কুমলীয়া যুৱককহে পছন্দ কৰে এইগৰাকী অভিনেত্ৰীয়ে, কিয় বাৰে বাৰে চৰ্চালৈ আহে নাম? | Shweta Tiwari 2 Failed Marriage Dating Rumor 18 years younger actor Assam news - Assam Tv9

কুমলীয়া যুৱককহে পছন্দ কৰে এইগৰাকী অভিনেত্ৰীয়ে, কিয় বাৰে বাৰে চৰ্চালৈ আহে নাম?

Published: 

09 Jul 2025 20:15 PM

শ্বেতা তিৱাৰীয়ে এতিয়াই মুক্তভাৱে জীৱনটো উদযাপন কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এটা সময় আছিল যেতিয়া অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱনটো বহু উত্থান-পতনৰ মাজেৰে পাৰ হৈছিল। শ্বেতাৰ দুবাৰ বিবাহ বিচ্ছেদৰ কথা প্ৰতিদিনে চৰ্চা চলে সামাজিক মাধ্যমত। এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে শ্বেতাই কম বয়সৰ ল'ৰাহে পছন্দ কৰে!

1 / 7ব্যক্তিগত জীৱনৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে শ্বেতা তিৱাৰী। তেওঁৰ প্ৰথম বিবাহে হওক বা দ্বিতীয় বিবাহে হওক প্ৰায়ে চৰ্চা চলে। বিবাহ বিচ্ছেদৰ পিছত শ্বেতাই এতিয়া নিজৰ সন্তানৰ সৈতে জীৱন কটাবলগীয়া হৈছে। ৪৪ বছৰ বয়সতো যথেষ্ট ফিট হৈ থকা অভিনেত্ৰীগৰাকীয়ে নিজৰ গ্লেমাৰাছ ছবিৰে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰি থাকে।

ব্যক্তিগত জীৱনৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে শ্বেতা তিৱাৰী। তেওঁৰ প্ৰথম বিবাহে হওক বা দ্বিতীয় বিবাহে হওক প্ৰায়ে চৰ্চা চলে। বিবাহ বিচ্ছেদৰ পিছত শ্বেতাই এতিয়া নিজৰ সন্তানৰ সৈতে জীৱন কটাবলগীয়া হৈছে। ৪৪ বছৰ বয়সতো যথেষ্ট ফিট হৈ থকা অভিনেত্ৰীগৰাকীয়ে নিজৰ গ্লেমাৰাছ ছবিৰে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰি থাকে।

2 / 7

একাংশই অভিনেত্ৰীগৰাকীৰ ফিটনেছ দেখি তেওঁৰ কন্যা পলকৰ ডাঙৰ ভনীয়েক বুলিও কয়। প্ৰায়ে কমেণ্টত ব্যৱহাৰকাৰীয়ে শ্বেতাক প্ৰশংসা কৰা দেখা যায়। অনুৰাগীসকলে কয় যে দিন বাগৰাৰ লগে লগে শ্বেতা বেছি সৰু হৈ গৈ আছে।

3 / 7

কিন্তু কিছুদিন পূৰ্বে শ্বেতা তিৱাৰীক লৈ চৰ্চা চলে যে অভিনেত্ৰীগৰাকীয়ে তেওঁতকৈ ১৮ বছৰ সৰু অভিনেতা এজনৰ লগত ডেটিং কৰি আছে। যাৰ বাবে সামাজিক মাধ্যমত বহু ট্ৰ’লিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল।

4 / 7

শ্বেতাৰ নাম অভিনেতা বৰুণ কস্তুৰীয়াৰ সৈতে জড়িত হৈছিল। দুয়োজনে এখন ফটো শ্বেয়াৰ কৰিছিল য’ত দুয়োকে একেবাৰে কাষত দেখা গৈছিল। শ্বেতা আৰু বৰুণৰ ছবিখন দেখাৰ পিছত মানুহে তেওঁলোকক বহুত সমালোচনা কৰিবলৈ ধৰিলে।

5 / 7

অৱশ্যে শ্বেতা তিৱাৰীৰ সৈতে শ্বেয়াৰ কৰা ফটোখনত বৰুণ কস্তুৰিয়াই কেপচনত হেচটেগ দি লিখিছিল ‘মা আৰু পুত্ৰ’। শ্বেতা আৰু বৰুণে একেলগে কাম কৰিছিল ‘অপৰাজিতা’ ধাৰাবাহিকত। শ্বেতাই এই অনুষ্ঠানত অভিনেতা গৰাকীৰ শাহুৱেকৰ চৰিত্ৰত অভিনয় কৰিছিল।

6 / 7

বৰুণৰ পূৰ্বে শ্বেতা তিৱাৰীৰ নাম ‘ইমলি’ৰ ফেম অভিনেতা ফাহমান খানৰ সৈতেও জড়িত হৈছিল। শ্বেতা আৰু ফাহমানৰ বয়সৰ ব্যৱধান ১০ বছৰৰ। অৱশ্যে এক সাক্ষাৎকাৰৰ সময়ত এই সকলোবোৰ খবৰ মিছা বুলি অভিনেতাজনে নিজেই কৈছিল।

7 / 7

শ্বেতা তিৱাৰীৰ নাম বিশাল আদিত্য সিঙৰ সৈতেও জড়িত হৈ পৰিছিল। Khatron Ke Khiladi-ৰ সময়ত বিশালক প্ৰায়ে শ্বেতাৰ লগত ধেমালি কৰা দেখা গৈছিল। শ্বেতাই ‘বেগুছৰাই’ শ্ব’ত বিশালৰ মাতৃৰ চৰিত্ৰতো অভিনয় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে এই খবৰক কেৱল উৰাবাতৰি বুলি অভিহিত কৰে। এইদৰে অকলশৰীয়া মাতৃ বাবে বিভিন্ন সময়ত বহু উৰা বাতৰি ওলাই থাকে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে।

প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ হালধীয়া… ই কি ৰোগৰ লক্ষণ?
Sawan 2025: শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে জীৱনৰ সকলো বাধা!
গুৰু পূৰ্ণিমাৰ সময়ত কি কৰিব লাগে, কি নালাগে, জানক...
এইসমূহ ভুলৰ বাবে আপোনাৰ শৰীৰত বৃদ্ধি পাব পাৰে চুগাৰৰ মাত্ৰা...