Singapore Cost to Travel: ছিংগাপুৰ যাবলৈ এজন ভাৰতীয়ক কিমাট টকাৰ প্ৰয়োজন হয়? জানক সকলো... | Singapore Cost To Travel India To Singapore Flight Price Hotel Price See In Details In Assamese Assam news - Assam Tv9

Singapore Cost to Travel: ছিংগাপুৰ যাবলৈ এজন ভাৰতীয়ক কিমাট টকাৰ প্ৰয়োজন হয়? জানক সকলো…

Updated On: 

26 Sep 2025 15:25 PM

Singapore Cost to Travel: প্ৰতিবছৰে লাখ লাখ ভাৰতীয় লোক ভ্ৰমণৰ বাবে ছিংগাপুৰলৈ যায়। পিছে প্ৰশ্ন হয়, ছিংগাপুৰত যাবলৈ এজন ভাৰতীয়ক ক'মেও কিমান টকাৰ প্ৰয়োজন হ'ব? এই লেখাটোত সাম্যক ধাৰণা এটা দিয়া হ'ল।

1 / 6ছিংগাপুৰ এখন ধনী ৰাষ্ট্ৰ। দেশখনত প্ৰায় ৫.৮৭ মিলিয়ন জনসংখ্যা আছে। এই দেশখনত বিভিন্ন ধৰ্মৰ লোক আছে যদিও বৌদ্ধ ধৰ্মৰ লোক বেছিকৈ আছে। ১৯৬৫ চনত মালেছিয়াই ছিংগাপুৰক স্বাধীন কৰি দিছিল। প্ৰায় ৬৪ টা সৰু-বৰ নদী দ্বীপৰ দ্বাৰা গঠিত ছিংগাপুৰ।

ছিংগাপুৰ এখন ধনী ৰাষ্ট্ৰ। দেশখনত প্ৰায় ৫.৮৭ মিলিয়ন জনসংখ্যা আছে। এই দেশখনত বিভিন্ন ধৰ্মৰ লোক আছে যদিও বৌদ্ধ ধৰ্মৰ লোক বেছিকৈ আছে। ১৯৬৫ চনত মালেছিয়াই ছিংগাপুৰক স্বাধীন কৰি দিছিল। প্ৰায় ৬৪ টা সৰু-বৰ নদী দ্বীপৰ দ্বাৰা গঠিত ছিংগাপুৰ।

2 / 6

ছিংগাপুৰত লাখ লাখ ভাৰতীয় আছে। প্ৰতিবছৰে লাখ লাখ ভাৰতীয় কেৱল ভ্ৰমণৰ বাবে ছিংগাপুৰলৈ যায়। পিছে প্ৰশ্ন হয়, ছিংগাপুৰলৈ যাবৰ বাবে কিমান টকা খৰচ হয় এগৰাকী ভাৰতীয়ৰ? উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ ১০০ টকা ছিংগাপুৰত ১.৪৫ ছিংগাপুৰ ডলাৰ হয়। ভাৰতীয় টকাৰ মূল্য ছিংগাপুৰত কম হৈ পৰে। এই লেখাটোত ছিংগাপুৰ ভ্ৰমণৰ এটা ন্যূনতম খৰচ দাঙি ধৰা হ'ল।

3 / 6

ছিংগাপুৰলৈ যাবৰ বাবে প্ৰথমে ভিছা লাগিব। ক'মেও ইয়াৰ বাবে ৩ হাজাৰ টকা লাগিব। ইয়াৰোপৰি যদি দিল্লীৰ পৰা আপুনি ছিংগাপুৰলৈ যায় তেন্তে বিমানত প্ৰায় ৩০,০০০ টকা খৰচ হ'ব। অৰ্থাৎ অহা যোৱাত প্ৰায় ৫০-৬০ হাজাৰ টকা। বিমান অনুসৰি দাম বেলেগ বেলেগ হয়। লগতে কেতিয়াবা এই দাম কম বেছি হয়। ছিংগাপুৰ পাবলৈ বিমানত প্ৰায় ৫-৬ ঘন্টাৰ সময়ৰ প্ৰয়োজন হয়।

4 / 6

ছিংগাপুৰৰ এখন সাধাৰণ হোটেলত থাকিবলৈ আপোনাক প্ৰতিদিনে প্ৰায় অতি কমেও ৭ হাজাৰ টকাৰ প্ৰয়োজন হ'ব (বুকিং ডট কমৰ তথ্য)। হোটেল অনুযায়ী দাম বেলেগ। কিছুমান হোটেলৰ দাম ৩০ হাজাৰৰ পৰা ৯০ হাজাৰ টকা পৰ্যন্ত। সাধাৰণ হোটেলৰ পৰা অতি উচ্চ মানৰ হোটেল আছে।

5 / 6

খাদ্যৰ ক্ষেত্ৰত সবাতোকৈ কম দামত ৫ ছিংগাপুৰ ডলাৰত পাব পাৰে। ভাৰতীয় টকা অনুসৰি ইয়াৰ মূল্য ৩৪৩ টকা। অৱশ্যে এয়া অতি সাধাৰণ খাদ্যৰ মূল্য। খাদ্য অনুযায়ী মূল্য বেলেগ বেলেগ। অতি সাধাৰণভাৱে খাবলৈ এজন ভাৰতীয়ক প্ৰতিদিনে প্ৰায় ২-৩ হাজাৰ টকাৰ প্ৰয়োজন হ'ব।

6 / 6

ইয়াৰোপৰি ঘূৰা-ফুৰাৰ বাবে বেলেগকৈ টকাৰ প্ৰয়োজন হ'ব। যদি আপুনি ট্ৰেভেল এজেন্সিৰ জৰিয়তে যায় তেন্তে প্ৰায় ১ লাখৰো অধিক টকাৰ পৰা পেকেজ আৰম্ভ হয়। সময় অনুযায়ী দাম বেলেগ বেলেগ হয়। এই খৰচ ৫ নিশা ৬ দিনৰ বাবে। ইয়াত হোটেল, খাদ্য, ভ্ৰমণ আদি সকলো অন্তৰ্ভুক্ত থাকিব (চুপাৰ্ব ছিংগাপুৰ এণ্ড কুৱালা লুমপুৰ ট্ৰিপৰ তথ্য)।

ফুলিব ভাগ্য ! দেৱী দুৰ্গাৰ আৰ্শীবাদ পাবলৈ পঞ্চমীৰ দিনটোত এই কাম কৰক
বৰষুণৰ পানী কিমান পৰিষ্কাৰ! পোনে পোনে খাব পাৰিনে এই পানী? চাওক এই বিষয়ে
মূৰ বিষৰ পৰা সকাহ দিব এই সহজ ঘৰুৱা উপায়ে! জানক সকলো...
৭ দিনত দূৰ হ’ব চকুৰ কাষৰ ক’লা দাগ, মাত্ৰ মানি চলক এইসমূহ ঘৰুৱা উপায়