কঁহুৱাৰ লহপহ নাচোনত এতিয়া জীপাল প্ৰকৃতি, শাৰদীয় বতৰে দিছে শাৰদী ৰাণীৰ আগমনৰ বতৰা | shardiya durga puja and kohua bon story in assamese Assam news - Assam Tv9

কঁহুৱাৰ লহপহ নাচোনত এতিয়া জীপাল প্ৰকৃতি, শাৰদীয় বতৰে দিছে শাৰদী ৰাণীৰ আগমনৰ বতৰা

Published: 

03 Oct 2024 21:48 PM

প্ৰকৃতিৰ বুকুলৈ আহিছে শৰৎ। যেন অন্ত পৰিল গ্ৰীষ্ম আৰু বৰ্ষা কালৰ কষ্টদায়ক দিনবোৰ। নৈৰ পাৰত হালিজালি নাচি থকা কঁহুৱাই সাজু হৈছে শাৰদী ৰাণীক আদৰিবলৈ।

1 / 6গ্ৰীষ্ম-বৰ্ষা ঋতুৰ কষ্টদায়ক দিনবোৰক বিদায় দি প্ৰকৃতিয়ে শৰতক আদৰি হৈ পৰিছে উন্মনা।  নৈৰ পাৰত ফুলা কঁহুৱায়ো জনাইছে শৰতক সম্ভাষণ।

গ্ৰীষ্ম-বৰ্ষা ঋতুৰ কষ্টদায়ক দিনবোৰক বিদায় দি প্ৰকৃতিয়ে শৰতক আদৰি হৈ পৰিছে উন্মনা। নৈৰ পাৰত ফুলা কঁহুৱায়ো জনাইছে শৰতক সম্ভাষণ।

2 / 6

প্ৰকৃতিৰ বুকুত সৃষ্টি হৈছে নয়ন জুৰোৱা পৰিৱেশ। ৰিব ৰিব বতাহে গা মন জুৰ পেলাইছে সকলোৰে।

3 / 6

শান্ত হৈ পৰিছে প্ৰকৃতি, নৈৰ পাৰে পাৰে ফুলিছে কঁহুৱা, উৎসৱ উদযাপনৰ বাবে ন সাঁজেৰে দিপলীপ হৈ পৰিছে প্ৰকৃতি।

4 / 6

শৰৎৰ আগমনে ধৰণীত পাৰি দিছে শুভ্ৰ কহুঁৱাৰ দলিচা | যেন ন-সজাৰে সাজু হৈ পৰিছে শাৰদী ৰাণীক আদৰিবলৈ |

5 / 6

সঁচাই ফৰকাল আকাশৰ তলত আলসুৱা কঁহুৱাই এতিয়া হালিজালি নাচিচে | বতাহৰ পৰশ পাই বাউলি হৈছে প্ৰকৃতি |

6 / 6

প্ৰকৃতিয়ে কঁহুৱাৰ লয়লাস নাচোনত সাজু হৈছে শাৰদী ৰাণীৰ বাবে।

কি কি দিশত নিম পাত ব্যৱহাৰ কৰিব পাৰি ? ইয়াৰ ৬ টা বিশেষ উপকাৰিতা জানক
শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...