ৰঙিয়াত চাঞ্চল্য! ব্যৱসায়ীক গুলীচালনা কৰি পলায়ন দুৰ্বৃত্তৰ... | rangia firing case police investigation going on assam Assam news - Assam Tv9

ৰঙিয়াত চাঞ্চল্য! ব্যৱসায়ীক গুলীচালনা কৰি পলায়ন দুৰ্বৃত্তৰ…

Published: 

27 Aug 2025 | 10:38 PM

ৰঙিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বাইকেৰে আহি দুৰ্বৃত্তই এজন ব্যৱসায়ীক গুলীয়াই থৈ যায়। লগে লগে তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে তেওঁ।

1 / 5ৰঙিয়াত সংঘটিত হৈছে এক ডাঙৰ ঘটনা। অচিনাক্ত ব্যক্তিয়ে গুলীয়ালে এজন ব্যৱসায়ীক। ৰঙিয়াৰ সমীপৰ জামতোলাত সংঘটিত হৈছে এই ঘটনা। গুলীচালনাত আহত গোগমালাচাৰ মতলিব আলী ওৰফে বাবু নামৰ লোকজন।

ৰঙিয়াত সংঘটিত হৈছে এক ডাঙৰ ঘটনা। অচিনাক্ত ব্যক্তিয়ে গুলীয়ালে এজন ব্যৱসায়ীক। ৰঙিয়াৰ সমীপৰ জামতোলাত সংঘটিত হৈছে এই ঘটনা। গুলীচালনাত আহত গোগমালাচাৰ মতলিব আলী ওৰফে বাবু নামৰ লোকজন।

2 / 5

জানিব পৰা মতে,এক জাই গুলী চলাই বাইকত পলায়ন কৰে দুৰ্বৃত্তই। সেই সময়ত মতলিব আলী আৰু ছাইদুল বাইকেৰে গৈ আছিল বতাকুছি অভিমুখে। কিন্তু আদবাটতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

3 / 5

এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। লগে লগে সেই স্থানত স্থানীয় লোক উপস্থিত হৈ ভুক্তভোগীক এখন ব্যক্তিগত হাস্পাতালত ভৰ্তি কৰোৱাৰ লগে আৰক্ষীক খবৰ দিয়ে।

4 / 5

বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ভুক্তভোগী। পিঠিত গুলী লাগিছে ব্যৱসায়ীজনৰ। এই ঘটনাৰ জড়িত ব্যক্তিক বিচাৰি উলিয়াবলৈ দাবী জনাইছে ৰাইজে।

5 / 5

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব যে কোনে, কিয় এই কাণ্ড সংঘটিত কৰিলে। এতিয়ালৈকে এই কাণ্ডৰ কাৰণ পোহৰলৈ অহা নাই।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি