মহাকুম্ভৰ আধ্যাত্মিক পৰিৱেশত সীমান্ত শেখৰ, আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদ লৈ অংশগ্ৰহণ কৰে মহাৰুদ্ৰ যজ্ঞত | simanta sekhar, preety kangana, assamese singer simanta sekhar, viral news, mahakumbha 2025, Assam news - Assam Tv9

মহাকুম্ভৰ আধ্যাত্মিক পৰিৱেশত সীমান্ত শেখৰ, আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদ লৈ অংশগ্ৰহণ কৰে মহাৰুদ্ৰ যজ্ঞত

Updated On: 

21 Feb 2025 | 06:30 PM

প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত পৰিয়ালসহ অংশগ্ৰহণ কৰিছে সীমান্ত শেখৰে। তাত আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদ লৈ অংশগ্ৰহণ কৰিছে মহাৰুদ্ৰ যজ্ঞত। মহাকুম্ভত উপস্থিত হৈ সামাজিক মাধ্যমত কি লিখিলে সীমান্তই?

1 / 5অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল ভিতৰত অন্যতম সীমান্ত শেখৰ। বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাম কৰি গৈছে কণ্ঠশিল্পীগৰাকীয়ে। (Image Credit source: Social Media)

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল ভিতৰত অন্যতম সীমান্ত শেখৰ। বৰ্তমান অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে কাম কৰি গৈছে কণ্ঠশিল্পীগৰাকীয়ে। (Image Credit source: Social Media)

2 / 5

প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত পৰিয়ালসহ অংশগ্ৰহণ কৰিছে সীমান্তই। তাত আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদ লৈ অংশগ্ৰহণ কৰিছে মহাৰুদ্ৰ যজ্ঞত। (Image Credit source: Social Media)

3 / 5

সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি সীমান্তই লিখিছে- "পূণ্যভূমি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত উপস্থিত হৈ আজি আচাৰ্য স্বামী শ্ৰী শংকৰাচাৰ্য জীৰ শিবিৰত তেখেতৰ আশীৰ্বাদ লৈ এখনি মহাৰুদ্ৰ যজ্ঞত সপৰিয়ালে অংশগ্ৰহণ কৰোঁ। বিশ্বশান্তিৰ লগতে প্ৰতিগৰাকী ব্যক্তিৰ সুখ-শান্তিৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।"(Image Credit source: Social Media)

4 / 5

ব্যক্তিগত আৰু পেছাদাৰী জীৱনক সদায় পৃথক কৰি ৰাখি আগবাঢ়ি গৈছে সীমান্ত। সীমান্তৰ প্ৰতিটো কামত সহায়ৰ হাতখন আগবঢ়াই দিয়ে পত্নী প্ৰীতি কংগনাই। (Image Credit source: Social Media)

5 / 5

অসমীয়া আৰু দাক্ষিণাত্যৰ বিভিন্ন ছবিত অভিনয় কৰিছে প্ৰীতি কংগনাই। মহাকুম্ভ যাত্ৰাৰ প্ৰথমদিনা মা গঙ্গাৰ পাৰত কিছু পূজা-অৰ্চনা কৰি আৰু মহাকুম্ভৰ আধ্যাত্মিক পৰিৱেশৰ মাজত বিলীন হয় সীমান্ত। (Image Credit source: Social Media)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...