Bank holiday: ছেপ্টেম্বৰ মাহত প্ৰায় ১৫ দিন বন্ধ থাকিব বেংক! চাওক তালিকা... | September 2024 bank holiday india assam Assam news - Assam Tv9

Bank holiday: ছেপ্টেম্বৰ মাহত প্ৰায় ১৫ দিন বন্ধ থাকিব বেংক! চাওক তালিকা…

Published: 

26 Aug 2024 12:26 PM

ছেপ্টেম্বৰ মাহত কেইবাদিনো বন্ধ থাকিব। যাৰ বাবে বেংক যোৱাৰ পূৰ্বে চাই লওক বন্ধৰ তালিকা। দেশৰ বিভিন্ন প্ৰান্তত বিশেষ বিশেষ কাৰণত বেংক বন্ধ থাকিব।

1 / 5কিছুদিন পাছতেই আৰম্ভ হ'ব ছেপ্টেম্বৰ মাহ। গতিকে যিসকল লোকে ছেপ্টেম্বৰ মাহত বেংকলৈ যোৱাৰ কথা চিন্তা কৰি আছে তাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী। কিয়নো ছেপ্টেম্বৰ মাহত কেইবাদিন বেংক বন্ধ থাকিব।

কিছুদিন পাছতেই আৰম্ভ হ'ব ছেপ্টেম্বৰ মাহ। গতিকে যিসকল লোকে ছেপ্টেম্বৰ মাহত বেংকলৈ যোৱাৰ কথা চিন্তা কৰি আছে তাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী। কিয়নো ছেপ্টেম্বৰ মাহত কেইবাদিন বেংক বন্ধ থাকিব।

2 / 5

ছেপ্টেম্বৰ মাহত ৫ টা দেওবাৰ আৰু ২ টা শনিবাৰৰ সৈতে মুঠ ১৫ দিন বেংক বন্ধ থাকিব। ৭ ছেপ্টেম্বৰত গনেশ চতুৰ্থী আৰু ১৬ ছেপ্টেম্বৰত ইদ- এ- মিলাদৰ বন্ধও আছে।অৱশ্যে ৰাজ্যভেদে ছুটীৰ দিন বেলেগ বেলেগ।

3 / 5

৪ ছেপ্টেম্বৰত তিৰোভাৱ তিথিৰ বাবে অসমৰ বেংক বন্ধ থাকিব।অহা ৭ ছেপ্টেম্বৰত গণেশ চতুৰ্থী উপলক্ষে আহমেদাবাদ, বেলাপুৰ, বেংগালুৰু, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ভুৱনেশ্বৰ, চেন্নাই, মুম্বাই, নাগপুৰ, পানাজীত বেংক বন্ধ থাকিব।

4 / 5

ওনাম উপলক্ষে অহা ১৪ ছেপ্টেম্বৰত কোচি, ৰাঞ্চি আৰু তিৰুৱনন্তপুৰমত বেংক বন্ধ থাকিব।১৬ ছেপ্টেম্বৰত হজৰত মহম্মদৰ জন্মদিন উপলক্ষে আহমেদাবাদ, আইজল, বেলাপুৰ, বেংগালুৰু, চেন্নাই, ডেৰাডুন, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ইম্ফল, জম্মু, কানপুৰ, কোচি, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, ৰাঁচী, শ্ৰীনগৰ, তিৰুৱনন্তপুৰম বন্ধ থাকিব বেংক।

5 / 5

ইয়াৰোপৰি ১৭, ১৮, ২০, ২১, ২৩ ছেপ্টেম্বৰত দেশৰ বিভিন্ন প্ৰান্তত বেংক বন্ধ থাকিব। ১, ৮, ১৫, ২২ আৰু ২৯ ছেপ্টেম্বৰত দেওবাৰ আৰু ১৪ আৰু ২৮ ছেপ্টেম্বৰত শনিবাৰৰ বাবে বেংক বন্ধ থাকিব।

প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ হালধীয়া… ই কি ৰোগৰ লক্ষণ?
Sawan 2025: শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে জীৱনৰ সকলো বাধা!
গুৰু পূৰ্ণিমাৰ সময়ত কি কৰিব লাগে, কি নালাগে, জানক...
এইসমূহ ভুলৰ বাবে আপোনাৰ শৰীৰত বৃদ্ধি পাব পাৰে চুগাৰৰ মাত্ৰা...