গ্ৰাহকলৈ বিশেষ প্লেন Jioৰঃ মাত্ৰ ৬০১ টকাত এবছৰলৈ লাভ কৰিব আনলিমিটেড 5G ডাটা! | Reliance Jio launched new recharge plan unlimited 5G Data for 1 year in 601 plan Assam news - Assam Tv9

গ্ৰাহকলৈ বিশেষ প্লেন Jioৰঃ মাত্ৰ ৬০১ টকাত এবছৰলৈ লাভ কৰিব আনলিমিটেড 5G ডাটা!

Published: 

26 Dec 2024 18:19 PM

ৰিলায়েঞ্চ জিঅ’ৰ টেলিকম সেৱা ব্যৱহাৰ কৰি থকা গ্ৰাহকসকললৈ এক সুখবৰ। টেলিকম কোম্পানীটোৱে গ্ৰাহকসকললৈ আনিছে এক বিশেষ প্লেন। এই প্লেনৰ জৰিয়তে Jioৰ গ্ৰাহকসকলে মাত্ৰ ৬০১ টকাতে এবছৰলৈ লাভ কৰিব আনলিমিটেড 5G ডাটা। অৱশ্যে এইক্ষেত্ৰত কিছু চৰ্তও আৰোপ কৰিছে কোম্পানীটোৱে। কিদৰে এই সুবিধা লাভ কৰিব, সেই বিষয়ে চাওঁ আহক।

1 / 5নতুন বছৰৰ প্ৰাকক্ষণত মুকেশ আম্বানী মালিকানাধীন টেলিকম কোম্পানী ৰিলায়েঞ্চ জিঅ’ই গ্ৰাহকসকলৰ বাবে এক আকৰ্ষণীয় প্লেন আগবঢ়াইছে। Jio ৰ এই ৰিচাৰ্জ প্লেনৰ দাম ৬০১ টকা। এই প্লেনৰ জৰিয়তে জিঅ’ৰ গ্ৰাহকসকলে এবছৰলৈ আনলিমিটেড 5G ডাটা লাভ কৰিব।

নতুন বছৰৰ প্ৰাকক্ষণত মুকেশ আম্বানী মালিকানাধীন টেলিকম কোম্পানী ৰিলায়েঞ্চ জিঅ’ই গ্ৰাহকসকলৰ বাবে এক আকৰ্ষণীয় প্লেন আগবঢ়াইছে। Jio ৰ এই ৰিচাৰ্জ প্লেনৰ দাম ৬০১ টকা। এই প্লেনৰ জৰিয়তে জিঅ’ৰ গ্ৰাহকসকলে এবছৰলৈ আনলিমিটেড 5G ডাটা লাভ কৰিব।

2 / 5

অৱশ্যে এই প্লেনৰ সুবিধা লাভ কৰাৰ বাবে এক বিশেষ চৰ্তও আৰোপ কৰিছে কোম্পানীটোৱে। সেই চৰ্ত অনুসৰি ৬০১ টকীয়া এই প্লেনৰ দ্বাৰা আনলিমিটেড 5G ডাটাৰ সুবিধা লাভ কৰিবলৈ হ’লে ইতিমধ্যেই আপোনাৰ জিঅ’ ৰিচাৰ্জ প্লেন থাকিব লাগিব।

3 / 5

পূৰ্বৰে পৰা সক্ৰিয় হৈ থকা এই প্লেন প্ৰতিদিনে কমেও ১.৫ জিবি ডাটা থকা প্লেন হ’ব লাগিব। অৰ্থাৎ প্ৰতিদিনে ১.৫ জিবি বা তাতকৈ অধিক ডাটা প্ৰদান কৰা ১৯৯ টকা, ২৩৯ টকা, ২৯৯ টকা আৰু তাৰ ওপৰৰ সকলো প্লেনৰ সৈতে ৬০১ টকা প্লেনৰ সুবিধা লাভ কৰিব পাৰিব।

4 / 5

যদি আপোনাৰ সক্ৰিয় প্লেনত মাত্ৰ ১ জিবি দৈনিক ডাটাহে লাভ কৰে তেতিয়া আপুনি ৬০১ টকাৰ প্লেনটোৰ সুবিধা লাভ কৰিব নোৱাৰিব। ৬০১ টকীয়া প্লেন ক্ৰয়ৰ পিছত আপুনি ১২টা ভাউচাৰ পাব। এই ভাউচাৰবোৰ আপুনি My Jio app ত দেখিব। ভাউচাৰ ৰিডিম কৰাৰ পিছত আপুনি সীমাহীন 5G ডাটাৰ সুবিধা উপভোগ কৰিব পাৰিব।

5 / 5

ভাউচাৰৰ সৰ্বোচ্চ বৈধতা মাত্ৰ ৩০ দিন। উদাহৰণস্বৰূপে, ধৰি লওক আপোনাৰ বেচ প্লেনৰ বৈধতা ২৮ দিনৰ বাবে, তেন্তে ভাউচাৰটোও কেৱল ২৮ দিনৰ বাবে সক্ৰিয় হৈ থাকিব। তাৰ পিছত আপুনি আন এটা ভাউচাৰ সক্ৰিয় কৰিব লাগিব।

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...