অসমীয়া ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ যাদু, অংগবস্ত্ৰত সৃষ্টি কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি | Sanjukta Dutta expressed gratitude on National Handloom Day by designing a handwoven angavastra with the image of PM Modi Assam news - Assam Tv9

অসমীয়া ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ যাদু, অংগবস্ত্ৰত সৃষ্টি কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি

Updated On: 

07 Aug 2025 13:57 PM

অসমীয়া ডিজাইনাৰ সংযুক্তা দত্তই নিজৰ বিভিন্ন ধৰণৰ ডিজাইনেৰে সফলতা লাভ কৰিছে। মিলান ফেশ্বন উইক,কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট আদিটো উজলিছে সংযুক্তা দত্তৰ ডিজাইন। ইয়াৰোপৰি বলীউডৰ বহু নামী-দামী অভিনেত্ৰীয়েও পিন্ধিছে তেওঁ ডিজাইন কৰা কাপোৰ।

1 / 5আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। এই দিনটোৰ সৈতে সংগতি ৰাখি দেশৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ তথা অসম জীয়ৰী সংযুক্তা দত্তই প্ৰধানমন্ত্ৰীলৈ প্ৰস্তুত কৰিছে বিশেষ বস্ত্ৰ।

আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। এই দিনটোৰ সৈতে সংগতি ৰাখি দেশৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ তথা অসম জীয়ৰী সংযুক্তা দত্তই প্ৰধানমন্ত্ৰীলৈ প্ৰস্তুত কৰিছে বিশেষ বস্ত্ৰ।

2 / 5

অসমীয়া ডিজাইনাৰ সংযুক্তা দত্তই নিজৰ বিভিন্ন ধৰণৰ ডিজাইনেৰে ইতিমধ্যে সুকীয়া পৰিচয় লাভ কৰিছে। মিলান ফেশ্বন উইক,কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট আদিটো উজলিছে সংযুক্তা দত্তৰ ডিজাইন। ইয়াৰোপৰি বলীউডৰ বহু নামী-দামী অভিনেত্ৰীয়েও পিন্ধিছে তেওঁ ডিজাইন কৰা কাপোৰ।

3 / 5

এইবাৰ সংযুক্তা দত্তই সৃষ্টিশীল হাতৰ পৰশেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অংগবস্ত্ৰ প্ৰস্তুত কৰিছে। য'ত জিলিকিছে প্ৰধানমন্ত্ৰী মোদীৰৰ প্ৰতিচ্ছবি। এই পদক্ষেপৰ জৰিয়তে দেশৰ তাঁত শিল্পীসকলৰ পৰম্পৰাগত শিল্পক নতুন উৎসাহ আৰু স্বীকৃতি দিয়া হৈছে।

4 / 5

দত্তই প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব আৰু হস্ততাঁত শিল্পক পুনৰুজ্জীৱিত কৰা ক্ষেত্ৰত নিজৰ প্ৰচেষ্টাৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰিছে। সংযুক্তা দত্তৰ মতে, “এই প্ৰতীকধর্মী অংগবস্ত্ৰখনে দেশৰ তাঁত শিল্পী সমাজৰ প্ৰতিও সন্মান জ্ঞাপন কৰে।

5 / 5

প্ৰকৃতাৰ্থত হস্ততাঁত শিল্পীসকলৰ সৃষ্টিশীল হাতৰ পৰশে কেৱল সামান্য কাপোৰ সৃষ্টি নকৰে, ইয়াৰ লগত ঐতিহ্যৰ স্পৰ্শ, মাটিৰ গোন্ধ আৰু পৰম্পৰাও জড়িত হৈ থাকে।

ঋণ লোৱাৰ আগতে আপোনাৰ CIBIL স্ক’ৰ কেনেকৈ উন্নত কৰিব পাৰি ? ইয়াৰ উপায় জানক
বাৰিষাত জোতা-মোজাৰ পৰা দুৰ্গন্ধ ওলাই নেকি? এই ঘৰুৱা উপায় অৱলম্বন কৰক...
যকৃতৰ সংক্ৰমণৰ প্ৰধান লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ জানক..
অসমৰ এসাঁজ ভাতৰ তুলনাত ডুবাইত এটা ৰুটিৰ দাম জানিলে আপুনি আচৰিত হ'ব...