কামাখ্যা ৰে'লৱে জংচনত উদ্ধাৰ টকা ভৰ্তি বেগ-কাৰ্টুনঃ উদ্ধাৰ বৃহৎ পৰিমাণৰ নগদ ধন | RPF Recovers Huge Cash Haul from Kamakhya Railway Station Platform Assam news - Assam Tv9

কামাখ্যা ৰে’লৱে জংচনত উদ্ধাৰ টকা ভৰ্তি বেগ-কাৰ্টুনঃ উদ্ধাৰ বৃহৎ পৰিমাণৰ নগদ ধন

Published: 

25 Jul 2025 21:43 PM

ৰে’লৱে সুৰক্ষা বাহিনীয়ে আজি গুৱাহাটীৰ মালিগাঁওস্থিত কামাখ্যা ৰে’লৱে জংচনত উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নগদ ধন। এটা গৰাকীবিহীন বেগৰ পৰা এই ধনখনি উদ্ধাৰ কৰা হৈছে।

1 / 5গুৱাহাটী মহানগৰীৰ মালিগাঁওস্থিত কামাখ্যা ৰে'লৱে জংচনত আজি উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। এটা পৰিত্যক্ত অৱস্থাত থকা বেগৰ ভিতৰত এই ধনখিনি উদ্ধাৰ কৰে ৰে'ল সুৰক্ষা বাহিনীয়ে।

গুৱাহাটী মহানগৰীৰ মালিগাঁওস্থিত কামাখ্যা ৰে'লৱে জংচনত আজি উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। এটা পৰিত্যক্ত অৱস্থাত থকা বেগৰ ভিতৰত এই ধনখিনি উদ্ধাৰ কৰে ৰে'ল সুৰক্ষা বাহিনীয়ে।

2 / 5

সূত্ৰ অনুসৰি, জংচনৰ ৪নং প্লেটফৰ্মৰ পৰা এই টকাভৰ্তি কাৰ্টুন সহ বেগটো উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, ৰে'ল সুৰক্ষা বাহিনীয়ে প্লেটফৰ্মত এটা গৰাকীবিহীন বেগ ৰখাৰ খবৰ লাভ কৰিছিল।

3 / 5

উক্ত খবৰৰ ভিত্তিত ক্ৰাইম ইন্টেলিজেন্স ব্ৰাঞ্চৰ পৰিদৰ্শক শ্ৰী বিক্ৰমৰ নেতৃত্বত অভিযান চলোৱা হয়। অভিযানৰ সময়ত প্লেটফৰ্মটোত পৰি থকা অৱস্থাত বেগটো উদ্ধাৰ কৰা হয়। বেগটোৰ ভিতৰত উদ্ধাৰ হয় ২৫লাখ ৮৫ হাজাৰ নগদ ধন।

4 / 5

ইয়াৰ পিছতে ৰে'ল সুৰক্ষা বাহিনীয়ে উদ্ধাৰ হোৱা টকাখিনি জব্দ কৰে। ঘটনা সন্দৰ্ভত ৰে'ল সুৰক্ষা বাহিনীয়ে নিজাববীয়া এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

5 / 5

সম্প্ৰতি জব্দকৃত টকাখিনি গুৱাহাটী আয়কৰ বিষয়াক চমজাই দিছে ৰে'ল সুৰক্ষা বাহিনীয়ে। এই টকাখিনি কি উদ্দেশ্যে আৰু কোনে এইদৰে ষ্টেচনত থয়, সেই সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য প্ৰকাশ পোৱা নাই।

দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?
সঘনাই বমি হোৱাৰ লগতে ভোক কমি গৈছে নেকি ? ই দুৰ্বল যকৃতৰ লক্ষণ হ’ব পাৰে
হাওঁফাওঁৰ কৰ্কট ৰোগৰ এই প্ৰাৰম্ভিক লক্ষণসমূহক আওকাণ নকৰিব, আগতীয়াকৈ ধৰা পেলালে জীৱন ৰক্ষা কৰিব পাৰি