Sidharth Malhotra Birthday: অভিনেতা হোৱাৰ পূৰ্বে কি কাম কৰিছিল সিদ্ধাৰ্থ মলহোত্ৰাই? | Sidharth Malhotra Birthday: What did Sidharth Malhotra do before becoming an actor? Assam news - Assam Tv9

Sidharth Malhotra Birthday: অভিনেতা হোৱাৰ পূৰ্বে কি কাম কৰিছিল সিদ্ধাৰ্থ মলহোত্ৰাই?

Published: 

16 Jan 2026 | 10:16 AM

Sidharth Malhotra Birthday:বলীউডৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ মলহোত্ৰাৰ আজি ৪১ সংখ্যক জন্মদিন। টেলিভিছন আৰু বলীউড উভয়তে কাম কৰি অভিনয় আৰু চেহেৰাৰে অনুৰাগীক মোহিত কৰিছে।

1 / 5Sidharth Malhotra Birthday: বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মলহোত্ৰাই ষ্টুডেণ্ট অৱ দ্য ইয়েৰ, শ্বেৰশ্বাহ, এক ভিলেইন, ব্ৰাদাৰ্ছ, আৰু কাপুৰ এণ্ড চন্স আদি ছবিৰে অনুৰাগীৰ মাজত নিজৰ স্থান দখল কৰিছে। হিন্দী চিনেমাৰ এই হেণ্ডচাম হাংকৰ আজি ৪১ বছৰ সম্পূৰ্ণ হ’ল। ১৯৮৫ চনৰ ১৬ জানুৱাৰীত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত জন্মগ্ৰহণ কৰা তেওঁ জন্মদিনত আমি আপোনালোকক জনাম সিদ্ধাৰ্থ মালহোত্ৰা অভিনেতা হোৱাৰ পূৰ্বে কি আছিল...

Sidharth Malhotra Birthday: বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মলহোত্ৰাই ষ্টুডেণ্ট অৱ দ্য ইয়েৰ, শ্বেৰশ্বাহ, এক ভিলেইন, ব্ৰাদাৰ্ছ, আৰু কাপুৰ এণ্ড চন্স আদি ছবিৰে অনুৰাগীৰ মাজত নিজৰ স্থান দখল কৰিছে। হিন্দী চিনেমাৰ এই হেণ্ডচাম হাংকৰ আজি ৪১ বছৰ সম্পূৰ্ণ হ’ল। ১৯৮৫ চনৰ ১৬ জানুৱাৰীত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত জন্মগ্ৰহণ কৰা তেওঁ জন্মদিনত আমি আপোনালোকক জনাম সিদ্ধাৰ্থ মালহোত্ৰা অভিনেতা হোৱাৰ পূৰ্বে কি আছিল...

2 / 5

গ্লেমাৰ জগতত মডেল হিচাপে প্ৰৱেশ কৰিছিল সিদ্ধাৰ্থ মলহোত্ৰাই। প্ৰথমে তেওঁ মডেল হিচাপে কাম কৰিছিল। তাৰ পিছত তেওঁ অভিনয়ৰ ফালে মুখ কৰিলে। অৱশ্যে তেওঁৰ অভিনয়ৰ আত্মপ্ৰকাশ বলীউডত নহয়, টেলিভিছনতহে হৈছিল।

3 / 5

সিদ্ধাৰ্থ মলহোত্ৰাৰ অনুৰাগী বহুতে জানে যে তেওঁ প্ৰথম টিভি শ্ব' "ধৰতী কী বীৰ যোধা পৃথ্বীৰাজ চৌহান" (২০০৬)ত অভিনয় কৰিছিল, য'ত তেওঁ জয়চন্দৰ চৰিত্ৰত অভিনয় কৰিছিল।

4 / 5

ইয়াৰ পিছত সিদ্ধাৰ্থই "মাই নেম ইজ খান" ছবিখনৰ কাম কৰে। ২০১০ চনত মুক্তি পোৱা এই ছবিখনৰ পৰিচালক আছিল কৰণ জোহৰ, আৰু সিদ্ধাৰ্থই কৰণক সহায় কৰিছিল।

5 / 5

কৰণ জোহৰক সহায় কৰা সিদ্ধাৰ্থে পৰৱৰ্তী সময়ত কৰণ জোহৰৰ পৰিচালনাত নিৰ্মিত "ষ্টুডেন্ট অৱ দ্য ইয়েৰ" ছবিখনত অভিনেতা হিচাপে বলীউডত অভিষেক ঘটায়। এই ছবিখন ২০১২ চনত মুক্তি লাভ কৰিছিল। ইয়াৰ পিছত আৰু অভিনেতাজনে থমকিব লগা হোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...