Shradhanjali scheme: বহিঃৰাজ্যত মৃত্যু হোৱা ব্যক্তিৰ মৃতদেহ আনিব সন্মান সহকাৰে, শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন অসম কেবিনেটৰ... | Shradhanjali scheme approved know about the scheme how to apply who will be the beneficiary all details in assamese Assam news - Assam Tv9

Shradhanjali scheme: বহিঃৰাজ্যত মৃত্যু হোৱা ব্যক্তিৰ মৃতদেহ আনিব সন্মান সহকাৰে, শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন অসম কেবিনেটৰ…

Published: 

22 Jun 2025 22:33 PM

Shradhanjali scheme: ‘শ্রদ্ধাঞ্জলি’ আঁচনি। ২২ জুনত অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি ‘শ্রদ্ধাঞ্জলি’ আঁচনিত অনুমোদন জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সবিশেষ জনায়।

1 / 5২২ জুন, ২০২৫ত অসম চৰকাৰে এখন বিশেষ আঁচনিত অনুমোদন জনায়। এই আঁচনিখনৰ নাম  ‘শ্রদ্ধাঞ্জলি’আঁচনি। এই আঁচনিৰ অধীনত বহিঃৰাজ্যত কম দৰমহাত কৰ্মৰত নতুবা ৰাজ্যৰ বাহিৰৰ কোনো শিক্ষানুষ্ঠানত অধ্যয়নৰত অসমৰ কোনো যুৱক-যুৱতীৰ হত্যা, দুর্ঘটনা আদিৰ দৰে বিশেষ পৰিস্থিতিত মৃত্যু হ’লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে অসম চৰকাৰে নিজা ব্যয়ত আনিব।

২২ জুন, ২০২৫ত অসম চৰকাৰে এখন বিশেষ আঁচনিত অনুমোদন জনায়। এই আঁচনিখনৰ নাম ‘শ্রদ্ধাঞ্জলি’আঁচনি। এই আঁচনিৰ অধীনত বহিঃৰাজ্যত কম দৰমহাত কৰ্মৰত নতুবা ৰাজ্যৰ বাহিৰৰ কোনো শিক্ষানুষ্ঠানত অধ্যয়নৰত অসমৰ কোনো যুৱক-যুৱতীৰ হত্যা, দুর্ঘটনা আদিৰ দৰে বিশেষ পৰিস্থিতিত মৃত্যু হ’লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে অসম চৰকাৰে নিজা ব্যয়ত আনিব।

2 / 5

চৰকাৰে এয়া স্পষ্ট কৰি দিয়ে যে, এই আঁচনিখনে ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈ থকা অৱস্থাত বিয়োগ ঘটা ব্যক্তিক সামৰি নলয়। কেৱল বিশেষ পৰিস্থিতিত মৃত্যু হোৱাসকলকহে সামৰি ল'ব।

3 / 5

লগতে কয়, অসম আৰক্ষীৰ বিশেষ শাখাই এই দিশত ন’ডেল প্রতিষ্ঠান হিচাপে কাম কৰিব আৰু ডি আই জি পৰ্যায়ৰ আৰক্ষী বিষয়া এগৰাকী ন’ডেল বিষয়া হিচাপে নিযুক্ত হ’ব। এই গোটেই দিশটো তেওঁলোকে চোৱাচিতা কৰিব।

4 / 5

কেবিনেটত লগতে কয়, বহিঃৰাজ্যত বিশেষ পৰিস্থিতিত মৃত্যু হোৱা যুৱক-যুৱতীৰ পৰিয়ালৰ সদস্যই স্থানীয় প্রশাসন, আৰক্ষী নতুবা ১১২ নম্বৰত ফোন কৰি ঘটনা সন্দৰ্ভত অৱগত কৰিব পাৰিব। তদুপৰি, এই উদ্দেশ্যে সামাজিক মাধ্যমতো এটা বিশেষ একাউন্ট মুকলি কৰা হ’ব। অহা পহিলা অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰা হ’ব।

5 / 5

উল্লেখ্য যে, যোৱা সময়চোৱাত বহুলোকে কিছুমান অনাকাংক্ষিত কাৰণত মৃত্যুৱ সাৱতি লোৱা দেখা যায়। কিন্তু পৰিয়াৰ দুৰ্বল আৰ্থিক অৱস্থাৰ বাবে মৃতদেহ সময়মতে ঘূৰাই আনিব নোৱাৰে। এনে ক্ষেত্ৰত বহুতে চৰকাৰৰ সহায় বিচৰা দেখা যায়। এনে দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই ৫ বিধ খাদ্যই দুৰ্বল কৰি তোলে স্মৃতিশক্তি...
ভাৰতৰ ১ টকাৰ মূল্য আমেৰিকাত কিমান হয় জানেনে? শুনি হ'ব আচৰিত...
ধন লাভৰ বাবে বৃহস্পতিবাৰে কৰক এই কাম! সবিশেষ জানক...
কোন দিশত শুব লাগে? উন্নত স্বাস্থ্যৰ বাবে বাস্তুৰ এই নিৰ্দেশনা জানক