মই সম্পদো, বিপদো, মই বাঘ পুহিছোঁ: ভাস্কৰজ্যোতি মহন্তৰ পৰামৰ্শক লৈ এইদৰে ক’লে জুবিনে... | singer Zubeen Garg rection on Bhaskar Jyoti Mahanta advice in guwahati Assam news - Assam Tv9

মই সম্পদো, বিপদো, মই বাঘ পুহিছোঁ: ভাস্কৰজ্যোতি মহন্তৰ পৰামৰ্শক লৈ এইদৰে ক’লে জুবিনে…

Updated On: 

11 Jan 2025 | 01:49 PM

মহানগৰীৰ বামুনিমৈদামৰ নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ বাকৰিত শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত ৱেব পৰ্টেল 'সক্ষম'ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গ। অনুষ্ঠানত উপস্থিত থাকি জুবিনক কেইবাটাও পৰামৰ্শ দিলে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। প্ৰত্যুত্তৰত জুবিনেও কৈ গ'ল বহু কথা....

1 / 5জুবিন গাৰ্গক পাগলামি কমাবলৈ পৰামৰ্শ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ৷ তেওঁ কয়,  "জুবিনে এতিয়া পাগলামি নকৰে। এতিয়া অসমৰ দ্বায়িত্ব আপোনাৰ ওপৰত। সাৱধান হ'ব লাগিব।"

জুবিন গাৰ্গক পাগলামি কমাবলৈ পৰামৰ্শ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ৷ তেওঁ কয়, "জুবিনে এতিয়া পাগলামি নকৰে। এতিয়া অসমৰ দ্বায়িত্ব আপোনাৰ ওপৰত। সাৱধান হ'ব লাগিব।"

2 / 5

ইয়াৰ প্ৰত্যুত্তৰত জুবিন গাৰ্গে কয়, আজিকালি ইমান নকৰো। কেতিয়াবা দৰকাৰ হ'লে কৰি দিও। মই সম্পদো বিপদো।"

3 / 5

অনুষ্ঠানত জুবিনে কয়,"মই বাঘ পুহিছোঁ। ২ বছৰৰ পৰা মই বাঘ পুহি আছোঁ। হৰিণ পুহিছোঁ। ময়ূৰ পুহিছোঁ। মোৰ এখন মিনি জু আছে।"

4 / 5

কণ্ঠশিল্পীগৰাকীয়ে কয়, "বহু মানুহ ডাঙৰ ডাঙৰ বেমাৰ লৈ মোৰ ওচৰলৈ আহে। কিন্তু মই কিমান সহায় কৰিম? মই যিমান পাৰো সহায় কৰো।"

5 / 5

তেওঁ "মই যিমান পইচা পাও আধা মানুহক বিলাই দিও। যিখিনি মোক চলিবলৈ লাগে সিমানখিনি থাকিলে হ'ল।"

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?