11 Feb 2025 | 11:35 PM
ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ ৫০ হাজাৰ টকা আগবঢ়াইছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই । সামাজিক মাধ্যম যোগে এই তথ্য প্ৰকাশ কৰিছে জিতেন দত্তই । এই ৫০ হাজাৰ টকা আগবঢ়োৱা কথা মৰ্মিতা স্বামীয়ে অৱগত কৰাৰ কথাও সদৰী কৰিছে জিতেন দত্তই ।
পশ্চিমবংগৰ জীয়ৰী মৰ্মিতা মিত্ৰই বৰ্তমান অসমত যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । বিশেষকৈ জুবিন গাৰ্গৰ বহু কেইটা গীত গাই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই ।
আৰ্থিক অনুদান আগবঢ়োৱাৰ সন্দৰ্ভত জিতেন দত্তই কয় যে, "ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ ৫০ হাজাৰ টকা আগবঢ়োৱাৰ কথা আমাক অলপ আগতে মৰ্মিতাৰ স্বামী অমিতে অৱগত কৰিছে আৰু লগতে ৰাজীৱৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কৈছে যে, এদিন ৰাজীৱ শদিয়াৰ ঘৰলৈ গৈ পৰিবাৰক লগ কৰিব।"
অহা ১৫ ফেব্ৰুৱাৰী তাৰিখে মৰ্মিতা অসমলৈ আহিব আৰু ১৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত ফাউণ্ডেশ্যনক ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰিব বুলি সদৰী কৰিছে জিতেন দত্তই ।
ইফালে মৰ্মিতাৰ দৰে অসমৰ শিল্পী সমাজেও যি পাৰে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ সাহাৰ্য আগবঢ়োৱাৰ চিন্তা কৰিবলৈ আহ্বান জনাই জিতেন দত্তই । লগতে ফাউণ্ডেশ্যনটোৰ জৰিয়তে ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ ভৱিষ্যত সুনিশ্চিত কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে জিতেন দত্তই।