু অলপ জোৰ দিব লাগিছিল। তাক উঠাই আনি ক’বলৈ মন গৈছে, পৰিয়ালৰ দুজনকৈ লোক - মোৰ দেউতা আৰু মোৰ বাইদেও কেন্সাৰ সৈতে যুদ্ধ কৰি আছে যোৱা তিনি চাৰি বছৰ ধৰি, এতিয়াও সাহস এৰি দিয়া নাই, তই কিয় সাহস এৰি দিলি। মই বেয়া পাইছো তোক। মই ভগৱানকো বেয়া পাইছো কাৰণ বহুত কাকূতি মিনতি কৰিলো তেঁওক কিন্তু নুশুনিলে। ভাগৰুৱা মই, মোক প্ৰয়োজন আছিল তোৰ এইতো সময়ত। তোৰ মা আছিল ৰৈ, মাক ভালদৰে চাবলগীয়া আছিল তোৰ। কি যে কৰিলি!

5 / 5

শেষত জবলীয়ে কয়, আজি ফৰিদাবাদত অনুষ্ঠান আছে, ৰাইজ আছে ৰৈ। ৰাইজৰ আৰ্শীবাদত বহুত শক্তি, মইও মানো কিন্তু আজি কি ক’ম? কি আৰ্শিবাদ দিব তোক ৰাইজে? মইতো হাঁহিবও লাগিব, গীতও গাব লাগিব কিন্তু চকুলো ওলাব নোৱাৰিব কিয়নো আগত ৰাইজ আছে ৰৈ। মনে কষ্ট পাব কিন্তু আজি তোৰ কাৰণেই গাম, মই জানো তই তাৰ পৰা দেখি ভাল পাবি। তই ভালে থাক …… বিদায় মোৰ সোণ ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...