৬ বাৰকৈ চোকা অস্ত্ৰৰে আক্ৰমণ! বৰ্তমান কেনে আছে ছেইফ আলী খান... | saif ali khan attack case know what is his condition now health update Assam news - Assam Tv9

৬ বাৰকৈ চোকা অস্ত্ৰৰে আক্ৰমণ! বৰ্তমান কেনে আছে ছেইফ আলী খান…

Published: 

16 Jan 2025 | 09:52 AM

Saif ali khan: আজি পুৱতি নিশা ছেইফ আলী খানক আক্ৰমণ কৰে দুৰ্বৃত্তই। জানিব পৰা মতে ছেইফৰ ঘৰত এটা চোৰে প্ৰৱেশ কৰে আৰু পৰৱৰ্তী সময়ত চোৰটোৱে অভিনেতাগৰাকীক আক্ৰমণ কৰে।

1 / 5বলিউড অভিনেতা ছেইফ আলী খানৰ মুঠ সম্পত্তিৰ পৰিমাণ

বলিউড অভিনেতা ছেইফ আলী খানৰ মুঠ সম্পত্তিৰ পৰিমাণ

2 / 5

জানিব পৰা মতে চোকা অস্ত্ৰৰে দুৰ্বৃত্তই ৬ বাৰকৈ আক্ৰমণ কৰে ছেইফক। ইয়াৰে দুটা আঘাত গুৰুত্বৰ। তাৰ পাছতেই ছেইফক হাস্পাতালত ভৰ্তি কৰোৱা হয়। লীলাৱতী হাস্পাতালত চিইঅ' নীৰজ উত্তমানীয়ে কয় যে, ছেইফৰ শৰীৰৰ মুঠ ৬ টা আঘাতৰ চিন আছে। ইয়াৰে দুটা আঘাত কিছু গুৰুত্বৰ।

3 / 5

লগতে তেওঁ কয় যে,তেওঁৰ মেৰুদণ্ডৰ ওচৰত আঘাতৰ চিন আছে। বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে। নিউৰ’চাৰ্জন নীতিন ডাংগে, কচমেটিক চাৰ্জন লীনা জৈন আৰু এনাস্থেটিষ্ট নিশা গান্ধীয়ে তেওঁৰ চিকিৎসা কৰি আছে।

4 / 5

এই ঘটনাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ইতিমধ্যে আৰক্ষীয়ে ঘৰৰ ওচৰৰ সকলো চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে। ইফালে ছেইফ আলীৰ তৰফৰ পৰা বিবৃতি দি এজনে এই কথা স্পষ্ট কৰিছে যে পুৱতি নিশা ছেইফৰ ঘৰত চোৰ সোমাইছিল আৰু চোৰে ছেইফক আক্ৰমণ কৰিছিল।

5 / 5

অৱশ্যে ছেইফৰ পত্নী কৰীনা আৰু সন্তান সুস্থ অৱস্থাত আছে। কৰীনাই প্ৰায় ৮ ঘন্টা পূৰ্বে এটা ইনষ্টাগ্ৰাম ষ্ট’ৰী শ্বেয়াৰ কৰিছিল। য'ত দেখা গৈছিল যে অভিনেত্ৰীগৰাকীয়ে পাৰ্টি কৰি আছিল। কিন্তু ঘটনাৰ সময়ত কৰীনা কাপুৰ ক'ত আছিল এতিয়ালৈকে সঠিককৈ জানিব পৰা হোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...