বিপুল পৰিমাণৰ লাভৰ মুখ দেখিছে SBIএঃ ৮৪ শতাংশ লাভ বৃদ্ধিৰে গঢ়িলে নতুন অভিলেখ | SBI profit Rs 16,891 crore with records 84 percent increased in last quarter of financial year Assam news - Assam Tv9

বিপুল পৰিমাণৰ লাভৰ মুখ দেখিছে SBIএঃ ৮৪ শতাংশ লাভ বৃদ্ধিৰে গঢ়িলে নতুন অভিলেখ

Published: 

07 Feb 2025 | 02:19 PM

দেশৰ বৃ্হত্তম চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই বিপুল পৰিমাণৰ লাভ মুখ দেখিছে। শেহতীয়াকৈ বেংকটোৱে প্ৰকাশ কৰা বিত্তীয় প্ৰতিবেদনত এই বিষয়ে প্ৰকাশ কৰা হৈছে। এই তথ্য অনুসৰি বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত SBIএ পূৰ্বৰ অভিলেখ ভংগ কৰি ৮৪ শতাংশ লাভ বৃদ্ধিৰ নতুন অভিলেখ গঢ়িছে।

1 / 5নতুন বছৰত লাভৰ মুখ দেখিছে ষ্টেট বেংক অৱ ইণ্ডিয়া, চমুকৈ SBIএ। যোৱা ত্ৰৈমাসিকত চৰকাৰী বেংকটোৱে বিপুল পৰিমাণৰ লাভৰ মুখ দেখিছে। আজি ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰিছে বিত্তীয় লাভালাভৰ সবিশেষ। প্ৰতিবেদন অনুসৰি বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত SBIএ ১৬,৮৯১ কোটি টকা লাভ কৰে।

নতুন বছৰত লাভৰ মুখ দেখিছে ষ্টেট বেংক অৱ ইণ্ডিয়া, চমুকৈ SBIএ। যোৱা ত্ৰৈমাসিকত চৰকাৰী বেংকটোৱে বিপুল পৰিমাণৰ লাভৰ মুখ দেখিছে। আজি ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰিছে বিত্তীয় লাভালাভৰ সবিশেষ। প্ৰতিবেদন অনুসৰি বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত SBIএ ১৬,৮৯১ কোটি টকা লাভ কৰে।

2 / 5

এইদৰে SBIএ বিগত বৰ্ষৰ অভিলেখো ভংগ কৰিছিল। যোৱা বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লাভ আছিল প্ৰায় ৯ হাজাৰ কোটি টকা। এই বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত পূৰ্বৰ এই অভিলেখ ভংগ কৰি ৮৪ শতাংশ বৃদ্ধিৰে ১৬ হাজাৰ কোটি টকা লাভৰ মুখ দেখিছে বেংকটোৱে৷

3 / 5

পিছে এনে অভিলেখ লাভৰ পিছতো ষ্টেট বেংকৰ শ্বেয়াৰ বজাৰৰ প্ৰদৰ্শন এতিয়াও উন্নত হোৱা নাই। কোম্পানীটোৰ শ্বেয়াৰ বৃ্হস্পতিবাৰেও উৰ্ধগামী হোৱা দেখা পোৱা নগ’ল। বিগত ছমাহ ধৰি ষ্টকৰ মূল্যৰ উঠা-নমা কৰি আহিছে। আজিও ভাৰতীয় ষ্টেট বেংকৰ শ্বেয়াৰৰ মূল্য প্ৰায় দুশতাংশ হ্ৰাস পাই ৭৫৩ টকা হয়।

4 / 5

চৰকাৰী বেংকটোৱে বিপুল লাভৰ ত্ৰিমাসিক প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতো কিয় শ্বেয়াৰ বজাৰত এনে বিফলতাৰ সন্মুখীন হৈছে! বিশেষজ্ঞসকলে উল্লেখ কৰা মতে ১৬ হাজাৰ কোটি টকা লাভ কৰাৰ পিছতো ষ্টেট বেংকে লক্ষ্য পূৰণ কৰিব নোৱাৰিলে। সেইবাবেই শ্বেয়াৰ বজাৰত বেংকটোৱে বিফলতাৰ মুখ দেখিছে।

5 / 5

জানিব পৰা মতে যোৱা তিনিমাহত ষ্টেট বেংকৰ নিকা সুতৰ মাৰ্জিন হ্ৰাস পাইছে। ইয়াৰ পূৰ্বৰ ত্ৰৈমাসিকত সুতৰ আয় মুঠ ৩.১৪ শতাংশ বৃদ্ধি পাইছিল। কিন্তু যোৱা তিনিমাহত সেই বৃদ্ধি আছিল ৩.০১ শতাংশ। এই দিশটোৱেই সম্ভৱতঃ শ্বেয়াৰ বজাৰতো প্ৰভাৱ পেলাইছে বুলি বিশেষজ্ঞসকলে সম্ভাৱনা প্ৰকাশ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...