18 Jan 2025 | 07:40 PM
স্বাস্থ্যৰ বাবে কল অতি উপকাৰী ফল । এই ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি, পটাছিয়াম থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। কিন্তু বেছি কল খোৱাটো শৰীৰৰ বাবে অপকাৰী ।
কলত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। কিন্তু যদি আপুনি বেছিকৈ কল খাবলৈ আৰম্ভ কৰে তেন্তে শৰীৰত আঁহৰ মাত্ৰা বৃদ্ধি পাব। তেতিয়া ওজন কমি যোৱাৰ পৰিৱৰ্তে বৃদ্ধি হ’বলৈ আৰম্ভ কৰিব পাৰে।
কলত চুগাৰ মাত্ৰা ইমানেই বেছি যে প্ৰতিদিনে প্ৰয়োজনকৈ অধিক কল খালে তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে। সেয়েহে ডায়েবেটিছ ৰোগীক দৈনিক কল নাখাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে ।
কলত টাইৰামাইন নামৰ যৌগ থাকে, যিটো অতিৰিক্তভাৱে মাইগ্ৰেইনৰ সমস্যা সৃষ্টি কৰিব পাৰে। যিসকলৰ মাইগ্ৰেইন হৈছে তেওঁলোকে কল খাব নালাগে। মাইগ্ৰেইনৰ সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ।
সুস্বাস্থ্যৰ বাবে শুদ্ধ খাদ্যাভ্যাস গ্ৰহণ কৰাটো অতি প্ৰয়োজন । যদি প্ৰয়োজন অনুভৱ কৰে তেন্তে আপুনি খাদ্য বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে । শৰীৰৰ যিকোনো সমস্যা থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন ।