নিৰ্বাচনী ফলাফলক লৈ কি ক'লে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ? | Sarbananda Sonowal Reacts to BJP's Victory in Maharashtra Vidhan Sabha and Assam By-Elections 2024 Assam news - Assam Tv9

Sarbananda Sonowal : আজিৰ দিনটোৰ নিৰ্বাচনী ফলাফলক লৈ কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?

Published: 

23 Nov 2024 | 08:36 PM

আজি দিনটোত প্ৰকাশ পোৱা নিৰ্বাচনী ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ উপ-নিৰ্বাচনত বিজেপিৰ জয়ৰ মূলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন বুলি মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

1 / 5মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ উপ-নিৰ্বাচনত বিজেপিৰ জয়ৰ মূলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন বুলি মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইয়াৰ লগতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা দুয়োখন ৰাজ্যৰ জনসাধাৰণে মিত্ৰজোঁটৰ ওপৰত যিখিনি আস্থা ৰাখিছে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰী মন্ত্ৰী গৰাকীয়ে ।

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ লগতে দেশৰ উপ-নিৰ্বাচনত বিজেপিৰ জয়ৰ মূলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসন বুলি মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইয়াৰ লগতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা দুয়োখন ৰাজ্যৰ জনসাধাৰণে মিত্ৰজোঁটৰ ওপৰত যিখিনি আস্থা ৰাখিছে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰী মন্ত্ৰী গৰাকীয়ে ।

2 / 5

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে এক বিবৃতিত কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ গতিশীল নেতৃত্বত পৰিৱৰ্তনশীল নীতিয়ে সমগ্ৰ দেশৰ জনসাধাৰণৰ হৃদয় জয় কৰিছে। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন আৰু অসমৰ উপ-নিৰ্বাচনৰ ফলাফলত মোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ স্পষ্ট প্ৰতিফলন ঘটিছে।

3 / 5

লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা অসম বিধানসভাৰ ৫ খন আসনত এন ডি এৰ জয়ক নিশ্চিত কৰাৰ বাবে ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বিজয়ী প্ৰাৰ্থীসকলকো অভিনন্দন জ্ঞাপন কৰে।

4 / 5

নিৰ্বাচনী প্ৰচাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা দলীয় নেতা-কৰ্মীসকলৰ অৱদানকো স্বীকাৰ কৰে বিজেপি নেতাগৰাকীয়ে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, শাসন ব্যৱস্থাৰ নতুন যুগে উত্তৰ-পূব অঞ্চলৰ বাবে শান্তি আৰু সমৃদ্ধিৰ সূচনা কৰিছে।

5 / 5

তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত দ্ৰুত আন্তঃগাঁথনি উন্নয়ন আনিছে । ৰাজ্যসমূহৰ মাজত যাত্ৰাৰ সময় হ্ৰাস কৰিছে আৰু প্ৰগতিৰ নতুন সুযোগ মুকলি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...