বিপুল পৰিমাণৰ লাভৰ মুখ দেখিছে SBIএঃ ৮৪ শতাংশ লাভ বৃদ্ধিৰে গঢ়িলে নতুন অভিলেখ | SBI profit Rs 16,891 crore with records 84 percent increased in last quarter of financial year Assam news - Assam Tv9

বিপুল পৰিমাণৰ লাভৰ মুখ দেখিছে SBIএঃ ৮৪ শতাংশ লাভ বৃদ্ধিৰে গঢ়িলে নতুন অভিলেখ

Published: 

07 Feb 2025 14:19 PM

দেশৰ বৃ্হত্তম চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই বিপুল পৰিমাণৰ লাভ মুখ দেখিছে। শেহতীয়াকৈ বেংকটোৱে প্ৰকাশ কৰা বিত্তীয় প্ৰতিবেদনত এই বিষয়ে প্ৰকাশ কৰা হৈছে। এই তথ্য অনুসৰি বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত SBIএ পূৰ্বৰ অভিলেখ ভংগ কৰি ৮৪ শতাংশ লাভ বৃদ্ধিৰ নতুন অভিলেখ গঢ়িছে।

1 / 5নতুন বছৰত লাভৰ মুখ দেখিছে ষ্টেট বেংক অৱ ইণ্ডিয়া, চমুকৈ SBIএ। যোৱা ত্ৰৈমাসিকত চৰকাৰী বেংকটোৱে বিপুল পৰিমাণৰ লাভৰ মুখ দেখিছে। আজি ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰিছে বিত্তীয় লাভালাভৰ সবিশেষ। প্ৰতিবেদন অনুসৰি বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত SBIএ ১৬,৮৯১ কোটি টকা লাভ কৰে।

নতুন বছৰত লাভৰ মুখ দেখিছে ষ্টেট বেংক অৱ ইণ্ডিয়া, চমুকৈ SBIএ। যোৱা ত্ৰৈমাসিকত চৰকাৰী বেংকটোৱে বিপুল পৰিমাণৰ লাভৰ মুখ দেখিছে। আজি ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰিছে বিত্তীয় লাভালাভৰ সবিশেষ। প্ৰতিবেদন অনুসৰি বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত SBIএ ১৬,৮৯১ কোটি টকা লাভ কৰে।

2 / 5

এইদৰে SBIএ বিগত বৰ্ষৰ অভিলেখো ভংগ কৰিছিল। যোৱা বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লাভ আছিল প্ৰায় ৯ হাজাৰ কোটি টকা। এই বিত্তীয় বৰ্ষৰ অন্তিম ত্ৰৈমাসিকত পূৰ্বৰ এই অভিলেখ ভংগ কৰি ৮৪ শতাংশ বৃদ্ধিৰে ১৬ হাজাৰ কোটি টকা লাভৰ মুখ দেখিছে বেংকটোৱে৷

3 / 5

পিছে এনে অভিলেখ লাভৰ পিছতো ষ্টেট বেংকৰ শ্বেয়াৰ বজাৰৰ প্ৰদৰ্শন এতিয়াও উন্নত হোৱা নাই। কোম্পানীটোৰ শ্বেয়াৰ বৃ্হস্পতিবাৰেও উৰ্ধগামী হোৱা দেখা পোৱা নগ’ল। বিগত ছমাহ ধৰি ষ্টকৰ মূল্যৰ উঠা-নমা কৰি আহিছে। আজিও ভাৰতীয় ষ্টেট বেংকৰ শ্বেয়াৰৰ মূল্য প্ৰায় দুশতাংশ হ্ৰাস পাই ৭৫৩ টকা হয়।

4 / 5

চৰকাৰী বেংকটোৱে বিপুল লাভৰ ত্ৰিমাসিক প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতো কিয় শ্বেয়াৰ বজাৰত এনে বিফলতাৰ সন্মুখীন হৈছে! বিশেষজ্ঞসকলে উল্লেখ কৰা মতে ১৬ হাজাৰ কোটি টকা লাভ কৰাৰ পিছতো ষ্টেট বেংকে লক্ষ্য পূৰণ কৰিব নোৱাৰিলে। সেইবাবেই শ্বেয়াৰ বজাৰত বেংকটোৱে বিফলতাৰ মুখ দেখিছে।

5 / 5

জানিব পৰা মতে যোৱা তিনিমাহত ষ্টেট বেংকৰ নিকা সুতৰ মাৰ্জিন হ্ৰাস পাইছে। ইয়াৰ পূৰ্বৰ ত্ৰৈমাসিকত সুতৰ আয় মুঠ ৩.১৪ শতাংশ বৃদ্ধি পাইছিল। কিন্তু যোৱা তিনিমাহত সেই বৃদ্ধি আছিল ৩.০১ শতাংশ। এই দিশটোৱেই সম্ভৱতঃ শ্বেয়াৰ বজাৰতো প্ৰভাৱ পেলাইছে বুলি বিশেষজ্ঞসকলে সম্ভাৱনা প্ৰকাশ কৰিছে।

কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
ডায়েবেটিছ ৰোগীয়ে কল খালে সমস্যাত পৰিব পাৰে নেকি! জানি লওক এতিয়াই
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...