পুনৰ এখন নতুন উৰণ সেতু মহানগৰীত, ৬ জুলাইত মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে | Rukminigaon flyover in Guwahati will be inaugurated on July 6 by CM Himanta Biswa Sarma Assam news - Assam Tv9

পুনৰ এখন নতুন উৰণ সেতু মহানগৰীত, ৬ জুলাইত মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

Updated On: 

05 Jul 2025 17:58 PM

গুৱাহাটীৰ যান-জঁট সমস্যা নিৰ্মূলৰ বাবে চৰকাৰে ইতিমধ্যে কেইবাখনো উৰণ সেতু নিৰ্মাণ কৰিছে। ইয়াৰ ফলত যান-জঁটৰ পূৰ্বৰ জটিল সমস্যা লাঘৱ হৈছে।

1 / 5গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা আন এখন উৰণ সেতু কাইলৈ অৰ্থাৎ ৬ জুলাইত মুকলি হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব ৰুক্মিণীগাঁৱৰ নতুন উৰণ সেতুখন।

গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা আন এখন উৰণ সেতু কাইলৈ অৰ্থাৎ ৬ জুলাইত মুকলি হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব ৰুক্মিণীগাঁৱৰ নতুন উৰণ সেতুখন।

2 / 5

১১১ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে এই উৰণ সেতুখন। নতুন উৰণ সেতু খনৰ দৈৰ্ঘ ৬৫০ মিটাৰ। ইতিমধ্যে অসম চৰকাৰে গুৱাহাটীৰ উন্নয়নৰ বাবে বহুকেইখন আঁচনি হাতত লৈছে।

3 / 5

গুৱাহাটীৰ যান-জঁট সমস্যা নিৰ্মূলৰ বাবে চৰকাৰে ইতিমধ্যে কেইবাখনো উৰণ সেতু নিৰ্মাণ কৰিছে। ইয়াৰ ফলত মহানগৰীখনৰ যান-জঁটৰ পূৰ্বৰ জটিল সমস্যা লাঘৱ কৰাত সহায় হৈছে।

4 / 5

নিৰ্দিষ্ট সময়ৰ পূৰ্বেই আটকধুনীয়াকৈ এই উৰণ সেতুখন নিৰ্মাণ কৰিছে। দিনে-নিশাই উৰণ সেতুখনৰ সৌন্দৰ্য বৰ্ধনৰ কাম কৰি এতিয়া সম্পূৰ্ণ কৰিছে। ৬ জুলাই, অৰ্থাৎ দেওবাৰে উৰণ সেতুখন মুকলি হোৱাৰ পিছতে হ্ৰাস পাব মহানগৰীৰ ৰুক্মিণীগাঁৱৰ যান-জঁট।

5 / 5

উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ দুখনকৈ উৰণ সেতুৰ নাম ঘোষণা কৰে। ছুপাৰ মাৰ্কেটৰ উৰণ সেতু ভগদত্ত ১ নামেৰে নামাকৰণ আৰু ৰুক্মিণীগাঁৱৰ উৰণ সেতুৰ নাম ভগদত্ত ২ নামেৰে নামাকৰণ কৰে।

ঘৰৰ বেলকনি বা ছাদত পাৰ চৰায়ে কণী পৰাটো শুভ নে অশুভ? জানক...
তুলসী পূজাৰ সময়ত কি কি সামগ্ৰী দিব নালাগে? নীতি-নিয়ম জানক
পুৰুষৰ সোঁ চকু লৰিলে কি সূচায়, নকৰিব মাত্ৰ এই ভুল!
বৈবাহিক জীৱনত স্বামীক সুখী কৰিব পৰা নাই নেকি? তেন্তে খাওক এই খাদ্য!