পিতৃৰ চকী দেখা পাই ভাবুক হৈ পৰিল শচীন তেণ্ডুলকাৰঃ সামাজিক মাধ্যমত আৱেগিক পোষ্ট Assam news - Assam Tv9

পিতৃৰ চকী দেখা পাই ভাবুক হৈ পৰিল শচীন তেণ্ডুলকাৰঃ সামাজিক মাধ্যমত আৱেগিক পোষ্ট

Published: 

26 May 2024 | 06:33 PM

ভদ্ৰলোকৰ খেল ক্ৰিকেট। ২২ গজৰ এই জগতখনত নিজৰ অবিস্মৰণীয় প্ৰদৰ্শনেৰে ‘ক্ৰিকেটৰ ভগৱান’ হিচাপে খ্যাতি অৰ্জনৰ সমান্তৰালভাৱে খেলুৱৈসুলভ আচৰণেৰে এক চিৰ চানেকি ৰাখি গৈছে শচীন তেণ্ডুলকাৰে। পিতৃৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মুম্বাইৰ এটা সংগ্ৰহালয় দৰ্শন কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। এই সংগ্ৰহালয়টোত শচীনৰ পিতৃ ৰমেশ তেণ্ডুলকাৰৰ সকলো সামগ্ৰী সুৰক্ষিতভাৱে ৰখা হৈছে। আজি সংগ্ৰহালয়টো দৰ্শনৰ সময়ত পিতৃৰ পুৰণি চকীখন দেখি আৱেগিক হৈ পৰিল শচীন। কেইখনমান ছবি পোষ্ট কৰি তেওঁ পিতৃৰ স্মৰণত এক আৱেগিক বাৰ্তা লিখিছে।

1 / 5ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ ক্ৰিকেট বিশ্বত নিজৰ অসামান্য প্ৰতিভা আৰু আচৰণেৰে চিৰ স্মৰণীয় হৈ ৰ’ব। প্ৰতিটো কঠিন পৰিস্থিতিত ভাৰতৰ হৈ স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়াইছিল তাৰকাগৰাকীয়ে।

ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ ক্ৰিকেট বিশ্বত নিজৰ অসামান্য প্ৰতিভা আৰু আচৰণেৰে চিৰ স্মৰণীয় হৈ ৰ’ব। প্ৰতিটো কঠিন পৰিস্থিতিত ভাৰতৰ হৈ স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়াইছিল তাৰকাগৰাকীয়ে।

2 / 5

১৯৯৯ চনত ইংলেণ্ডত অনুষ্ঠিত হৈছিল বিশ্বকাপ। বিশ্বকাপৰ মাজতে শচীনৰ পিতৃৰ মৃত্যু হৈছিল। এনে পৰিস্থিতিত ভাৰতলৈ আহি পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ লয় শচীনে। সেই সময়ত শচীনৰ বয়স আছিল মাত্ৰ ২৬ বছৰ।

3 / 5

মাত্ৰ ২৬ বছৰ বয়সত জীৱনৰ এই কঠিন সময়তো শচীনে ইংলেণ্ডলৈ উভতি গৈ পৰৱৰ্তী মেচখনতে কেনিয়াৰ বিৰুদ্ধে এক দৰ্শকীয় শতক অৰ্জন কৰে। এই শতকীয় ইনিংছটো তেওঁ পিতৃৰ নামত উৎসৰ্গা কৰিছিল।

4 / 5

উল্লেখ্য যে ১৯৯৯ চনৰ ১৯ মে’ত শচীনৰ পিতৃ ৰমেশ তেণ্ডুলকাৰৰ মৃত্যু হয়। পিতৃৰ ২৫ সংখ্যক মৃত্যু বাৰ্ষিকীত তেওঁ মুম্বাই মাৰাঠী গ্ৰন্থ সংগ্ৰহালয়ত উপস্থিত হয়। এই সংগ্ৰহালয়তে থকা পিতৃৰ পুৰণি চকী এখন দেখি ভাবুক হৈ পৰে শচীন।

5 / 5

এই সময়ছোৱা তেওঁৰ বাবে অত্যন্ত আৱেগিক বুলি উল্লেখ কৰি শচীনে লগতে এতিয়াও পিতৃৰ চকীখনৰ কাষত থিয় হৈ তেওঁৰ উপস্থিতি অনুভৱ কৰে বুলি মন্তব্য কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...