৯ বছৰীয়া বিবাহ বাৰ্ষিকীত প্ৰয়াত ৰাজীৱ শদিয়ালৈ বুলি পত্নীৰ বিশেষ পোষ্ট | Rajib sadia marriage anniversary wife facebook post assam Assam news - Assam Tv9

৯ বছৰীয়া বিবাহ বাৰ্ষিকীত প্ৰয়াত ৰাজীৱ শদিয়ালৈ বুলি পত্নীৰ বিশেষ পোষ্ট

Published: 

28 Jan 2025 | 03:57 PM

কিছুদিন পূৰ্বে অকাল মৃত্যুক সাৱতি লৈছিল জনপ্ৰিয় শিল্পী ৰাজীৱ শদিয়াই। শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে সমগ্ৰ ৰাজ্যই শোক প্ৰকাশ কৰিছিল। কিন্তু আজি শদিয়াৰ পত্নীয়ে কৰিছে এটা বিশেষ পোষ্ট।

1 / 5কিছুদিন পূৰ্বে সকলোকে কন্দুৱাই অকাল মৃত্যুক সাৱতি লৈছিল শিল্পী ৰাজীৱ শদিয়াই। জনতাৰ গায়ক হিচাপে পৰিচিত ৰাজীৱ শদিয়াৰ মৃত্যুত ব্যক্তি বিশেষৰ পৰা দল সংগঠনলৈ বিভিন্নজনে শোক প্ৰকাশ কৰিছিল।

কিছুদিন পূৰ্বে সকলোকে কন্দুৱাই অকাল মৃত্যুক সাৱতি লৈছিল শিল্পী ৰাজীৱ শদিয়াই। জনতাৰ গায়ক হিচাপে পৰিচিত ৰাজীৱ শদিয়াৰ মৃত্যুত ব্যক্তি বিশেষৰ পৰা দল সংগঠনলৈ বিভিন্নজনে শোক প্ৰকাশ কৰিছিল।

2 / 5

কিন্তু আজি ৰাজীৱ শদিয়াক স্মৰণ কৰি পত্নীয়ে কৰিছে এটা বিশেষ পোষ্ট। ২৮ জানুৱাৰী, এই বিশেষ দিনটোত ৰাজীৱ শদিয়াৰ পত্নীয়ে প্ৰয়াত স্বামীলৈ বুলি লিখিছে এক বিশেষ পোষ্ট। আজি ৰাজীৱ শদিয়া আৰু পত্নী উপাসনাৰ আজি বিবাহ বাৰ্ষিকী।

3 / 5

ন বছৰীয়া বিবাহবাৰ্ষিকীত ৰাজীৱ শদিয়াৰ পত্নীয়ে লিখিছে- ভালপাঁও তোমাক/ভালপাই থাকিম/ওৰেটো জীৱন মই/তোমাকে সঁপিম ।।/তুমি নাথাকিলেও/মোৰে কাষত/নিসংগতাক সাৱটিম/তুমিয়ে বুলি ।।/ তোমাৰ এটি গীতৰ কলিৰে ন বছৰীয়া যুগ্মজীৱনৰ শুভাষা যাঁচিলো।

4 / 5

পত্নীৰ এই পোষ্টটোত বিভিন্নজনে তেওঁক শুভকামনা জনাইছে। একাংশই কৈছে, ৰাজীৱ নাথাকিলেও অসমবাসী তেওঁৰ লগত আছে। উল্লেখ্য যে মাঘ বিহুৰ উৰুকাৰ দিনা মঞ্চত গান গাই থাকোতে অসুস্থ হৈ পৰিছিল ৰাজীৱ শদিয়া। পৰৱৰ্তী সময়ত তেওঁ মৃত্যুক সাৱতি লৈছিল।

5 / 5

শদিয়াৰ মৃত্যুৰ পাছত বিভিন্নজনে তেওঁৰ পৰিয়ালৰ লোকক সংস্থাপন দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰিছিল। তাৰ পাছতে শেহতীয়াকৈ অসম চৰকাৰে শইকীয়াৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...